যদি ৫ বছৰ কাৰাগাৰত থাকিব লগা হয় বর্ষাশ্ৰীয়ে! যদি ৫ বছৰৰ পিছত বর্ষাশ্ৰীক দোষমুক্ত ঘোষনা কৰে আদালতে! ৫ বছৰৰ ক্ষতিপূৰণ ঘূৰাই পাবনে ১৮ বছৰীয়া বর্ষাশ্ৰীয়ে?
কিয় উত্থাপন হৈছে এই প্ৰশ্ন?
আপোনাক জনাব বিচাৰিছো নিয়াৰ এক আদালতৰ এটা শেহতীয়া ৰায়ৰ প্ৰসংগ৷ চট্টিশগড়ৰ এক নিয়াৰ আদালতে শুক্ৰবাৰে দোষমুক্ত ঘোষনা কৰিছে ১২১ গৰাকী জনজাতীয় লোকক৷ বিগত ৫ বছৰ ধৰি কাৰাবন্দী হৈ আছিল এই ১২১ গৰাকী জনজাতীয় লোক৷ ৫ বছৰৰ কাৰাগাৰত থাকি আদালতৰ ৰায়ৰ পাছত মুকলি আকাশৰ তললৈ আহি এজন কাৰাবন্দীৰ ভাষ্য,’আৰক্ষীয়ে মোক চুকমাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ মই এই ৫ বছৰত সকলো হেৰুৱালো৷ মই কোনো অপৰাধ কৰা নাছিলো৷ অথচ মোক গ্ৰেপ্তাৰ কৰা হল৷ এই ৫ বছৰত মই কাৰাগাৰত কি যন্ত্ৰনাৰে কটাইছিলো বুজাব নোৱাৰো৷
কিয় বিনাদোষে ৫ বছৰ কাৰাগাৰত কটাইছিল ১২১ গৰাকী জনজাতীয়ই?
২০১৭ চনৰ ২৪ এপ্ৰিলত চট্টিশগড়ৰ বোর্কাপল গাওত সংঘটিত হৈছিল এক ভয়াৱহ গুলীবর্ষনৰ ঘটনা৷ চেন্ট্ৰেল পুলিচ ৰির্জাভ ফ’র্চৰ এটা বাহিনীৰ ওপৰত চলা মাওবাদীৰ এই গুলীবর্ষনত ২৫ জন লোকৰ উপৰিও নিহত হৈছিল এজন উচ্চ পর্যায়ৰ আৰক্ষী বিষয়া৷ ইয়াৰ কিছুদিন পিছতেই চট্টীশগড় আৰক্ষীয়ে ৬ খন জনজাতীয় গাওৰ সর্বমুঠ ১২০ গৰাকী লোকৰ ওপৰত ৰুজু কৰে এটা গোচৰ৷ পৰবর্তী সময়ত এই তালিকাত যোগ হয় আন এগৰাকী মহিলা৷ ফলত অভিযুক্ত জনজাতীয় লোকৰ সংখ্যা হয়গৈ ১২১ গৰাকী৷ তাৰপাছতেই ৫ বছৰীয়া কাৰাবন্দীত্বৰ জীৱন আৰম্ভ এই ১২১ গৰাকী জনজাতীয় লোকৰ৷
ইউএপিএৰ অধীনত ৰুজু কৰা হৈছিল গোচৰ
ভাৰতীয় দণ্ডবিধি আইনৰ Sections 147, 148, 149, 120(B), 307, 302, 396, 397; Arms Act ৰ Sections 25 আৰু 27 আৰু Explosive Substances Act ৰ Sections 3 আৰু 5 ৰ অধীনত এই ১২১ গৰাকী জনজাতীয় লোকৰ ওপৰত ৰুজু কৰা হয় গোচৰ৷ পৰবর্তী সময়ত অতিৰিক্ত ভাবে Chhattisgarh Vishesh Jan Surakhsha Adhinayam আৰু UAPA ৰ ধাৰাও সংযোগ কৰা হয় চার্জশ্বীটত ৷ তেওলোকৰ বিৰুদ্ধে ঘটনাত মাওবাদীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল৷
পলমকৈ আৰম্ভ হৈছিল শুনানী
