সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া ভেংকট ৰাও পোচিনা আৰু কেবাটাও প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতা কোম্পেনীৰ ফোনো পেগাছাছৰ টাৰ্গেটত আছিল ৷

তালিকা ইমানতে শেষ হোৱা নাই ৷ তিনি বছৰ পূৰ্বে চি বি আইৰ তদানীন্তন সঞ্চালক আলোক বাৰ্মাৰ ফোনো পেগাছাছ স্পাইৱেৰৰ জড়িয়তে হেক কৰিব বিচৰা হৈছিল ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল , ৰাফাল চুক্তিৰ চি বি আই তদন্ত ঘোষণা হোৱাৰ আশংকা কৰিয়েই সেই সময়ত আলোক বাৰ্মাৰ স্থানত প্ৰধানমন্ত্ৰীৰ ঘণিষ্ঠ হিচাপে পৰিচিত ৰাকেশ আস্থানাক নিযুক্তি দিয়াৰ চেষ্টা চলোৱা হৈছিল ৷ এই লৈ আস্থানা আৰু বাৰ্মাৰ মাজৰ সংঘাতে চৰম পৰ্যায় পোৱাত ২০১৮ চনৰ ২৩ অক্টোবৰত দুয়োজনকে বাধ্যতামূলক ছুটী প্ৰদান কৰা হৈছিল ৷ সেই সময়তে আলোক বাৰ্মা , তেওৰ পত্নী আৰু কন্যাৰ ফোন হেকিঙৰ তালিকাত সন্নিবিষ্ট কৰা হয় ৷

- Donation -

তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ ঘণিষ্ঠ একাধিক লোকৰ ফোন নম্বৰো আছিল পেগাছাছৰ টাৰ্গেট লিষ্টত ৷ ইয়াৰ ভিতৰত দিল্লীত থকা দালাই লামাৰ দীৰ্ঘদিনৰ দূত টেম্পা চেৰিঙ , পৰৱৰ্তী দালাই লামা নিৰ্বাচনৰ দায়িত্ব প্ৰাপ্ত ট্ৰাষ্টৰ প্ৰধান চমধং ৰিনপোচে  ,তিব্বতী চৰকাৰৰ প্ৰাক্তণ প্ৰধান লোবচাং সাংগে আদিৰ ফোন নম্বৰো ফাদিল হোৱা তালিকাত পোৱা গৈছে ৷

উল্লেখ্য যে , চিবি আইৰ প্ৰাক্তণ সঞ্চালক আলোক বাৰ্মা কোনোদিনে প্ৰধানমন্ত্ৰীৰ গুডবুকত নাছিল ৷ কাৰণ , ৰাফাল ক্ৰয়ৰ বাবে ফ্ৰান্সৰ লগত চুক্তি হোৱা সময়তেই অভিযোগ উঠিছিল যে ৰাষ্ট্ৰীয় সংস্থা ‘হাল”ৰ সলনি অহেতুকভাবে অনিল আম্বানীৰ সংস্থাই ইয়াৰ দায়িত্ব লাভ কৰিছিল ৷ সেই সময়ত বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী অৰুণ শ্বোৰীয়ে চি বি আইক সকলো নথি পত্ৰ জমা দিছিল ৷ প্ৰধানমন্ত্ৰীয়ে ৰাফাল ক্ৰয়ত কোনো দুৰ্নীতি হোৱা নাই বুলি দাবী কৰিলেও চি বি আইৰ সঞ্চালকে তদন্তৰ দাবী খাৰিজ কৰি দিয়া নাছিল ৷ সেয়ে হয়তো পেগাছাছৰ মাধ্যমেৰে তেওৰ ওপৰত নজৰ ৰখাৰ ব্যৱস্থা কৰা হৈছিল ৷  ইপিনে , চীনক চাপত ৰাখিবৰ বাবে দালাই লামাই হৈছে ভাৰতৰ অন্যতম কূটনৈতিক সম্পদ ৷ গতিকে তেওৰ চালচলনো হয়তো নজৰবন্দী কৰা হৈছিল ৷

কি এই পেগাছাছ ?

পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও আপোনাৰ ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

Leave A Reply

Your email address will not be published.