পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

Share This Article

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ?

ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয় দল বিজেপিয়ে ডিফেণ্ডাৰ হিচাপে আগবঢ়াই দিছে শাসনত থকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক ৷ সেই অনুসৰি মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই  দিছপুৰত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত তেও কয় যে পেগাছাছ বিতৰ্ক ভাৰতৰ বিৰুদ্ধে এক আন্তৰ্জাতিক ষড়যন্ত্ৰ ৷  এক বিশেষ চক্ৰই সংসদীয় গণতন্ত্ৰত কুঠাৰাঘাত কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ৷ ভাৰতৰ বদনাম কৰিবলৈ বিচৰা হৈছে ৷ ড: শৰ্মাৰ মতে দেশখনে যেতিয়াই ভাল কাম কৰিবলৈ লয় , তেতিয়াই ষড়যন্ত্ৰকাৰী সক্ৰিয় হৈ উঠে ৷  নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়ালৈকে ৪০ কৌটিৰো অধিক লোকক ভেকচিন প্ৰদান কৰিছে ৷ ভেকচিন প্ৰদানত চৰকাৰ সফল হোৱা বাবেই আন্তৰ্জাতিক চক্ৰটো চৰকাৰক বদনাম কৰিবলৈ উঠি পৰি লাগিছে ৷  অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিৰোধীয়ে ফোন টেপ হোৱা বুলি অভিযোগ আনিছে যদিও কোনো প্ৰমান দিব পৰা নাই ৷ কোনো হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষাও সম্পন্ন হোৱা নাই ৷ যদি ফোন টেপ হোৱা বুলি ভাবেই তেনেহ’লে ৰাহুল গান্ধীয়ে এজাহাৰ কিয় দাখিল কৰা নাই বুলিও ড: শৰ্মাই প্ৰশ্ন কৰে ৷ একেখন সংবাদমেলতে তেও লগতে কয় যে এমনেষ্টী ইন্টাৰনেচনেল নামৰ যিটো সংস্থাই পেগাছাছৰ টাৰ্গে ট হোৱা ফোন নম্বৰৰ তালিকা ৰাজহুৱা কৰিছে , সেই সংস্থাটো বাও সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৷ তেওলোকক ভাৰতত নিষিদ্ধ কৰিব লাগে ৷

কি এই পেগাছাছ ?

পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও আপোনাৰ ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

কোনে উত্থাপন কৰিছে অভিযোগ ?

ভাৰতৰ বিৰোধী নেতা , সাংবাদিকৰ লগতে বচা বচা লোকৰ ফোন পেগাছাছৰ টাৰ্গেট হোৱা বুলি কোনো বিৰোধী দলে অভিযোগ অনা নাই ৷ এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে  ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷ ইয়াৰ লগে লগে সৰৱ হৈ পৰে বিৰোধী দলসমূহ ৷ কিয়নো , যিহেতু পেগাছাছ কেৱল চৰকাৰেহে ক্ৰয় কৰিব পাৰে , গতিকে ভাৰত চৰকাৰে এই ছফটৱেৰ ক্ৰয় কৰি নিজ দেশৰ নাগৰিকৰ ওপৰত চোৰাংচোৱাগিৰিত ব্যৱহাৰ কৰিছে নেকি , তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে ৷ কিন্তু ভাৰতে  পেগাছাছ ক্ৰয় কৰিছে নে নাই – তাৰ পোনপটীয়া জবাব দিয়াৰ পৰা চৰকাৰ  আঁতৰি আছে ৷ইয়াৰ বিপৰীতে বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ দ্বাৰা সংবাদমেল অনুষ্ঠিত কৰি ইয়াক ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰূপে আখ্যা দিছে ৷ বিজেপিৰ ৰক্ষণাবেক্ষণৰ বাবে মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইও অনুৰূপ মন্তব্য কৰে ৷

হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

পেগাছাছ বিতৰ্ক সন্দৰ্ভত ড: হিমন্ত বিশ্ব শৰ্মাই বহু কথাই ক’লে , কিন্তু কেতবোৰ কথা নোকোৱাকৈ ৰৈ গ’ল ৷ ড: শৰ্মাৰ মতে এয়া ভাৰতৰ বিৰুদ্ধে এক আন্তৰ্জাতিক ষড়যন্ত্ৰ ৷ অথচ প্ৰকৃত কথাটো হ’ল – পেগাছাছৰ সহায়ত চোৰাংছোৱাগিৰিৰ অভিযোগ কেৱল ভাৰতৰ বিৰুদ্ধে উত্থাপন হোৱা নাই ৷ ভাৰতৰ বাহিৰেও বাহৰেইন , হাংগেৰী  , মৰক্কো , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ , আৰৱ আমিৰশ্বাহী আজেৰবাইজান আদি কেবাখনো দেশৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপন হৈছে ৷ পেগাছাছৰ টৰ্গেট হোৱা যি ৫০ হাজাৰ ফোন নম্বৰৰ তালিকা ফাদিল হৈছে , তাৰ কেৱল ৩০০ মান নম্বৰহে ভাৰতৰ ৷ বাকী নম্বৰসমূহ আন দেশৰ ৷ গতিকে ইয়াক কেৱল ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি কোৱাটো কোনো কাৰণতে উচিত নহয় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে এই তালিকা প্ৰকাশ কৰা এমনেষ্টী নামৰ সংস্থাটো বাও সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৷ কিন্তু  একেটা সংস্থাৰ সম্পৰ্ক পূৰ্বৰ ইউ পি এ চৰকাৰৰ লগতো ভাল নাছিল ৷ মানৱ অধিকাৰ সংস্থাসমূহৰ বিভিন্ন চৰকাৰৰ লগত অহি – নকুল সম্পৰ্ক থাকেই ৷ কিন্তু এই তালিকা কেৱল এমনেষ্টীয়ে প্ৰকাশ কৰা নাই ৷ একেসময়তে তালিকাখন লাভ কৰিছিল ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ’য়েও ৷ তেওলোকৰ লগত পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল ব্ৰিটেইনৰ “দ্য গাৰ্ডিয়ান’ , ইউ এছ এৰ ‘ৱাছিঙটন পোষ্ট ‘ আদিৰ দৰে প্ৰতিষ্ঠিত বাতৰি কাকত ৷ গতিকে এমনেষ্টীৰ দোহাই দি এই গুৰুতৰ অভিযোগৰ পৰা মূৰ পোলোকা মৰা মুঠেও সমীচিন নহ’ব ৷ ড: শৰ্মাৰ মতে – ৰাহুল গান্ধীয়ে এজাহাৰ দাখিল কৰিব লাগে ৷ মোবাইল হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষা কৰিব লাগে ৷ কিন্তু তালিকাত কেৱল ৰাহুল গান্ধী বা বিৰোধী নেতাৰ নাম নাই ৷ মোদী মন্ত্ৰীসভাৰ দুজন মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেলকে ধৰি দুই ডজন প্ৰতিষ্ঠিত সাংবাদিকৰো নাম আছে  ৷ আনকি , উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তোলা পৰিয়ালটোৰ ফোন নম্বৰো পেগাছাছৰ টাৰ্গেট লিষ্টত আছে ৷ গতিকে , এয়া কেৱল ৰাহুল গান্ধী বা বিৰোধী দলৰ মাজত সীমাৱদ্ধ এটা অভিযোগ নহয় ৷ পেগাছাছ বিতৰ্কৰ বহুমুখী মাত্ৰা আছে ৷ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত আৰু যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানৰ বিপৰীতে , এখন এজাহাৰৰ মাজত সামৰি থ’ব পৰাকৈ এয়া ইমান সৰু অভিযোগ নহয় ৷ কাৰণ , ইয়াৰ লগত গোপনীয়তাৰ অধিকাৰৰ লগত ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্নও জড়িত হৈ আছে ৷ কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়সমূহ মঙলবাৰৰ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই এৰাই যোৱা দেখা গ’ল ৷

চৰকাৰে উত্তৰ নিদিয়ে কিয় ?