নিয়াৰ আদালতত গোচৰটোৰ শুনানী আৰম্ভ হয় ২০২১ চনৰ আগষ্ট মাহৰ পৰা৷ শুনানীৰ অন্তত বিগত শুক্ৰবাৰে চট্টিশগড়ৰ নিয়াৰ বিশেষ আদালতে প্ৰদান কৰে ৰায়৷ আদালতৰ ৰায়,বিগত ৫ বছৰ ধৰি কাৰাবন্দী হৈ থকা ১২১ গৰাকী জনজাতীয় ব্যক্তি নিদোর্ষী৷ তেওলোকক কাৰাগাৰৰ পৰা শীঘ্ৰে মুকলি কৰি দিব লাগে৷ ৰায় প্ৰদান কৰি আদালতে কয়,কোনো তথ্য অথবা সাক্ষ্যই অভিযুক্তসকল মাওবাদী সদস্য অথবা অপৰাধত জড়িত বুলি প্ৰমাণ দিব পৰা নাই৷আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ শস্ত্ৰও অভিযুক্ত সকলৰ পৰা জব্দ কৰা বুলি প্ৰমাণ নাই৷ আনহাতে এই গোচৰটোৰ এজন অধিবক্তা,বেলা ভাটিয়াই কয় যে,তেওলোকে বিনাদোষত জীৱনৰ ৫ টাকৈ অমূল্য বছৰ কাৰাগাৰত কটাব লগা হ’ল৷ প্ৰতিজন অভিযুক্তক প্ৰতিটো শুনানীতেই আদালতত হাজিৰ কৰাব লাগে যদিও,তেওলোকক মাত্ৰ দুটা শুনানীতহে আদালতত হাজিৰ কৰোৱা হৈছিল৷ জিলা পর্যায়ৰ নিয়াৰ আদালত আৰু উচ্চ ন্যায়ালয়তো জামিন নাকচ হৈ আহিছিল৷
কাৰাগাৰতেই মৃত্য হৈছিল এজনৰ
কাৰাগাৰত থকাৰ সময়তেই অভিযুক্ত সকলৰ এজনৰ মৃত্যুও হয়৷ আন ৭ শিশু অভিযুক্তক পূর্বেই কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল৷ আদালতৰ শেহতীয়া ৰায়ৰ পিছতেই শনিবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৬ খনকৈ জনজাতীয় গাওৰ কাৰাবন্দী হৈ থকা ১১৩ গৰাকী জনজাতীয় লোকক৷
একেই আইনৰ অধীনত কাৰাবন্দী অসমৰ বর্ষাশ্ৰী
এয়া চট্টীশগড়ৰ ৬ খনকৈ গাওৰ ১২১ গৰাকী লোকে বিনাদোষত ৫ টাকৈ বছৰ কাৰাগাৰত কটোৱাৰ কাহিনী৷ কাৰাগাৰত বিনাদোষে তেওলোকে ৫ বছৰ কটালে৷ এজনে জীৱন হেৰুৱালে৷ কিন্তু আদালতে কলে,তেওলোক দোষী নাছিল৷ লক্ষনীয় কথাটো হল,এওলোক আছিল ইউএপিএ আইনৰ অধীনত অভিযুক্ত৷ ইউএপিএ আইনৰ দ্বাৰা নিদোর্ষী জনতা কিদৰে হাৰাশাস্তিৰ বলি হৈ আহিছে সেয়া চট্টীশগড়ৰ এই কাহিনীয়েই উদাহৰন৷ কিদৰে এই আইনৰ দ্বাৰা সন্ত্ৰাস দমনৰ নামত জনতাৰ ওপৰত নির্যাতন চলিছে তাক বুজিবলৈ চট্টিশগড়ৰ এই কাহিনীৰ বাহিৰে অন্য একোৰে প্ৰয়োজন নাই! সেই একেখন আইনৰ অধীনতে এতিয়া কাৰাগাৰত দিন কটাইছে অসমৰ বর্ষাশ্ৰী বুঢ়াগোহাঁইয়ে৷ দোষী নিদোর্ষী এটা সময়ত আদালতত নিশ্চয় ওলাই পৰিব৷ কিন্তু বিনাদোষে চট্টিশগড়ৰ এই ১২১ গৰাকী জনজাতীয় লোকে ৫ টাকৈ বছৰ কাৰাগাৰত কটোৱাৰ দৰে বর্ষাশ্ৰীয়েও কাৰাগাৰত কটাব লাগিব নেকি জীৱনৰ অমূল্য সময়? সেয়া এতিয়া ডাঙৰ প্ৰশ্ন৷ প্ৰশ্ন,যদি ৫ বছৰ কাৰাগাৰত থাকিব লগা হয় বর্ষাশ্ৰীয়ে! যদি ৫ বছৰৰ পিছত বর্ষাশ্ৰীক দোষমুক্ত ঘোষনা কৰে আদালতে! ৫ বছৰৰ ক্ষতিপূৰণ ঘূৰাই পাবনে ১৮ বছৰীয়া বর্ষাশ্ৰীয়ে?