বাবৰি মছজিদ ধ্বংসৰ পাছত অসমত আছুৱে লৈছিল এই বিশেষ কাৰ্যসূচী

Share This Article

১৯৯১ চনৰ অক্টোবৰ মাহ ৷বিশ্ব হিন্দু পৰিষদ(ভি এইচ পি) ,আৰ এছ এছ আৰু আন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ বিতৰ্কিত মছজিদৰ চাৰিওফালৰ ভূমি নিজৰ দখললৈ নিলে ৷মন্দিৰ বনোৱাৰ প্ৰস্তুতিৰে মাটি সমান কৰাৰ কামত নামি পৰিল ৷ কাম আগবাঢ়িল ৷ ১৯৯২ চনৰ জুলাই মাহত পৰিস্থিতি নিৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা দল প্ৰেৰণ কৰিলে অযোধ্যালৈ ৷ দলটোৱে অযোধ্যাত ভৰি দি দেখিলে যে বিতৰ্কিত ভূমিখণ্ডত বিশাল কংক্ৰিটৰ চোতাল গঢ়ি তোলাৰ কাম বহুদূৰ আগুৱাই গৈছে ৷ যিটো আছিল সেই সময়ৰ আদালতৰ ৰায়বিৰুদ্ধ ৷ আদালতৰ ৰায় আছিল স্থিতাৱস্থা বাহাল ৰখাৰ পক্ষে ৷ কিন্তু সেই সময়ত বিশ্ব হিন্দু পৰিষদে অযোধ্যাত মন্দিৰ নিৰ্মাণৰ প্ৰৰম্ভিক কাম আৰম্ভ কৰি দিলে ৷তেতিয়া উত্তৰ প্ৰদেশৰ শাসনত আছিল কল্যান সিঙৰ বিজেপি চৰকাৰ ৷ আগন্তুক পৰিস্থিতি অস্থিৰ হৈ পৰাৰ আশংকাত কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগতীয়া পৰিকল্পনা ৰচনা কৰিলে ৷ যাতে প্ৰয়োজন হ’লেই উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পৰা যায় আৰু মন্দিৰ মছজিদৰ স্বত্বটো কেন্দ্ৰ হাতলৈ আনিব পাৰি ৷তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তিৰ আশা এৰি দিয়া নাছিল ৷ বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বৰ লগত তেওঁৰ কেবালানি আলোচনা অনুষ্ঠিত হ’ল ৷ কিন্তু ফল নধৰিল ৷ ভি এইচ পিৰ নেতৃত্বই ঘোষণা কৰি দিলে যে ৬ ডিচেম্বৰেই মন্দিৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পূণ্য সময় ৷ নৱেম্বৰৰ পৰাই কৰসেৱকৰ আগমন আৰম্ভ হ’ল অযোধ্যালৈ ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যান সিঙক জৰুৰীভাৱে তলব কৰা হ’ল দিল্লীলৈ ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ দিলে – অযোধ্যাৰ বিবাদ নিষ্পত্তিৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ হাতত তুলি দিয়া হওক ৷ কিন্তু কল্যান সিঙে স্পষ্ট ভাষাৰে জনাই দিলে যে অযোধ্যাৰ বিবাদ নিষ্পত্তিৰ একমাত্ৰ পথ হ’ল বিতৰ্কিত ভূমিখণ্ড হিন্দুৰ হাতত তুলি দিয়া৷ কল্যান সিঙ চৰকাৰে কৰসেৱক আৰু স্বেচ্ছাসেৱকসকলক থকা খোৱাৰ সুব্যৱস্থা কৰি দিলে ৷হাজাৰ হাজাৰ কৰসেৱকৰ আগতীয়া সমাগমে কেন্দ্ৰীয় চৰকাৰক চিন্তিত কৰি তুলিলে ৷ ২০ হাজাৰৰো অধিক অৰ্ধসামৰিক বাহিনীৰ জোৱান ৰাজ্যখনত নিয়োগ কৰা হ’ল ৷ অৱশেষত আহি পালে ৬ ডিচেম্বৰ ৷ সিদিনা দুপৰীয়াৰ ভাগত হাজাৰ হাজাৰ কৰসেৱকে বিজয় উল্লাসেৰে হাতত গেৰুৱা পতাকা লৈ বিতৰ্কিত মছজিদৰ সৰ্বত্ৰ নিজৰ দখললৈ নিলে ৷ “ এক ধাক্কা অউৰ দো , বাবৰি মছজিদ তোৰ দো”- শ্ল’গানত কঁপি উঠিল অযোধ্যা ৷ঘটনাৰ আকস্মিকতাত শংকিত হৈ উঠিল খোদ এর কে আদৱানিও ৷ তেওঁৰ কৰসেৱকসকলক মছজিদৰ পৰা নামি আহিবলৈ আহ্বান জনালে ৷কিন্তু পৰিস্থিতি তেতিয়ালৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল ৷ মছজিদৰ গম্বুজৰ পৰা পৰি কেবাজনো কৰসেৱকৰ মৃত্যু হ’ল ৷ বহুজন আহত হ’ল ৷ আদৱানিক হেফাজতলৈ নিয়া হ’ল ৷ কিন্তু তাৰ পাছতো ভাৰতৰ ইখনৰ পাছত সিখন চহৰলৈ বিয়পি গ’ল সংঘৰ্ষ ৷ উত্তৰ প্ৰদেশৰ আৰম্ভ হোৱা সংঘাতৰ জুইকুৰা গুজৰাট , মধ্যপ্ৰদেশ ,কৰ্ণাটক সকলো ৰাজ্যতে নিমিষতে বিয়পি পৰিল ৷ সীমা সংখ্যা নোহোৱাকৈ মানুহ এই সংঘৰ্ষ বিলাকত নিহত হ’ল ৷ অযোধ্যাক ‘হিন্দুত্বৰ ভেটিকান ‘হিচাপে গঢ়াৰ যুঁজখনত অনেক হিন্দু মুছলমানৰ প্ৰাণ গ’ল৷ অসমতো তাৰ প্ৰভাৱ পৰিল ৷ পৰিস্থিতি উদ্বেগজনক হৈ উঠিল ৷ অসমৰ সম্প্ৰীতি অটুট ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে নাগৰিক সমাজে ৷ তেতিয়া আছুৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল ৷ আছুৰ উদ্যোগত লোৱা হ’ল এটা বিশেষ কাৰ্যসূচী ৷ অসমৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আছুৰ উদ্যোগত হাজোত আৰম্ভ কৰা হ’ল মণিকূট শোভাযাত্ৰা ৷ হাজোৰ পোৱামক্কাৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ ওলাল শোভাযাত্ৰা ৷ সেই তেতিয়াৰে পৰা হাজোত আজিও সেই পৰম্পৰা অব্যাহত আছে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.