আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

Share This Article

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ’ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই।

আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo, Paytm আৰু চাইনীজ কোম্পানী Tancent ৰ বিনিয়োগ থকা Dream 11 আৰু Swiggy।

উল্লেখযোগ্য যে বিগত কেইবা মাহো ধৰি চলি থকা ভাৰত চীনৰ সীমা বিবাদক কেন্দ্ৰ কৰি যোৱা জুন মাহত আই পি এল এ চীনৰ কোম্পানীৰ স্পনশৰ্শ্বিপ নোলোৱাৰ সিদ্ধান্ত লৈছিল।

এই পি এলৰ গৱৰ্নিং ব’ডীয়ে জনোৱা অনুসৰি এইবাৰ এই পি এল অনুষ্ঠিত হ’ব ইউনাইটেড আৰৱ এমিৰটছত। ৫৩ দিনীয়া এই খেল অনুষ্ঠিত কৰিবলৈ আই পি এল কৰ্তৃপক্ষই নিৰ্বাচন কৰিছে ডুবাই, ছাৰ্জাহ আৰু আবু ধাৱী চহৰ। অৱশ্যে, বি চি চি আই এ এই পৰ্যন্ত ভাৰত চৰকাৰৰ পৰা আৰৱত খেল অনুষ্ঠিত কৰাৰ সন্মতি লাভ কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.