সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ত কি হ’ল ক্ৰীড়া জগতত?

প্ৰতিবেদন-
কাকলি বৰগোহাঁইৰ
২ টা বছৰ ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাই সমগ্ৰ বিশ্বই নতুন আশা লৈ আকোঁৱালি লৈছিল ২০২২চনক। চাওঁতে চাওঁতে ২০২২ চনেও মেলানি মাগিবলৈ কেইটামান মুৰ্হুত বাকী।আহিছে নতুন এটা বৰ্ষ ২০২৩। ২০২২ চনৰ বিদায়ৰ প্ৰাকক্ষণত দ্য ক্ৰছকাৰেণ্টৰ সমূহ দৰ্শকলৈ লৈ আহিছোঁ ২০২২ চনত ক্ৰীড়া জগতৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিৰে এই বিশেষ প্ৰতিবেদন-
ক্ৰিকেট আৰু ফুটবল। ক্ৰিকেট আৰু ফুটবল এক ৰোমাঞ্চকৰ খেল। প্ৰতিজন ভাৰতীয়ৰ প্ৰিয় খেল ক্ৰিকেট। যাক ভদ্ৰলোকৰ খেল বুলিও জনা যায়।কিন্তু ক্ৰিকেটৰ সমান্তৰালভাৱে ফুটবল খেলো প্ৰিয় খেল প্ৰতিজন ভাৰতীয়ৰ। তাৰ প্ৰমাণ দিলে শেহতীয়াকৈ কাটাৰত অনুষ্ঠিত ২২ সংখ্যক ফিফা বিশ্বকাপ ফুটবলত৷ ২২ সংখ্যক ফিফা বিশ্বকাপ ফুটবল সকলো বিতৰ্ক তথা কল্পনা-জল্পনাৰ ওৰ পেলাই মৰুৰ দেশ কাটাৰত ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ল বিশ্বকাপ ফুটবল। বিশ্বৰ ৩২ খন দেশে অংশগ্ৰহণ কৰিলে কাটাৰ বিশ্বকাপ ফুটবলত।সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমবাসী ডুব গ’ল ফিফা বিশ্বকাপ ফুটবলত। ১৮ ডিচেম্বৰত মহাশক্তিশালী ফান্সক পৰাস্ত কৰি আৰ্জেণ্টিনাই ৩৬ বছৰৰ মূৰত দখল কৰিলে বিশ্বকাপৰ স্বৰ্ণ ট্ৰফী।বিশ্বকাপ ফুটবল সমাপ্ত হ’ল যদিও এতিয়াও যেন চাৰিওফালে চৰ্চা মেছি, এমবাপ্পে, ৰোনাল্ডো, নেইমাৰৰ…। ২০১৮ চনৰ ফিফা বিশ্বকাপৰ চেম্পিয়ন ফ্ৰান্স পৰাজিত হ’ল যদিও হাৰি হাৰিও জিকি গল এমবাপ্পে। ৰোমাঞ্চকৰ ফাইনেল মেচখনত আৰ্জেণ্টিনাৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰাৰ লগতে লাভ কৰিলে গল্ডেন বুটৰ এৱাৰ্ড।বিশ্ববাসীয়ে ফুটবল বিশ্বত বিচাৰি পালে মেছি আৰু ৰোনাল্ডোৰ উত্তৰাধীকাৰীক। বহু খেলুৱৈৰ কাটাৰৰ ফিফা বিশ্বকাপেই হ’ল অন্তিমখন বিশ্বকাপ। ৩৬ বছৰৰ মূৰত মাৰাডোনাৰ দেশলৈ বিশ্বকাপৰ ট্ৰফী যোৱাৰ লগে-লগে এতিয়া যেন মেছিৰ জ্বৰে দহিছে সকলোকে। শেহতীয়াকৈ মেছিৰ দেশ আৰ্জেণ্টিনাই ভাৰতৰ কেৰালাৰ ফুটবলাৰক প্ৰশিক্ষণ দিব বুলি চৰ্চা লাভ কৰিছে সকলোতে। কেৰালাক সকলোৱে জানে ফুটবল উন্মাদনাৰ ৰাজ্য হিচাপে। লগতে মেছি কেৰালাবাসীৰ প্ৰিয় খেলুৱৈ। যাৰবাবে আগষ্টিন চেনিলিয়ানীয়ে আৰ্জেণ্টিনাৰ প্ৰতি অপৰিসীম মালায়ালী অনুৰাগীসকলক জনাইছে ধন্যবাদ।
#টি-২০ বিশ্বকাপ ক্ৰিকেট ৷ ১৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰৰ লৈকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হয় টি-২০ বিশ্বকাপ ক্ৰিকেট। ১৬ খন দেশে অংশগ্ৰহণ কৰা টি-২০ ৱল্ড কাপত অনুষ্ঠিত হয় ৪৬ খন মেচ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ ৱৰ্ল্ড কাপত হয় বিচিত্ৰময় ঘটনা। সৰু সৰু দেশে পৰাজিত কৰে শক্তিশালী দলক।যাৰবাবে গ্ৰুপ পৰ্যায়ৰৰ পৰাই বাহিৰ হ’ব লগীয়া হৈছিল শক্তিশালী দল। গ্ৰুপ এ পৰ্যায়ত মেচত নামিবিয়াৰ নিচিনা সৰু দলে শক্তিশালী শ্ৰীলংকাক পৰাজিত কৰে ৫৫ ৰাণত, গ্ৰুপ বিৰ মেচত পূৰ্বৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজক ৪২ ৰাণত পৰাজিত কৰে সৰু দল স্কটলেণ্ডে।লগতে প্ৰথম পৰ্যায়ৰ গ্ৰুপ বিৰ আন এখন মেচত আয়াৰলেণ্ডে ৯ উইকেটত ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যাযৰৰ পৰাই হ’ব লগা হয় বাহিৰ। আনহাতে চুপাৰ ১২ ৰ গ্ৰুপ এ মেচত ইংলেণ্ডৰ নিচিনা শক্তিশালী দলক আয়াৰলেণ্ডে পৰাজিত কৰে ৫ ৰাণত। ১৩ নৱেম্বৰত মেলবৰ্ণ ক্ৰিকেট ষ্টে়ডিয়ামত অনুষ্ঠিত ফাইনেল মেচত মুখামুখি হয় ইংলেণ্ড আৰু পাকিস্তান। ইংলেণ্ডে পাকিস্তানক ৫ উইকেটত পৰাজিত কৰি দ্বিতীয় বাৰৰ বাবে দখল কৰে টি-২০ বিশ্বকাপৰ খিতাপ। আনহাতে ভাৰত ছেমিফাইনেলত থমকিব লগা হয়। ২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই ভাৰতে দখল কৰিছিল টি-২০ বিশ্বকাপ। তাৰ পাছত ভাৰতে ২২ বছৰে টি-২০ বিশ্বকাপৰ সোৱাদ লাভ কৰা না্ই। কিন্তু ভাৰতৰ ৰাণ মেচিন বিৰাট কোহলিয়ে টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।।ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছেম কৰণ লাভ কৰে মেন অফ দ্য মেচৰ লগতে মেন অফ দ্য ছিৰিজৰ ট্ৰফী।

