নেলচন মেণ্ডেলাৰ এটা কাহিনীৰে-

Share This Article

নেলছন মেণ্ডেলা, কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্বা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলছন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্টপতি নেলছন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ বিশেষ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণবৈষম্যৰ বিৰুদ্ধে বজ্ৰকণ্ঠ মেণ্ডেলাই জীৱনৰ ২৭টা বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত পাৰ কৰিছিল আৰু তিনিটা দশকৰ পৰাধীনতাৰ শিকলি ছিঙি ১৯৯৪ চনত নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্টপতি হৈছিল। বিশ্বৰ প্ৰসিদ্ধ বৰ্ণবৈষম্যবাদ বিৰোধী নেতা নেলছন মেণ্ডেলাৰ আজি ওপজা দিন। কিন্তু আজি আমি আপোনাক মেণ্ডেলাৰ জীৱন বৃত্তান্ত নহয়, তেঁওৰ জীৱনৰ এটা সৰু ঘটনাহে ক’বলৈ ওলাইছো – ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে কাৰণ ২৭ বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহু দিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মী সকলে আৰু পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে। এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টোৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মী সকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল-ভোক লাগিছে যেতিয়া খালেই হ’ল, কাৰাগাৰৰ অত বছৰে ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলো যেতিয়া সহজে নমৰো।
কথা মতেই কাম – চহৰখনৰ এখন সৰু ৰেষ্টোৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মী সহিতে খাবলৈ বহিল, এনেতে তেঁও দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টোৰেণ্টৰ ৱেটাৰ জনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ কলে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ কবলৈ কলে। চকীখন দিয়াৰ পাছত ৱেটাৰ জনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষতে বহিল।
সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেঁওৰ হাত কপিবলৈ ধৰিছে, চামুচেৰে কিবা লবলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায় । এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে কলে আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজহাতে তেঁওক খুৱাই দিলে আৰু ৱেটাৰ জনক কলে যে বৃদ্ধ ব্যক্তি গৰাকীৰ বিল তেঁও পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল ব্যক্তিজন। বৃদ্ধ গৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজহাতে তেঁওক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধ গৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক’লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে – ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে?
তেতিয়া নেলছন মেণ্ডেলাই কলে-বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলো তেঁও আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমান বাৰ পানী পানী বুলি চিঞৰিছিলো, সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্বাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্বেও মই তেঁওক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেঁও এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ’লেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত। ঘৃণাক ভালপোৱালৈ সলনি কৰিব পাৰি। তেঁও মোৰ মুখত প্ৰস্বাৱ কৰিছিল আৰু মই তেঁওৰ মুখত খাদ্য তুলি দিছো। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি, ঠিক একেদৰে তেঁওৰো ৰাষ্ট্ৰপতি, গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য । মনত ৰাখিবা প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে।
এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে-কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.