পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

Share This Article

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া ভেংকট ৰাও পোচিনা আৰু কেবাটাও প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতা কোম্পেনীৰ ফোনো পেগাছাছৰ টাৰ্গেটত আছিল ৷

তালিকা ইমানতে শেষ হোৱা নাই ৷ তিনি বছৰ পূৰ্বে চি বি আইৰ তদানীন্তন সঞ্চালক আলোক বাৰ্মাৰ ফোনো পেগাছাছ স্পাইৱেৰৰ জড়িয়তে হেক কৰিব বিচৰা হৈছিল ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল , ৰাফাল চুক্তিৰ চি বি আই তদন্ত ঘোষণা হোৱাৰ আশংকা কৰিয়েই সেই সময়ত আলোক বাৰ্মাৰ স্থানত প্ৰধানমন্ত্ৰীৰ ঘণিষ্ঠ হিচাপে পৰিচিত ৰাকেশ আস্থানাক নিযুক্তি দিয়াৰ চেষ্টা চলোৱা হৈছিল ৷ এই লৈ আস্থানা আৰু বাৰ্মাৰ মাজৰ সংঘাতে চৰম পৰ্যায় পোৱাত ২০১৮ চনৰ ২৩ অক্টোবৰত দুয়োজনকে বাধ্যতামূলক ছুটী প্ৰদান কৰা হৈছিল ৷ সেই সময়তে আলোক বাৰ্মা , তেওৰ পত্নী আৰু কন্যাৰ ফোন হেকিঙৰ তালিকাত সন্নিবিষ্ট কৰা হয় ৷

তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ ঘণিষ্ঠ একাধিক লোকৰ ফোন নম্বৰো আছিল পেগাছাছৰ টাৰ্গেট লিষ্টত ৷ ইয়াৰ ভিতৰত দিল্লীত থকা দালাই লামাৰ দীৰ্ঘদিনৰ দূত টেম্পা চেৰিঙ , পৰৱৰ্তী দালাই লামা নিৰ্বাচনৰ দায়িত্ব প্ৰাপ্ত ট্ৰাষ্টৰ প্ৰধান চমধং ৰিনপোচে  ,তিব্বতী চৰকাৰৰ প্ৰাক্তণ প্ৰধান লোবচাং সাংগে আদিৰ ফোন নম্বৰো ফাদিল হোৱা তালিকাত পোৱা গৈছে ৷

উল্লেখ্য যে , চিবি আইৰ প্ৰাক্তণ সঞ্চালক আলোক বাৰ্মা কোনোদিনে প্ৰধানমন্ত্ৰীৰ গুডবুকত নাছিল ৷ কাৰণ , ৰাফাল ক্ৰয়ৰ বাবে ফ্ৰান্সৰ লগত চুক্তি হোৱা সময়তেই অভিযোগ উঠিছিল যে ৰাষ্ট্ৰীয় সংস্থা ‘হাল”ৰ সলনি অহেতুকভাবে অনিল আম্বানীৰ সংস্থাই ইয়াৰ দায়িত্ব লাভ কৰিছিল ৷ সেই সময়ত বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী অৰুণ শ্বোৰীয়ে চি বি আইক সকলো নথি পত্ৰ জমা দিছিল ৷ প্ৰধানমন্ত্ৰীয়ে ৰাফাল ক্ৰয়ত কোনো দুৰ্নীতি হোৱা নাই বুলি দাবী কৰিলেও চি বি আইৰ সঞ্চালকে তদন্তৰ দাবী খাৰিজ কৰি দিয়া নাছিল ৷ সেয়ে হয়তো পেগাছাছৰ মাধ্যমেৰে তেওৰ ওপৰত নজৰ ৰখাৰ ব্যৱস্থা কৰা হৈছিল ৷  ইপিনে , চীনক চাপত ৰাখিবৰ বাবে দালাই লামাই হৈছে ভাৰতৰ অন্যতম কূটনৈতিক সম্পদ ৷ গতিকে তেওৰ চালচলনো হয়তো নজৰবন্দী কৰা হৈছিল ৷

কি এই পেগাছাছ ?

পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও আপোনাৰ ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.