সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে

১৬ মে’ত দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ’ব।অৰ্থাৎ,১৬ মে’ৰ পিছত ভাৰত ক’ৰোনা মুক্ত হ’ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন সমিতি গঠন কৰি দিছিল।এই সমিতিৰ মুৰব্বী আছিল ডাঃ ভি কে পাল।আজিৰ পৰা মাত্ৰ ২২ দিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰি ডাঃ ভি কে পালে দেশৰ ক’ৰোনা ভাইৰাছৰ ভৱিষ্যতৰ পৰিস্থিতি কি হ’ব সেই বিষয়ে বৰ্ণনা কৰিছিল।তেখেতে বিভিন্ন তথ্য পৰিসংখ্যা দাঙি ধৰি উল্লেখ কৰিছিল যে,মে’ মাহৰ আৰম্ভণিৰ পৰা লাহে লাহে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা কমি আহিব আৰু ১৬ মে’ৰ দিনা আক্ৰান্তৰ সংখ্যা শূণ্য হ’ব।অৰ্থাৎ,দেশ ক’ৰোনা মুক্ত হ’ব।কিন্তু বিশেষজ্ঞ সমিতিৰ ধাৰণা ভুল প্ৰতিপন্ন কৰি ১৬ মে’ৰ দিনা দেশত মুঠ ৪৯৮৭ জন ব্যক্তি ক’ৰোনাত আক্রান্তৰ হয়।এতিয়া প্ৰশ্ন হয়,এনে বিশেষজ্ঞ সকলৰ পৰামৰ্শ মৰ্মেই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত লকডাউন জাৰি কৰা অথবা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি?যদিহে সেইটোৱে হয়,তেন্তে ভুল পৰিসংখ্যা আৰু ধাৰণাৰ বাবে হয়তো অনাগত সময়ত আৰু অধিক ভয়াবহতাৰ দিশে গতি কৰিব লাগিব ভাৰতবাসীয়ে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.