WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

Share This Article

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে।

এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।

Scroll.in নামৰ ৱেব পৰ্টেলত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি স্বামীনাথানে ভাৰতৰ কৰোনা ভাইৰাছ টেষ্টৰ হাৰ কৰোনাৰ লগত সবল ভাবে যুজঁ দিয়া বিশ্বৰ অন্যান্য দেশ সমূহ যেনে জাৰ্মানী, টাইৱান, দক্ষিণ কোৰিয়া, জাপান আদি দেশৰ তুলনাত বহু কম বুলি আখ্যা দিছে।

অন্যহাতেদি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ কৰোনা ভাইৰাছ টেষ্টৰ সংখ্যাক আমেৰিকাত এই পৰ্য্যন্ত হোৱা মুঠ কৰোনা ভাইৰাছ টেষ্টৰ লগত তুলনা কৰিছে।

ট্ৰাম্পৰ মতে ভাৰতৰ ১৩০ কোটি জনসংখ্যাৰ বিপৰীতে আমেৰিকাৰ জনসংখ্যা মাত্ৰ 33 কোটি। কিন্তু ইয়াৰ পিছতো ভাৰতৰ কৰোনা ভাইৰাছ টেষ্টৰ সংখ্যা আমেৰিকাৰ টেষ্টৰ সংখ্যাৰ তিনি ভাগৰ এক হে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.