কি টুইট ডিলিট কৰিলে কেজৰিৱালে?

Share This Article

১৯ অক্টবোৰত এটা টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ টুইটটোত আছিল এটা ভিডিঅ’৷ ইয়াৰ কেপচন আছিল, ‘গুজৰাটৰ নির্বাচনী পৰিস্থিতি বুজিবলৈ এই প্ৰতিবেদন চাওক৷ কিন্তু প্ৰতিবেদন চাবলৈ আহ্বান কৰাৰ পাছতো,কিছু সময়ৰ পাছতে কেজৰিৱালে টুইটটো ডিলিট কৰি দিলে৷  তল অৰবিন্দ কেজৰিৱালৰ টুইটৰ স্ক্ৰীণশ্বট দিয়া হৈছে৷

অৰবিন্দ কেজৰিৱালে টুইটত যিটো ভিডিঅ’ সংলগ্ন কৰিছিল,সেই ভিডিঅ’টো আপৰ একাংশ সর্মথকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ আপ এক্সপ্ৰেছ নামৰ টুইটাৰ হেন্দেলৰ পৰা শ্বেয়াৰ কৰা টুইটতে দেখিব,কি ভিডিঅ’ টুইটাৰত আপলোড কৰি ডিলিট কৰিছিল অৰবিন্দ কেজৰিৱালে৷

 

আপুনি চোৱা ২ মিনিট ২০ ছেকেণ্ডৰ  ভিডিঅ’টোত গুজৰাটত আপৰ উত্থানৰ কথা কোৱা হৈছে৷ কেৱল সিমানেই নহয়,ইয়াত অৰবিন্দ কেজৰিৱালে আইবিৰ প্ৰতিবেদন অনুসৰি গুজৰাটত এইবাৰ আপৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে৷ কিন্তু কেইবাটাও সংবাদ মাধ্যমৰ ফেক্ট চেকত এই ভিডিঅ’টো সম্পাদিত বুলি প্ৰমাণ হৈছে৷ আচলতে অৰবিন্দ কেজৰিৱালে আপলোড কৰা ভিডিঅ’টো আছিল এবিপি নিউজৰ এটা বাতৰিৰ সাৰাংশ৷ ১৬ অক্টোবৰত এবিপি নিউজে ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোৰ কিছু কিছু অংশ বিকৃত কৰি আপলোড কৰা হৈছিল কেজৰিৱালৰ টুইটাৰত৷ চাওক লওক এবিপি নিউজৰ বাতৰিটোত কি আছিল-

 

ইয়াত দেখা গৈছে,যে এংকৰ গৰাকীয়ে অৰবিন্দ কেজৰিৱালে কৰা দাবী সন্দর্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে৷ এংকৰ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল,সঁচাকৈ কেজৰিৱালে আইবিৰ প্ৰতিবেদন লাভ কৰিছে নেকি? প্ৰশ্ন কৰিছিল,আইবিৰ এনেকুৱা প্ৰতিবেদন আছেনে? কিন্তু এই অংশটো কর্তন কৰি ভিডিঅ’টোৰ বিকৃতকৰণেৰে টুইটাৰত আপলোড কৰিছিল অৰবিন্দ কেজৰিৱালে৷ য’ত এক প্ৰকাৰে গুজৰাটত আপৰ সবল স্থিতিৰ কথা প্ৰতীয়ন নিয়াবলৈ চেষ্টা কৰা হৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.