সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি বিয়পোৱাৰ এক খবৰ পোহৰলৈ আহিছে৷ ক’ভিড-১৯ সম্পর্কীয় সকলো আপডেট টুইটাৰত টুইট কৰি জনাই আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এক টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হয় চচিয়েল মিডিয়াত৷ টুইটটোত কোৱা হৈছিল যে আৰু ৮ জন ব্যক্তিৰ ক’ভিড-১৯ পজিটিভ ৰিজাল্ট আহিছে৷ ব্যক্তিকেইগৰাকী ৰাজস্থানৰ পৰা কাচাৰলৈ অহা বাচখনৰ যাত্ৰী আছিল বুলি কোৱা হৈছিল৷ কিন্তু হিমন্ত বিশ্ব শর্মাই আজি এক টুইটৰ জৰিয়তে সেই টুইট ভুৱা বুলি জনাইছে৷ মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীক এফ আই আৰ ৰুজু কৰি বিষয়টো তদন্ত কৰিবলৈও অনুৰোধ জনাইছে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.