ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

Share This Article

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা  পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত। মাৰ্কিন বাণিজ্য নিধিৰ তৰফৰ পৰা ৰবাৰ্ট লাইথাইজাৰে মংগলবাৰে এক বিবৃতি যোগেদি প্ৰকাশ কৰিছে এই কথা।

তেওঁ বিবৃতিত কয় যে এইদৰে অতিৰিক্ত কৰ যোগ কৰাৰ বাবে আমেৰিকাৰ আইটি কোম্পানীৰ লগতে কৰ্মচাৰীসকল লোকচানৰ সন্মুখীন হৈছে। বিগত বছৰত ফ্ৰান্সৰ বিৰুদ্ধেও তদন্ত কৰিছিল আমেৰিকাই। একেদৰে এইবাৰ ব্ৰিটেইন, ইউৰোপীয়ান দেশসমূহৰ লগতে উক্ত তিনিখন দেশত আমেৰিকাই তদন্ত চলাব।

তেওঁ কয়- “আমাৰ বাণিজ্য সহযোগী দেশসমূহৰ মাজতে অনেকেই অনলাইন যোগে বিক্ৰী কৰা পণ্যৰ ওপৰত অতিৰিক্ত কৰ যোগ কৰাৰ কথা ড’নাল্ড ট্ৰাম্পে নজনা নহয়। তেওঁ চিন্তিত যে মাৰ্কিন সংস্থাসমূহক লোকচান কৰাবলৈয়ে এই পদক্ষেপ দেশসমূহৰ।”

সাৱধান কৰি লাইথাইজাৰে কয় যে দেশৰ কোম্পানী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বৈষ্যমতাৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব। মাৰ্কিন প্ৰশাসনৰ অভিযোগ- বিশেষকৈ ভাৰত, ব্ৰিটেইন ইত্যাদি দেশসমূহত অতিৰিক্ত পৰিসেৱা কৰৰ বোজা জাপি দিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.