# মহিলা এছিয়ান কাপ ২০২২

- Donation -

বছৰৰ আৰম্ভণিতে ২০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে ভাৰতত অনুষ্ঠিত হয় মহিলা এছিয়ান ফুটবল প্ৰতিযোগিতা। এছিয়া মহাদেশৰ ১২ টা দলে অংশগ্ৰহণ কৰিছিল এছিয়ান ফুটবল প্ৰতিযোগিতাত। অনুষ্ঠিত হৈছিল ২৬ খন মেচ।৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত ফাইনেল মেচত দক্ষিণ কোৰিয়াক চীনে ৩-২ গলত পৰাজিত কৰি নৱম বাৰৰ বাবে দখল কৰে মহিলা এছিয়ান কাপৰ খিতাপ।

# আইপিএল
২০২২ বৰ্ষৰ আৰম্ভণিতে দেশ তথা বিশ্বজুৰি আৰম্ভ হৈছিল আইপিএল তথা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জ্বৰ। প্ৰায় ২ মাহ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা আইপিএলত প্ৰথম বাৰলৈ ১০ টা ফ্ৰেঞ্চাইজিৰ দলে কৰিছিল অংশগ্ৰহণ। লগতে প্ৰথমবাৰলৈ আইপিএল ট্ৰফীৰ স্পনচ’ৰাৰ হয় টাটা গ্ৰুপ। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত…

Leave A Reply

Your email address will not be published.