কঁঠালৰ পৰা ক’ৰোনা

Share This Article

কঁঠালৰ পৰা ক’ৰোনা।ভাবিবলৈ আচৰিত।অথচ সত্য।বাৰীত কঁঠাল গছ,গছত পুৰঠ কঁঠাল।তাৰে এটা পাৰি খোৱাৰ হাবিয়াস সকলোৰে।সেই হাবিয়াসৰ বলত কেৰেলাৰ এজন যুৱক উঠিল নিজৰ বাৰীৰ এজোপা কঁঠাল গছত।তাৰপিছত যুৱকজনে কঁঠাল খাবলৈ পালে নে নাপালে সেইয়া পিছৰ কথা,আচল কথাটো শুনি আপুনিও আচৰিত হব ,যে তেওঁৰ দেহত ওলাল ক’ৰোনা ভাইৰাছ।কিন্তু কেনেকৈ?

কাহিনী অতি সৰল।ঘটনা কেৰেলাৰ।বাৰীৰ এজোপা কঁঠাল গছৰ পৰা এটা কঁঠাল পাৰো বুলি গছত উঠিল পেছাত এজন অ’টো চালক।কঁঠাল সৰিল।কিন্তু মাটিত নহয়।দুৰ্ভাগ্যবশত কঁঠাল সৰিল যুৱকজনৰ মূৰতহে।কঁঠাল পৰি গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত যুৱকজনক লগে লগে লৈ যোৱা হ’ল এখন স্থানীয় চিকিৎসালয়লৈ।গম পোৱা গল,মেৰুদণ্ডত মাৰাত্মক ধৰণে আঘাত পাইছে যুৱকজনে।প্ৰয়োজন হ’ল জৰুৰীকালীন অস্ত্ৰোপ্ৰচাৰ।কিন্তু এইয়া ক’ৰোনাৰ সময়।চিকিৎসালয়ত ভৰ্তি হোৱা সকলো ৰোগীৰ বাবে প্ৰযোজ্য হয় কোভিদ 19 প্ৰট’কল।প্ৰট’কল অনুসৰি যুৱকজনৰ কোভিদ 19 পৰীক্ষা সম্পন্ন হ’ল।আচৰিত কথা,যুৱকজনৰ দেহত চিনাক্ত হ’ল ক’ৰোনা ভাইৰাছ।লগে লগে সৃষ্টি হ’ল ব্যাপক কৌতুহলৰ।চিকিৎসালয় কৰ্তৃপক্ষৰ মতে,যুৱকজনৰ দেহত নাছিল ক’ৰোনাৰ কোনো উপসৰ্গ।আনকি এই সময়ছোৱাত দেশৰ বাহিৰলৈও যোৱা নাছিল যুৱকজন।যুৱকজনৰ অ’টোত কোনোবা ক’ৰোনা আক্ৰান্ত উঠিছিল নেকি তাৰো তথ্য নাই যুৱকজনৰ লগত। তেন্তে কেনেকৈ ক’ৰোনাত আক্ৰান্ত হ’ল যুৱকজন?অৱশ্যে,এবাৰ এখন স্থানীয় চিকিৎসালয়লৈ যোৱাৰ কথা ব্যক্ত কৰিছে যুৱকজনে।তাতেই যুৱকজনৰ দেহলৈ সংক্ৰমিত হ’ব পাৰে ক’ৰোনা।অৱশ্যে ইও এক সন্দেহহে।
যুৱকজনৰ লগতে পৰিয়ালৰ সকলো সদস্যক ইতিমধ্যে কোৱাৰাইনণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।দেখাত সমগ্ৰ ঘটনাতো সৰল।কিন্তু প্ৰশ্ন উঠিছে,চৰকাৰে কেৰেলাত ক’ৰোনাৰ গণ সংক্ৰমণ হোৱা নাই বুলি দাবী কৰাৰ পিছতো,কোনো ৰোগীৰ সংস্পৰ্শলৈ নোযোৱা এজন ব্যক্তি কেনেকৈ ক’ৰোনাত আক্ৰান্ত হ’ব পাৰে?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.