ভুলতে’ ১৫ জন মানুহক গুলীয়াই হত্যা কৰাৰ ক্ষমতা কোনে দিলে সেনাক ?

Share This Article

এখন দেশ ৷ স্বাধীনতাৰ পাছত ৭ টা দশক অতিক্ৰম কৰা এখন দেশ ৷ বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ পৰিচয় দিয়া এখন দেশ ৷ সেই দেশখনত ভুলতে গুলীয়াই দিয়া হয় ১৫ জনকৈ নিৰীহ নাগৰিকক ৷ তাৰ পাছত কোৱা হয় যে এয়া ভুলতে হৈ গ’ল ৷ এই দেশত পুলিচ – আৰ্মিৰ হাতত মৃত্যু এতিয়া ইমানেই সহজ হৈ পৰিছে ৷ কেৱল ভুলতে বুলি কৈয়ে এটা নাৰকীয় নৰসংহাৰক পাহৰাবলৈ চেষ্টা কৰা হয় ৷ এই জঘন্য হত্যাকাণ্ডৰ আধাৰেই হ’ল এখন ক’লা আইন ৷

ঘটনা ১৭ বছৰ আগৰ ৷ দিনটো আছিল ২০০৪ চনৰ ১৫ জুলাই ৷ ইম্ফলৰ আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰৰ সন্মুখত উলংগ হৈ থিয় হৈছিল ১২ গৰাকী মণিপুৰী মহিলাই ৷ হাতত আছিল এখন বেনাৰ ৷ য’ত ৰঙা আখৰেৰে লিখা আছিল –‘ইণ্ডিয়ান আৰ্মি ৰেপ আছ’ ৷ এই ঘটনাই সমগ্ৰ বিশ্বৰ সন্মুখত উলংগ কৰি দিছিল ভাৰতীয় গণতন্ত্ৰক ৷ মণিপুৰৰ মহিলা সমাজৰ এই নগ্ন প্ৰতিবাদ আছিল এখন আইনৰ বিৰুদ্ধে ৷ আইনখন হ’ল Armed Forces Special Powers Act (AFSPA), 1958 ৷
মণিপুৰত এই আইনখন জাপি দিয়া হৈছিল ১৯৮০ চনত ৷ এই আইনৰ জড়িয়তে উগ্ৰবাদ দমনৰ নামত সেনা বাহিনীক দিয়া হয় কিছু অতিৰিক্ত ক্ষমতা ৷ ইয়াৰ অজুহাত লৈয়ে সেনা বাহিনী নামি পৰিছিল নিৰ্বিচাৰ অত্যাচাৰত ৷ সাধাৰণ জনতাক উগ্ৰপন্থী সজাই নিৰ্যাতন চলোৱাই নহয় , সাধাৰণ মহিলাৰ সতীত্বৰ ওপৰতো হাত দিছিল সেনা জোৱানে ৷ বি এছ এফৰ বিষয়াই ধৰ্ষন কৰাৰ পাছত ৰোজ নামৰ এগৰাকী মহিলাই বছি লৈছিল আত্মহত্যাৰ পথ ৷ সাধাৰন জনতাৰ জীৱন হৈ পৰে দুৰ্বিষহ ৷ সেনাৰ সকলো অত্যাচাৰৰ আধাৰ আছিল এই ক’লা আইনে দিয়া অবাধ ক্ষমতা ৷ ইয়াৰ পৰিণতিত মণিপুৰী মহিলাই ৰাজপথত নগ্ন হৈ ক’বলগীয়া হয় –ইণ্ডিয়ান আৰ্মি ৰেপ আছ ৷ মণিপুৰৰে ইৰম শৰ্মিলাই আৰম্ভ কৰে অনশণ ৷ ২০১৬ চনলৈকে ইৰম শৰ্মিলাই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত অনশণ অব্যাহত ৰাখে ৷ মণিপুৰৰ মহিলাৰ সেই ইতিহাস সৃষ্টিকাৰী প্ৰতিবাদৰ পাছত ১৭ বছৰ পাৰ হৈ গ’ল ৷ এসময়ত ইৰম শৰ্মিলায়ো প্ৰতিবাদ সামৰিলে ৷ কিন্তু কেন্দ্ৰৰ দৃষ্টিভংগীৰ কোনো পৰিৱৰ্তন নহ’ল ৷ মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আজিও বাহাল থাকিল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ৷ সময়ে সময়ে এই ৰাজ্যকেইখনক অশান্ত অঞ্চল ঘোষণা কৰি বঢ়াই থকা হ’ল ক’লা আইনৰ ম্যাদ ৷

