হিন্দুয়ে ধর্ষণ নকৰে!

Share This Article

অনুশোচনা নাই,ফটকাৰ দোকান দিছে ধৰ্ষণকাৰীয়ে
‘হিন্দুৱে ধৰ্ষণ নকৰে’-মন্তব্য ৰাধেশ্যামৰ
তিলমানো অনুশোচনা নাই বিলকিছৰ ধৰ্ষণকাৰীৰ
ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে সাক্ষীক!

 

বিলকিছ বানুৰ গাঁৱৰ ৰাস্তাটোৰ মূৰতে দেৱালীৰ বাবে এখন ফটকাৰ দোকান বহিছে৷ দোকানৰ মালিক ৰাধেশ্যাম শ্বাহ৷ এই ৰাধেশ্যাম আন কোনো নহয়,বিলকিছৰ ধৰ্ষণকাৰী৷ বিগত ১৫ আগষ্টত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে৷

“ আমি নিৰপৰাধী৷আপোনালোকে কেতিয়াবা খুড়াক আৰু ভতিজাকে একেলগে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ কথা শুনিছেনে?এনেকুৱা ঘটনা বাৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত হোৱাটো সম্ভৱ নে?কোনো হিন্দুৱে এনে কাম কৰিব নোৱাৰে”- এনেদৰে এনডি টিভিৰ সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় ৰাধেশ্যামে৷ উল্লেখযোগ্য যে ‘ভাল ব্যৱহাৰ’ৰ বাবে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা গোবিন্দ নাইককে ধৰি কেইবাগৰাকীও ধৰ্ষণকাৰীয়ে গাঁৱৰ ঘটনাৰ সাক্ষী সকলক কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত ভাবুকি দি আহিছে৷
গোবিন্দ নায়ে ২০১৭ চনত বিলকিছ বানুৰ গোচৰৰ সাক্ষী প্ৰদান কৰা দুজন ব্যক্তিক সঘনাই ভাবুকি প্ৰদান কৰি আহিছে৷ এনডি টিভিৰ ফালৰ পৰা তেওঁক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় “মোৰ গাঁৱৰ পৰা বাহিৰ হোৱা ৷”

বিলকিছ বানু ২০০২চনৰ পৰা গাঁৱলৈ যোৱা নাই৷ তেওঁলোকৰ ঘৰটো হিন্দু পৰিয়াল এটাক দোকানৰ বাবে ভাড়া দিয়া আছে৷ বিলকিছৰ ঘৰৰ সন্মুখতে এটা বৃহৎ অট্টালিকা আছে, যিটোৰ গৰাকী ৰাধেশ্যাম শ্বাহ৷ৰাধেশ্যামৰ অট্টালিকাৰ তলতে এখন ফটকাৰ দোকান দিছে তেওঁৰ ভায়েক আশীষ শ্বাহে৷আশীষ শ্বাহে মাথো ক’লে “ৰাধেশ্যাম ইয়াত
আজিকালি নাথাকে৷”

২০০২ চনৰ ৩ মাৰ্চত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈছিল বিলকিছ বানু৷সেই সময়ত বিলকিছৰ বয়স আছিল ২১বছৰ আৰু তেওঁ তেতিয়া আছিল ৫ মাহৰ অন্তঃসত্ত্বা৷তেওঁৰ ৩ বছৰীয়া কন্যাকো হত্যা কৰিছিল সেই নৰপিশাচ কেইটাই৷ গোধৰাত এখন কৰসেৱক ভৰ্তি ৰে’ল জ্বলাই দিয়া হৈছিল আৰু সেই ঘটনাত ৫৯ জন যাত্ৰীৰ
মৃত্যু হৈছিল৷সেই সময়ত প্ৰধানমন্ত্ৰী মোডী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী৷সেই তেতিয়াৰ পৰাই গুজৰাটত বিজেপিয়ে ক্ষমতা হেৰুৱাবলগীয়া হোৱা নাই৷ চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷
ধৰ্ষণকাৰীৰ মুক্তিৰ পিছত বিলকিছ বানুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেদৰে “ মোৰ দুখ আৰু হেৰাই যোৱা বিশ্বাসবোৰ কেৱল মোৰ নহয়,এয়া প্ৰতি গৰাকী মহিলাৰ বাবে যিসকলে ন্যায়ৰ বাবে যুঁজ দি আছে৷ইমান বৃহৎ এটা সিন্ধান্ত লোৱাৰ আগত কোনেও মোৰ নিৰাপত্তাৰ বিষয়টো চিন্তা নকৰিলে৷মই গুজৰাট চৰকাৰক মোৰ ন্যায়ৰ কথা পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.