যোগী চৰকাৰৰ বিৰুদ্ধে গৰ্জন বিজেপি সাংসদৰ

Share This Article

উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে নিজৰ দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।কেইচাৰগঞ্জৰ সাংসদ ব্ৰীজ ভূষণ সৰ্বভাৰতীয় মল্লযোদ্ধা সন্থাৰো সভাপতি।উল্লেখ্য উত্তৰ প্ৰদেশৰ ১৮ খন জিলা বৰ্তমান বানত বিধ্বস্ত ।বিগত ১১অক্টোবৰত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৮ খন জিলাৰ ১,৩৭০ খন গাওঁ প্লাৱিত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল।গণ্ডা প্ৰশাসনে ৩ জন লোক নিহত হোৱাৰ তথ্যও প্ৰকাশ কৰিছিল।

“ ৰাইজৰ প্ৰতিনিধি সকল নীৰৱ দৰ্শক।কথা কোৱাৰ কোনো অনুমতি নাই।তুমি যদি মাত মাতা,তোমাক বিদ্ৰোহী বুলি ঘোষণা কৰিব”-সিঙে এনেদৰে মন্তব্য কৰে।নিজৰ সমষ্টিত প্ৰশাসনে বানাক্ৰান্ত লোকক আগবঢ়োৱা সা-সুবিধাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰি ব্ৰীজ ভূষণ সিঙে কয় যে চৰকাৰক উল্টাকৈ প্ৰশ্ন কৰিলেই বিদ্ৰোহী বুলি ক’ব।উল্লেখযোগ্য যে সিং কেইচাৰগঞ্জ সমষ্টিৰ ষষ্ঠবাৰৰ সাংসদ।তেওঁৰ সমষ্টিটোত গণ্ডা আৰু বলৰামপুৰ জিলাৰ কিছু অঞ্চল অন্তৰ্ভুক্ত হৈ আছে।বৃহস্পতিবাৰে তেওঁ বানপানীৰ বাবেই নিজৰ SUV এৰি গণ্ডা অঞ্চলত অৱস্থিত তেওঁৰ ঘৰলৈ ট্ৰেক্টৰে যাবলগীয়া হৈছিল ।তেওঁ কিয় SUV এৰি ট্ৰেক্টৰত আহিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে ট্ৰেক্টৰৰ বাহিৰে আন কোনো যাতায়তৰ ব্যৱস্থা নাই। বিজেপিৰ সাংসদজন প্ৰশাসন তথা চৰকাৰৰ ওপৰত ইমানেই খড়্গহস্ত হৈ আছে যে গণ্ডা জিলাৰ প্ৰশাসনৰ বিষয়ে প্ৰশ্ন নুসুধিবলৈ সকীয়াই দিছে সাংবাদিকক।

“ ইয়াৰ আগতে যি চৰকাৰেই নাথাকক বানপানীৰ আগতেই কেনেকৈ ব্যৱস্থা কৰিব লাগিব,তাৰ বিষয়ে আগতীয়া আলোচনা কৰিছিল।বাৰিষা আৰম্ভ হোৱাৰ আগতেই ল’বলগীয়া ব্যৱস্থা সমূহৰ বিষয়ে সিন্ধান্ত লোৱাটো জৰুৰী আছিল।কিন্তু সেয়া নকৰাৰ বাবেই আজি জনতাই ভুগিবলগীয়া হৈছে”- এনেদৰে মন্তব্য কৰে বিজেপিৰ সাংসদ জনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.