সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০ আগষ্টৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া

গুৱাহাটী, ৭ জুলাই: ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম পৰ্যায়ৰ (বাচনি তালিকা অনুসৰি) নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১০ আৰু ১১ আগষ্টত । উল্লেখিত তাৰিখৰ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ বিশ্ববিদ্যালয়খনৰ অফিছিয়েল ৱেবচাইটত অনলাইন যোগে নামভৰ্তি প্ৰক্ৰিয়া চলিব ।

ইপিনে বিশ্ববিদ্যালয়খনৰ ৱেবচাইটতে প্ৰথম পৰ্যায়ৰ বাচনি তালিকাৰ নামভৰ্তি সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ বাচনি তালিকা তথা নামভৰ্তিৰ দিন ঘোষণা কৰা হ’ব । এইক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ বাবে (EC আৰু DC ) ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ তাৰিখ পৃথককৈ ঘোষণা কৰা হ’ব ।

- Donation -

উল্লেখ্য যে নামভৰ্তিৰ সৈতে জড়িত নথি পত্ৰসমূহ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে পৰ্যবেক্ষণ কৰা হ’ব ।

অধিক তথ্য যেনে নামভৰ্তিৰ ব্যৱস্থা, বিষয় নিৰ্বাচন আৰু নামভৰ্তিৰ মাচুলৰ বিষয়ে জানিবলৈ কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.cottonuniversity.ac.in ত লাভ কৰিব পাৰিব ।

Leave A Reply

Your email address will not be published.