সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ – সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক’ৰোণাক লৈ সংসদত আলোচনা কৰিবলৈ সাজু ৷ চৰকাৰে সকলো তথ্যই দিব ৷ বিৰোধীয়ে কঠিন প্ৰশ্ন কৰক ৷ কিন্তু চৰকাৰকো শান্তিপূৰ্ণভাৱে উত্তৰ দিবলৈ দিয়ক ৷মোদীয়ে লগতে কয় যে চৰকাৰে বিৰোধীৰ সকলো তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু ৷ কিন্তু চৰকাৰকো নিয়ম মানি উত্তৰ দিবলৈ সুযোগ দিব লাগিব ৷ তেতিয়াহে গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ আশা – ভৰষা বাঢ়িব ৷ আন এক পৰিসংখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত ইতিমধ্যে ৪০ কৌটি ভেকচিন প্ৰদান কৰা হৈছে ৷ ক’ৰোণাক প্ৰতিহত কৰিবৰ বাবে সকলোৱে একেলগে মাৰ বান্ধি যুঁজিব লাগিব ৷উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷

Leave A Reply

Your email address will not be published.