সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিন্দীত পঢ়িব পাৰিব মেডিকেল

হিন্দী শিকক নহ’লে বেমাৰ দেখুওৱা নহ’ব ।হিন্দীত মেডিকেল পাঠ্যক্ৰমৰ শুভাৰম্ভ ।১৬ অক্টোবৰত মধ্য প্ৰদেশত আৰম্ভ হ’ব হিন্দীত মেডিকেলৰ পাঠদান ।মেডিকেল অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হ’ব হিন্দী ভাষাত।দেশৰ ভিতৰত হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম প্ৰথম আৰম্ভ কৰাৰ সিন্ধান্ত মধ্য প্ৰদেশ চৰকাৰৰ। ১৬ অক্টোবৰত মুঠ ৩ টা বিষয়ৰ পাঠ্যক্ৰমৰ হিন্দী সংস্কৰণৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।ৰাজ্যখনৰ মুঠ ১৩ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এই পাঠ্যক্ৰম প্ৰবৰ্তন কৰা হ’ব।মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মেডিকেলৰ পাঠ্যক্ৰম হিন্দী কৰা সম্পৰ্কত কয় যে মেডিকেল আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম হিন্দীত অধ্যয়ন কৰিব নোৱাৰি বুলি ধাৰণাটো সলাব বিচৰা হৈছে আৰু তেওঁলোকৰ বাবে ই এক নতুন অভিজ্ঞতা হ’ব।“ ইয়াৰ জৰিয়তে জনসাধাৰণে এই কথাটো উপলব্ধি কৰিব যে হিন্দী মাধ্যমত পঢ়িও জীৱনত আগুৱাই যাব পাৰি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ মাধ্যম সদায় মাতৃভাষা হোৱাৰ পোষকতা কৰে”-এনেদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।ৰাজ্যখনৰ মেডিকেল শিক্ষা দপ্তৰৰ মন্ত্ৰী বিশ্বাস চাৰাঙে কয় মেডিকেলৰ পাঠ্যক্ৰমবোৰ হিন্দীৰ লগতে ইংৰাজীতো পোৱা যাব । তদুপৰি টেকনিকেল টাৰ্মবোৰ ইংৰাজীতেই থাকিব।“ মধ্য প্ৰদেশেই দেশৰ প্ৰথমখন ৰাজ্য যিয়ে দেশৰ ভিতৰত প্ৰথম হিন্দীত মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে ।ইয়াৰ পাইলট প্ৰজেক্টটো প্ৰথম আৰম্ভ হ’ব গান্ধী মেডিকেল কলেজত৷চলিত বৰ্ষৰ পৰা এনাটমী,ফিজিঅ’লজী আৰু বায়’ কেমেষ্ট্ৰিৰ পাঠসমূহ হিন্দীত পঢ়ুওৱা হ’ব ।চলিত বৰ্ষৰ এমবিবিএছৰ প্ৰথম বৰ্ষত হিন্দী ভাষাৰ মেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব”- এনেদৰে কয় মেডিকেল শিক্ষা দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে৷।
“ শ্ৰেণী কোঠা,ছাত্ৰছাত্ৰী আৰু শিক্ষকৰ পাঠদান আগৰ দৰেই থাকিব । যিসকল ছাত্ৰছাত্ৰীয়ে ইংৰাজীত বুজি পোৱাত অসুবিধা হয়,তেওঁলোকে হিন্দী পাঠ্যক্ৰমৰ জৰিয়তে নিজৰ ভাষাত বুজিব পাৰিব ৷এমবিবিএছৰ প্ৰথম বাৰ্ষিকৰ মূল তিনিটা বিষয়ৰ পাঠ্যক্ৰম ইতিমধ্যে হিন্দী কৰা হৈছে আৰু মূল টাৰ্মবোৰ ইংৰাজীত ৰখা হৈছে”- এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে ।বুধৰাম মীনা,চহিবা খাটুন,ৰস্না যাদৱ এমবিবিএছৰ প্ৰথম বৰ্ষৰ ছাত্ৰছাত্ৰী । তেওঁলোকে এনডিটিভিৰ লগত হোৱা এক সাক্ষাৎকাৰত কয যে হিন্দীৰ পাঠ্যপুথিয়ে তেওঁলোকক সহায় কৰিব ।
আনহাতে,অন্তৰা লাহিড়ী নামৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীয়ে কয় “ এইটো এটা ভাল পদক্ষেপ । অৱশ্যে বিদেশী লিখকৰ কিতাপ অনুবাদ কৰাৰ কামটো কেনেকুৱা মানদণ্ডৰ হৈছে,সেই কথাটো লক্ষ্য কৰিব লাগিব৷ এইটো এটা ভাল পদক্ষেপ কিয়নো আমাৰে বহুত বন্ধু-বান্ধৱীয়ে মেডিকেলৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত পঢ়িবলগীয়া হোৱা বাবে সমস্যাৰ সন্মুখীন হৈছে ।”

Leave A Reply

Your email address will not be published.