সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি টুইট ডিলিট কৰিলে কেজৰিৱালে?

১৯ অক্টবোৰত এটা টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ টুইটটোত আছিল এটা ভিডিঅ’৷ ইয়াৰ কেপচন আছিল, ‘গুজৰাটৰ নির্বাচনী পৰিস্থিতি বুজিবলৈ এই প্ৰতিবেদন চাওক৷ কিন্তু প্ৰতিবেদন চাবলৈ আহ্বান কৰাৰ পাছতো,কিছু সময়ৰ পাছতে কেজৰিৱালে টুইটটো ডিলিট কৰি দিলে৷  তল অৰবিন্দ কেজৰিৱালৰ টুইটৰ স্ক্ৰীণশ্বট দিয়া হৈছে৷

- Donation -

অৰবিন্দ কেজৰিৱালে টুইটত যিটো ভিডিঅ’ সংলগ্ন কৰিছিল,সেই ভিডিঅ’টো আপৰ একাংশ সর্মথকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ আপ এক্সপ্ৰেছ নামৰ টুইটাৰ হেন্দেলৰ পৰা শ্বেয়াৰ কৰা টুইটতে দেখিব,কি ভিডিঅ’ টুইটাৰত আপলোড কৰি ডিলিট কৰিছিল অৰবিন্দ কেজৰিৱালে৷

 

আপুনি চোৱা ২ মিনিট ২০ ছেকেণ্ডৰ  ভিডিঅ’টোত গুজৰাটত আপৰ উত্থানৰ কথা কোৱা হৈছে৷ কেৱল সিমানেই নহয়,ইয়াত অৰবিন্দ কেজৰিৱালে আইবিৰ প্ৰতিবেদন অনুসৰি গুজৰাটত এইবাৰ আপৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে৷ কিন্তু কেইবাটাও সংবাদ মাধ্যমৰ ফেক্ট চেকত এই ভিডিঅ’টো সম্পাদিত বুলি প্ৰমাণ হৈছে৷ আচলতে অৰবিন্দ কেজৰিৱালে আপলোড কৰা ভিডিঅ’টো আছিল এবিপি নিউজৰ এটা বাতৰিৰ সাৰাংশ৷ ১৬ অক্টোবৰত এবিপি নিউজে ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোৰ কিছু কিছু অংশ বিকৃত কৰি আপলোড কৰা হৈছিল কেজৰিৱালৰ টুইটাৰত৷ চাওক লওক এবিপি নিউজৰ বাতৰিটোত কি আছিল-

 

ইয়াত দেখা গৈছে,যে এংকৰ গৰাকীয়ে অৰবিন্দ কেজৰিৱালে কৰা দাবী সন্দর্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে৷ এংকৰ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল,সঁচাকৈ কেজৰিৱালে আইবিৰ প্ৰতিবেদন লাভ কৰিছে নেকি? প্ৰশ্ন কৰিছিল,আইবিৰ এনেকুৱা প্ৰতিবেদন আছেনে? কিন্তু এই অংশটো কর্তন কৰি ভিডিঅ’টোৰ বিকৃতকৰণেৰে টুইটাৰত আপলোড কৰিছিল অৰবিন্দ কেজৰিৱালে৷ য’ত এক প্ৰকাৰে গুজৰাটত আপৰ সবল স্থিতিৰ কথা প্ৰতীয়ন নিয়াবলৈ চেষ্টা কৰা হৈছিল৷

Leave A Reply

Your email address will not be published.