অত্যন্ত বিপদজনক দেশ পাকিস্তান !

Share This Article

পাকিস্তান বিশ্বৰ সকলোতকৈ ভয়ংকৰ দেশ। কিছু ক্ষেত্ৰত চীন-ৰাছিয়াই প্ৰত্যাহ্বান জনাইছে আমেৰিকাক।আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পাকিস্তানক ‘এখন অত্যন্ত বিপদজনক’ ৰাষ্ট্ৰ আখ্যা দিছে। বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিগৰাকী ‘ কোনো কাৰণ নোহোৱাকৈ পাৰমাণৱিক অস্ত্ৰ ‘ ৰখাৰ বিষয়টোক লৈ এনেদৰে সৰৱ হৈছে পাকিস্তানৰ বিৰুদ্ধে।

লছ এঞ্জেলচৰ ডেমক্ৰেটিক কংগ্ৰেছনেল কেম্পেইন কমিটিৰ ৰিচেপছনৰ এক কাৰ্যসূচীত অংশ লৈ এনেদৰে মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই কাৰ্যসূচীতেই ভাষণৰ সময়ত তেওঁ চীন আৰু ৰাছিয়াকো কটু ভাষাৰে সমালোচনা কৰে।“ এই মানুহজনে(জী জিনপিন) কেৱল নিজে কি বিচাৰে সেইটোহে বুজি পায় । অথচ তেওঁৰ নিজৰে এশ এবুৰি সমস্যা । আমি কেনেদৰে এই সমস্যাবোৰ সমাধান কৰিম?ৰাছিয়াৰ সমস্যা আমি কেনেকৈ ঢুকি পাম?কিন্তু মোৰ দৃষ্টিত বিশ্বৰ সকলোতকৈ বিপদজনক ৰাষ্ট্ৰ হ’ল পাকিস্তান”- হোৱাইট হাউছে বাইডেনৰ ভাষণৰ এক প্ৰেছ বিজ্ঞপ্তিৰ উদ্ধৃতি দি এনেদৰে কয়।পাকিস্তানৰ বিৰুদ্ধে বাইডেনৰ এই মন্তব্যই শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন পাক চৰকাৰক এক প্ৰকাৰ মোক্ষম আঘাত দিলে । কিয়নো পাক চৰকাৰে আমেৰিকাৰ লগত এক সুসম্পৰ্ক ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ।একবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে যথেষ্ট সুবিধা আহিব বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
“ গতিকে ৰাইজ,বহুত কিবাকিবি হৈ আছে,সেইটো সঁচা কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত বহুত সুযোগো আহিব এই সময়চোৱাত”-এনেদৰে মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। বিগত বুধবাৰে বাইডেন প্ৰশাসনে এখন পলিচি ডকুমেণ্ট প্ৰকাশ কৰিছিল য’ত চীন আৰু ৰাছিয়াৰ পৰা ভাবুকি থকাৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছিল । নেশ্যনেল ছিকিউৰিটি ষ্ট্ৰেটেজিৰ সূত্ৰ অনুসৰি চীন আৰু ৰাছিয়াই পাৰ্টনাৰশ্বীপৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাথাকিব বুলি ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ দুয়োখন দেশৰ মাজত কিছু ক্ষেত্ৰত মতৰ অমিল হোৱা দেখা গৈছে ।
ইউএছ ছিকিউৰিটি ষ্ট্ৰেটেৰজীৰ মতে আগন্তুক ১০ বছৰৰ ভিতৰত চীনৰ লগত এক প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব আমেৰিকা। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে এই ডকুমেণ্টত কোৱা হৈছে যে মস্কোৰ ‘সাম্ৰাজ্যবাদী বৈদেশিক নীতি’ৰ জৰিয়তে ইউক্ৰেইনক সম্পূৰ্ণ ৰাছিয়াৰ নিয়ন্ত্ৰণলৈ অনাৰ পৰিকল্পনা আছিল দেশখনৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.