পেগাছাছ বিতৰ্কই আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ কি প্ৰতিচ্ছবি দাঙি ধৰিছে , তাক নতুনকৈ উল্লেখ কৰাৰ দৰকাৰ নাই ৷ এনে পৰিস্থিতিত চৰকাৰে নিজাববীয়া তদন্তৰে বিৰোধী , জনসাধাৰণ সকলোৰে আস্থা ঘূৰাই অনাৰ ব্যৱস্থা ল’ব লাগিছিল ৷ কিন্তু পেগাছাছৰ নাম ওলালেই কেন্দ্ৰীয় চৰকাৰখনে সদায়ে মূৰ পোলোকা মাৰে ৷ ২০১৯ চনৰ ৩০ অক্টোবৰত ফেচবুকৰ পৰা অভিযোগ উত্থাপন কৰা হ’ল যে ভাৰতৰ নাগৰিকৰ হোৱাটছ এপত নজৰ ৰাখিবৰ বাবে পেগাছাছৰ ব্যৱহাৰ কৰা হৈছে ৷ অভিযোগৰ কাড় লাগিলগৈ ভাৰত চৰকাৰৰ গাত ৷ কিয়নো , কেৱল চৰকাৰেহে পেগাছাছ ক্ৰয় কৰিব পাৰে ৷ সংসদৰ শীতকালীন অধিৱেশনৰ ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ দিগ্বিজয় সিঙ আৰু জয়ৰাম ৰমেশে চৰকাৰক পোনপটীয়া প্ৰশ্ন কৰিলে যে ভাৰত চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে নে কৰা নাই ৷ তেতিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল ৰবিশংকৰ প্ৰসাদ ৷ প্ৰসাদে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি কেৱল এইদৰে ক’লে- ভাৰতত অবৈধ চোৰাংচোৱাগিৰি হোৱা নাই ৷ কিন্তু প্ৰশ্ন সেইটো নাছিলেই ৷ পেগাছাছ কিনাৰ প্ৰশ্নত ভাৰত চৰকাৰ ৰহস্যজনকভাৱে নিমাত ৷ আকৌ এবাৰ সংসদত যেতিয়া পেগাছাছৰ বিতৰ্ক উত্থাপন হ’ল এইবাৰ নতুন তথ্য – সম্প্ৰচাৰ মন্ত্ৰীৰো একেই ভাষ্য – ভাৰতত কঠোৰ আই টি এক্ট আছে ৷ ইয়াত কাৰোবাৰ ফোনৰ ওপৰত অবৈধ নজৰদাৰী হ’ব নোৱাৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মতেও এয়া ভাৰতৰ বিকাশত বাধা দিব বিচৰা শক্তিৰ ষড়যন্ত্ৰ ৷ মুঠৰ ওপৰত – অমিত শ্বাহ , ৰবিশংকৰ প্ৰসাদ , অশ্বিনী বৈষ্ণৱৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ কোনেও উত্তৰ দিব বিচৰা নাই যে ভাৰতে আচলতে পেগাছাছ ছফটৱেৰ কিনিছেনে নাই ? এন এছ ওৰ গ্ৰাহকৰ তালিকাত ভাৰত আছে নে নাই ? শাসকীয় দলৰ এই ৰহস্যজনক মৌনতাই সন্দেহ আৰু ঘণীভূত কৰি তোলে ৷ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধীৰ মোবাইল হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষা কৰিলেই সকলো পৰিষ্কাৰ হৈ পৰিব ৷ কিন্তু তেও একেসমতে এটা প্ৰশ্ন এৰাই গ’ল যে এক নিৰপেক্ষ তদন্ত , যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানেও সকলো কথা পৰিষ্কাৰ কৰি তুলিব পাৰে ৷ অথচ ভাৰত চৰকাৰে এই গুৰুতৰ অভিযোগৰ তদন্ত কিয় নকৰে ,সেয়া এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.