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ধাৰণা বৃটিছ প্ৰশাসনৰ পৰা লোৱা ৷ ১৯৪২ চনত স্বাধীনতাৰ দাবীত সমগ্ৰ দেশত সৃষ্টি হোৱা গণজাগৰণক মষিমূৰ কৰিবলৈ বৃটিছ চৰকাৰে জাৰি কৰিছিল আৰ্মড ফোৰ্চ স্পেচিয়েল পাৱাৰ অৰ্ডিনেন্স ৷ ভাৰত ত্যাগ আন্দোলন দমনৰ বাবে জাৰি কৰা এই অধিসূচনাৰ আৰ্হিতে স্বাধীন ভাৰতৰ চৰকাৰেও অনুৰূপ চাৰিখন অধিসূচনা জাৰি কৰে ৷

আভ্যন্তৰীণ সুৰক্ষাৰ নামত বেংগল ডিষ্টাৰ্ব এৰিয়া , আছাম ডিষ্টাৰ্ব এৰিয়া , ইষ্ট বেংগল ডিষ্টাৰ্ব এৰিয়া আৰু ইউনাইটেড প্ৰভিন্সেস ডিষ্টাৰ্ব এৰিয়া অৰ্ডিনেন্স স্বাধীন ভাৰতত জাৰি কৰা হয় ৷ ইয়াৰ পাছত ১৯৫৮ চনত ৰাষ্ট্ৰপৰি ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা অধিসূচনাত ৷
সেই সময়ত নাগালেণ্ডত সূচনা হৈছিল এক সুকীয়া পৰিৱেশৰ ৷ নাগা নেচনেল কাউন্সিলে ১৯৫২ চনত সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ পাছত চৰকাৰী স্কুল – কলেজ , কাৰ্যালয়ো বৰ্জনৰ আহ্বান জনায় ৷এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰে নগা পাহাৰত প্ৰথমতে আছাম মেইনটেনেন্স অৱ পাব্লিক অৰ্ডাৰ এক্ট বলবৎ কৰে ৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটাত ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে নাগালেণ্ডত আছাম ৰাইফল মোতায়ন কৰি বলবৎ কৰা হয় আছাম ডিষ্টাৰ্বড এৰিয়া এক্ট , ১৯৫৫ ৷ তাৰ পাছত ১৯৫৮ চনত প্ৰথমতে অধিসূচনা আৰু পাছত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন গৃহীত কৰি এই অঞ্চলত সেনাক দিয়া হয় বিশেষ ক্ষমতা ৷ সেই দিন ধৰি সেনা বাহিনীয়ে উগ্ৰপন্থী দমনৰ নামত যিমান এই ক্ষমতাৰ ব্যৱহাৰ কৰিছে , তাতোকৈ অধিক অপব্যৱহাৰ কৰিছে নিৰীহ জনতাক নিৰ্যাতন চলোৱাৰ নামত ৷ সেয়ে এই ক’লা আইন প্ৰত্যাহাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ এই দাবীৰ প্ৰতি সহাৰি নিদিয়াৰ আন এক নিৰ্মম পৰিণতি দেখা গ’ল শণিবাৰে নাগালেণ্ডৰ মন জিলাত ৷ সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰিলে ১৫ জন নিৰীহ লোকক ৷ তাৰ পাছত কৈফিয়ৎ দিলে যে এয়া ভুলতে হৈ গ’ল ৷ কিন্তু এয়া মুঠেও ভুলতে হোৱা ঘটনা নহয় ৷ এই অঞ্চলত দীৰ্ঘদিন ধৰি বলবৎ হৈ থকা এখন ক’লা আইনৰ অৱধাৰিত পৰিণতি নাগালেণ্ডৰ নৰহত্যাৰ ঘটনা ৷ সেইবাবেই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিও , মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই একে মুখে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনাইছে ৷ তেওলোকো এন ডি এৰেই অংশীদাৰ ৷ স্বাধীন ভাৰতৰ আটাইতকৈ জঘন্যতম ঘটনাটোৰ পাছত যদি এই ক’লা আইন প্ৰত্যাহাৰ কৰাটোৱে হ’ব লাগে উত্তৰ পূৰ্বাঞ্চলৰ সন্মিলিত দাবী৷ ভৱিষ্যতে যাতে আৰু কোনো ভুল নহয় , তাৰ বাবেই এই আইন প্ৰত্যাহাৰ কৰাটো সময়ৰ দাবী ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.