সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ?

ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয় দল বিজেপিয়ে ডিফেণ্ডাৰ হিচাপে আগবঢ়াই দিছে শাসনত থকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক ৷ সেই অনুসৰি মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই  দিছপুৰত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত তেও কয় যে পেগাছাছ বিতৰ্ক ভাৰতৰ বিৰুদ্ধে এক আন্তৰ্জাতিক ষড়যন্ত্ৰ ৷  এক বিশেষ চক্ৰই সংসদীয় গণতন্ত্ৰত কুঠাৰাঘাত কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ৷ ভাৰতৰ বদনাম কৰিবলৈ বিচৰা হৈছে ৷ ড: শৰ্মাৰ মতে দেশখনে যেতিয়াই ভাল কাম কৰিবলৈ লয় , তেতিয়াই ষড়যন্ত্ৰকাৰী সক্ৰিয় হৈ উঠে ৷  নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়ালৈকে ৪০ কৌটিৰো অধিক লোকক ভেকচিন প্ৰদান কৰিছে ৷ ভেকচিন প্ৰদানত চৰকাৰ সফল হোৱা বাবেই আন্তৰ্জাতিক চক্ৰটো চৰকাৰক বদনাম কৰিবলৈ উঠি পৰি লাগিছে ৷  অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিৰোধীয়ে ফোন টেপ হোৱা বুলি অভিযোগ আনিছে যদিও কোনো প্ৰমান দিব পৰা নাই ৷ কোনো হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষাও সম্পন্ন হোৱা নাই ৷ যদি ফোন টেপ হোৱা বুলি ভাবেই তেনেহ’লে ৰাহুল গান্ধীয়ে এজাহাৰ কিয় দাখিল কৰা নাই বুলিও ড: শৰ্মাই প্ৰশ্ন কৰে ৷ একেখন সংবাদমেলতে তেও লগতে কয় যে এমনেষ্টী ইন্টাৰনেচনেল নামৰ যিটো সংস্থাই পেগাছাছৰ টাৰ্গে ট হোৱা ফোন নম্বৰৰ তালিকা ৰাজহুৱা কৰিছে , সেই সংস্থাটো বাও সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৷ তেওলোকক ভাৰতত নিষিদ্ধ কৰিব লাগে ৷

- Donation -

কি এই পেগাছাছ ?

পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও আপোনাৰ ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

কোনে উত্থাপন কৰিছে অভিযোগ ?

ভাৰতৰ বিৰোধী নেতা , সাংবাদিকৰ লগতে বচা বচা লোকৰ ফোন পেগাছাছৰ টাৰ্গেট হোৱা বুলি কোনো বিৰোধী দলে অভিযোগ অনা নাই ৷ এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে  ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷ ইয়াৰ লগে লগে সৰৱ হৈ পৰে বিৰোধী দলসমূহ ৷ কিয়নো , যিহেতু পেগাছাছ কেৱল চৰকাৰেহে ক্ৰয় কৰিব পাৰে , গতিকে ভাৰত চৰকাৰে এই ছফটৱেৰ ক্ৰয় কৰি নিজ দেশৰ নাগৰিকৰ ওপৰত চোৰাংচোৱাগিৰিত ব্যৱহাৰ কৰিছে নেকি , তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে ৷ কিন্তু ভাৰতে  পেগাছাছ ক্ৰয় কৰিছে নে নাই – তাৰ পোনপটীয়া জবাব দিয়াৰ পৰা চৰকাৰ  আঁতৰি আছে ৷ইয়াৰ বিপৰীতে বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ দ্বাৰা সংবাদমেল অনুষ্ঠিত কৰি ইয়াক ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰূপে আখ্যা দিছে ৷ বিজেপিৰ ৰক্ষণাবেক্ষণৰ বাবে মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইও অনুৰূপ মন্তব্য কৰে ৷

হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

পেগাছাছ বিতৰ্ক সন্দৰ্ভত ড: হিমন্ত বিশ্ব শৰ্মাই বহু কথাই ক’লে , কিন্তু কেতবোৰ কথা নোকোৱাকৈ ৰৈ গ’ল ৷ ড: শৰ্মাৰ মতে এয়া ভাৰতৰ বিৰুদ্ধে এক আন্তৰ্জাতিক ষড়যন্ত্ৰ ৷ অথচ প্ৰকৃত কথাটো হ’ল – পেগাছাছৰ সহায়ত চোৰাংছোৱাগিৰিৰ অভিযোগ কেৱল ভাৰতৰ বিৰুদ্ধে উত্থাপন হোৱা নাই ৷ ভাৰতৰ বাহিৰেও বাহৰেইন , হাংগেৰী  , মৰক্কো , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ , আৰৱ আমিৰশ্বাহী আজেৰবাইজান আদি কেবাখনো দেশৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপন হৈছে ৷ পেগাছাছৰ টৰ্গেট হোৱা যি ৫০ হাজাৰ ফোন নম্বৰৰ তালিকা ফাদিল হৈছে , তাৰ কেৱল ৩০০ মান নম্বৰহে ভাৰতৰ ৷ বাকী নম্বৰসমূহ আন দেশৰ ৷ গতিকে ইয়াক কেৱল ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি কোৱাটো কোনো কাৰণতে উচিত নহয় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে এই তালিকা প্ৰকাশ কৰা এমনেষ্টী নামৰ সংস্থাটো বাও সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৷ কিন্তু  একেটা সংস্থাৰ সম্পৰ্ক পূৰ্বৰ ইউ পি এ চৰকাৰৰ লগতো ভাল নাছিল ৷ মানৱ অধিকাৰ সংস্থাসমূহৰ বিভিন্ন চৰকাৰৰ লগত অহি – নকুল সম্পৰ্ক থাকেই ৷ কিন্তু এই তালিকা কেৱল এমনেষ্টীয়ে প্ৰকাশ কৰা নাই ৷ একেসময়তে তালিকাখন লাভ কৰিছিল ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ’য়েও ৷ তেওলোকৰ লগত পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল ব্ৰিটেইনৰ “দ্য গাৰ্ডিয়ান’ , ইউ এছ এৰ ‘ৱাছিঙটন পোষ্ট ‘ আদিৰ দৰে প্ৰতিষ্ঠিত বাতৰি কাকত ৷ গতিকে এমনেষ্টীৰ দোহাই দি এই গুৰুতৰ অভিযোগৰ পৰা মূৰ পোলোকা মৰা মুঠেও সমীচিন নহ’ব ৷ ড: শৰ্মাৰ মতে – ৰাহুল গান্ধীয়ে এজাহাৰ দাখিল কৰিব লাগে ৷ মোবাইল হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষা কৰিব লাগে ৷ কিন্তু তালিকাত কেৱল ৰাহুল গান্ধী বা বিৰোধী নেতাৰ নাম নাই ৷ মোদী মন্ত্ৰীসভাৰ দুজন মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেলকে ধৰি দুই ডজন প্ৰতিষ্ঠিত সাংবাদিকৰো নাম আছে  ৷ আনকি , উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তোলা পৰিয়ালটোৰ ফোন নম্বৰো পেগাছাছৰ টাৰ্গেট লিষ্টত আছে ৷ গতিকে , এয়া কেৱল ৰাহুল গান্ধী বা বিৰোধী দলৰ মাজত সীমাৱদ্ধ এটা অভিযোগ নহয় ৷ পেগাছাছ বিতৰ্কৰ বহুমুখী মাত্ৰা আছে ৷ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত আৰু যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানৰ বিপৰীতে , এখন এজাহাৰৰ মাজত সামৰি থ’ব পৰাকৈ এয়া ইমান সৰু অভিযোগ নহয় ৷ কাৰণ , ইয়াৰ লগত গোপনীয়তাৰ অধিকাৰৰ লগত ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্নও জড়িত হৈ আছে ৷ কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়সমূহ মঙলবাৰৰ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই এৰাই যোৱা দেখা গ’ল ৷

চৰকাৰে উত্তৰ নিদিয়ে কিয় ?

