১৯৯১ চনৰ অক্টোবৰ মাহ ৷বিশ্ব হিন্দু পৰিষদ(ভি এইচ পি) ,আৰ এছ এছ আৰু আন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ বিতৰ্কিত মছজিদৰ চাৰিওফালৰ ভূমি নিজৰ দখললৈ নিলে ৷মন্দিৰ বনোৱাৰ প্ৰস্তুতিৰে মাটি সমান কৰাৰ কামত নামি পৰিল ৷ কাম আগবাঢ়িল ৷ ১৯৯২ চনৰ জুলাই মাহত পৰিস্থিতি নিৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা দল প্ৰেৰণ কৰিলে অযোধ্যালৈ ৷ দলটোৱে অযোধ্যাত ভৰি দি দেখিলে যে বিতৰ্কিত ভূমিখণ্ডত বিশাল কংক্ৰিটৰ চোতাল গঢ়ি তোলাৰ কাম বহুদূৰ আগুৱাই গৈছে ৷ যিটো আছিল সেই সময়ৰ আদালতৰ ৰায়বিৰুদ্ধ ৷ আদালতৰ ৰায় আছিল স্থিতাৱস্থা বাহাল ৰখাৰ পক্ষে ৷ কিন্তু সেই সময়ত বিশ্ব হিন্দু পৰিষদে অযোধ্যাত মন্দিৰ নিৰ্মাণৰ প্ৰৰম্ভিক কাম আৰম্ভ কৰি দিলে ৷তেতিয়া উত্তৰ প্ৰদেশৰ শাসনত আছিল কল্যান সিঙৰ বিজেপি চৰকাৰ ৷ আগন্তুক পৰিস্থিতি অস্থিৰ হৈ পৰাৰ আশংকাত কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগতীয়া পৰিকল্পনা ৰচনা কৰিলে ৷ যাতে প্ৰয়োজন হ’লেই উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পৰা যায় আৰু মন্দিৰ মছজিদৰ স্বত্বটো কেন্দ্ৰ হাতলৈ আনিব পাৰি ৷তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তিৰ আশা এৰি দিয়া নাছিল ৷ বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বৰ লগত তেওঁৰ কেবালানি আলোচনা অনুষ্ঠিত হ’ল ৷ কিন্তু ফল নধৰিল ৷ ভি এইচ পিৰ নেতৃত্বই ঘোষণা কৰি দিলে যে ৬ ডিচেম্বৰেই মন্দিৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পূণ্য সময় ৷ নৱেম্বৰৰ পৰাই কৰসেৱকৰ আগমন আৰম্ভ হ’ল অযোধ্যালৈ ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যান সিঙক জৰুৰীভাৱে তলব কৰা হ’ল দিল্লীলৈ ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ দিলে – অযোধ্যাৰ বিবাদ নিষ্পত্তিৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ হাতত তুলি দিয়া হওক ৷ কিন্তু কল্যান সিঙে স্পষ্ট ভাষাৰে জনাই দিলে যে অযোধ্যাৰ বিবাদ নিষ্পত্তিৰ একমাত্ৰ পথ হ’ল বিতৰ্কিত ভূমিখণ্ড হিন্দুৰ হাতত তুলি দিয়া৷ কল্যান সিঙ চৰকাৰে কৰসেৱক আৰু স্বেচ্ছাসেৱকসকলক থকা খোৱাৰ সুব্যৱস্থা কৰি দিলে ৷হাজাৰ হাজাৰ কৰসেৱকৰ আগতীয়া সমাগমে কেন্দ্ৰীয় চৰকাৰক চিন্তিত কৰি তুলিলে ৷ ২০ হাজাৰৰো অধিক অৰ্ধসামৰিক বাহিনীৰ জোৱান ৰাজ্যখনত নিয়োগ কৰা হ’ল ৷ অৱশেষত আহি পালে ৬ ডিচেম্বৰ ৷ সিদিনা দুপৰীয়াৰ ভাগত হাজাৰ হাজাৰ কৰসেৱকে বিজয় উল্লাসেৰে হাতত গেৰুৱা পতাকা লৈ বিতৰ্কিত মছজিদৰ সৰ্বত্ৰ নিজৰ দখললৈ নিলে ৷ “ এক ধাক্কা অউৰ দো , বাবৰি মছজিদ তোৰ দো”- শ্ল’গানত কঁপি উঠিল অযোধ্যা ৷ঘটনাৰ আকস্মিকতাত শংকিত হৈ উঠিল খোদ এর কে আদৱানিও ৷ তেওঁৰ কৰসেৱকসকলক মছজিদৰ পৰা নামি আহিবলৈ আহ্বান জনালে ৷কিন্তু পৰিস্থিতি তেতিয়ালৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল ৷ মছজিদৰ গম্বুজৰ পৰা পৰি কেবাজনো কৰসেৱকৰ মৃত্যু হ’ল ৷ বহুজন আহত হ’ল ৷ আদৱানিক হেফাজতলৈ নিয়া হ’ল ৷ কিন্তু তাৰ পাছতো ভাৰতৰ ইখনৰ পাছত সিখন চহৰলৈ বিয়পি গ’ল সংঘৰ্ষ ৷ উত্তৰ প্ৰদেশৰ আৰম্ভ হোৱা সংঘাতৰ জুইকুৰা গুজৰাট , মধ্যপ্ৰদেশ ,কৰ্ণাটক সকলো ৰাজ্যতে নিমিষতে বিয়পি পৰিল ৷ সীমা সংখ্যা নোহোৱাকৈ মানুহ এই সংঘৰ্ষ বিলাকত নিহত হ’ল ৷ অযোধ্যাক ‘হিন্দুত্বৰ ভেটিকান ‘হিচাপে গঢ়াৰ যুঁজখনত অনেক হিন্দু মুছলমানৰ প্ৰাণ গ’ল৷ অসমতো তাৰ প্ৰভাৱ পৰিল ৷ পৰিস্থিতি উদ্বেগজনক হৈ উঠিল ৷ অসমৰ সম্প্ৰীতি অটুট ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে নাগৰিক সমাজে ৷ তেতিয়া আছুৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল ৷ আছুৰ উদ্যোগত লোৱা হ’ল এটা বিশেষ কাৰ্যসূচী ৷ অসমৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আছুৰ উদ্যোগত হাজোত আৰম্ভ কৰা হ’ল মণিকূট শোভাযাত্ৰা ৷ হাজোৰ পোৱামক্কাৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ ওলাল শোভাযাত্ৰা ৷ সেই তেতিয়াৰে পৰা হাজোত আজিও সেই পৰম্পৰা অব্যাহত আছে ৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.