বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান

Share This Article

বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান৷  ২৬ টা চাকৰিৰ এজেন্টৰ পৰা সাৱধান৷ কাৰণ তথ্য-প্ৰযুক্তিত পাৰদৰ্শী চাকৰি প্ৰাৰ্থী মূল টাৰ্গেট হৈ পৰিছে অসাধু চক্ৰৰ৷ এওলোকৰ বিদেশত সহজে চাকৰিৰ লাভৰ বিজ্ঞাপনত ভোল গ’লে আপুনিও পৰিব বিপদত৷ বিদেশত চাকৰিৰ প্ৰলোভনত ভোল গ’লে ম্যানমাৰত বন্দী হৈ পৰিব পাৰে আপুনি৷  আমাৰ হাতত পৰিছে তেনে ২৬টা বিপদজনক এজেন্টৰ নাম৷

এই সমূহে কোম্পানীয়ে ডিজিটেল মিডিয়াত বিজ্ঞাপন দিয়ে ডিজিটেল এজেন্ট আৰু মাৰ্কেটিঙ এজেন্টৰ৷ বিদেশত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে এজেন্টে  অবৈধভাৱে চাকৰি প্ৰত্যাশিক লৈ যায় ম্যানমাৰলৈ৷ ইয়াৰ পাছত সন্ত্ৰাসজৰ্জৰ মাৱাদ্দী নামৰ এলেকাত লিপ্ত কৰায় চাইবাৰ ক্ৰাইমত৷ এই সন্দর্ভত ম্যানমাৰৰ ভাৰতীয় দূতাবাসে ৰাজহুৱা কৰিছে এখন বিশেষ তালিকা৷

ডুবাই-থাইলেণ্ডত উচ্ছ দৰমহাৰ চাকৰিৰ প্ৰলোভন দি লৈ যোৱা চাকৰি প্ৰত্যাশিক সকলক সন্ত্ৰাস জৰ্জৰ ম্যানমাৰৰ ম্যাৱাদ্দীলৈ লৈ গৈ প্ৰৱঞ্চকৰ দলে বাধ্য কৰে চাইবাৰ ক্ৰাইম কৰিবলৈ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.