পেগাছাছ বিতৰ্কই আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ কি প্ৰতিচ্ছবি দাঙি ধৰিছে , তাক নতুনকৈ উল্লেখ কৰাৰ দৰকাৰ নাই ৷ এনে পৰিস্থিতিত চৰকাৰে নিজাববীয়া তদন্তৰে বিৰোধী , জনসাধাৰণ সকলোৰে আস্থা ঘূৰাই অনাৰ ব্যৱস্থা ল’ব লাগিছিল ৷ কিন্তু পেগাছাছৰ নাম ওলালেই কেন্দ্ৰীয় চৰকাৰখনে সদায়ে মূৰ পোলোকা মাৰে ৷ ২০১৯ চনৰ ৩০ অক্টোবৰত ফেচবুকৰ পৰা অভিযোগ উত্থাপন কৰা হ’ল যে ভাৰতৰ নাগৰিকৰ হোৱাটছ এপত নজৰ ৰাখিবৰ বাবে পেগাছাছৰ ব্যৱহাৰ কৰা হৈছে ৷ অভিযোগৰ কাড় লাগিলগৈ ভাৰত চৰকাৰৰ গাত ৷ কিয়নো , কেৱল চৰকাৰেহে পেগাছাছ ক্ৰয় কৰিব পাৰে ৷ সংসদৰ শীতকালীন অধিৱেশনৰ ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ দিগ্বিজয় সিঙ আৰু জয়ৰাম ৰমেশে চৰকাৰক পোনপটীয়া প্ৰশ্ন কৰিলে যে ভাৰত চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে নে কৰা নাই ৷ তেতিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল ৰবিশংকৰ প্ৰসাদ ৷ প্ৰসাদে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি কেৱল এইদৰে ক’লে- ভাৰতত অবৈধ চোৰাংচোৱাগিৰি হোৱা নাই ৷ কিন্তু প্ৰশ্ন সেইটো নাছিলেই ৷ পেগাছাছ কিনাৰ প্ৰশ্নত ভাৰত চৰকাৰ ৰহস্যজনকভাৱে নিমাত ৷ আকৌ এবাৰ সংসদত যেতিয়া পেগাছাছৰ বিতৰ্ক উত্থাপন হ’ল এইবাৰ নতুন তথ্য – সম্প্ৰচাৰ মন্ত্ৰীৰো একেই ভাষ্য – ভাৰতত কঠোৰ আই টি এক্ট আছে ৷ ইয়াত কাৰোবাৰ ফোনৰ ওপৰত অবৈধ নজৰদাৰী হ’ব নোৱাৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মতেও এয়া ভাৰতৰ বিকাশত বাধা দিব বিচৰা শক্তিৰ ষড়যন্ত্ৰ ৷ মুঠৰ ওপৰত – অমিত শ্বাহ , ৰবিশংকৰ প্ৰসাদ , অশ্বিনী বৈষ্ণৱৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ কোনেও উত্তৰ দিব বিচৰা নাই যে ভাৰতে আচলতে পেগাছাছ ছফটৱেৰ কিনিছেনে নাই ? এন এছ ওৰ গ্ৰাহকৰ তালিকাত ভাৰত আছে নে নাই ? শাসকীয় দলৰ এই ৰহস্যজনক মৌনতাই সন্দেহ আৰু ঘণীভূত কৰি তোলে ৷ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধীৰ মোবাইল হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষা কৰিলেই সকলো পৰিষ্কাৰ হৈ পৰিব ৷ কিন্তু তেও একেসমতে এটা প্ৰশ্ন এৰাই গ’ল যে এক নিৰপেক্ষ তদন্ত , যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানেও সকলো কথা পৰিষ্কাৰ কৰি তুলিব পাৰে ৷ অথচ ভাৰত চৰকাৰে এই গুৰুতৰ অভিযোগৰ তদন্ত কিয় নকৰে ,সেয়া এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.