শ্ৰেণী শীৰ্ষ সংবাদ

লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ

২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷

পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি

ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন কৰিছে ৷ দেশখনৰ…

পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া

দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত  এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে  ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত…

পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ? ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয়…

PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?

এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ…

তৃণমূলত যোগ দিব অসমৰ এজন সাংসদে !

অসমৰ এজন  সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷....

৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া

“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ – সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক’ৰোণাক লৈ সংসদত আলোচনা কৰিবলৈ সাজু ৷…

নেলচন মেণ্ডেলাৰ এটা কাহিনীৰে-

নেলছন মেণ্ডেলা, কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্বা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলছন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্টপতি নেলছন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ বিশেষ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণবৈষম্যৰ বিৰুদ্ধে বজ্ৰকণ্ঠ মেণ্ডেলাই জীৱনৰ…

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।