চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

Share This Article

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ – সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক’ৰোণাক লৈ সংসদত আলোচনা কৰিবলৈ সাজু ৷ চৰকাৰে সকলো তথ্যই দিব ৷ বিৰোধীয়ে কঠিন প্ৰশ্ন কৰক ৷ কিন্তু চৰকাৰকো শান্তিপূৰ্ণভাৱে উত্তৰ দিবলৈ দিয়ক ৷মোদীয়ে লগতে কয় যে চৰকাৰে বিৰোধীৰ সকলো তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু ৷ কিন্তু চৰকাৰকো নিয়ম মানি উত্তৰ দিবলৈ সুযোগ দিব লাগিব ৷ তেতিয়াহে গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ আশা – ভৰষা বাঢ়িব ৷ আন এক পৰিসংখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত ইতিমধ্যে ৪০ কৌটি ভেকচিন প্ৰদান কৰা হৈছে ৷ ক’ৰোণাক প্ৰতিহত কৰিবৰ বাবে সকলোৱে একেলগে মাৰ বান্ধি যুঁজিব লাগিব ৷উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.