সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে কি বৃৃৃৃহৎ পদক্ষেপ ল’লে ?

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ কালি ৰাতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল “আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ় দিয়াৰ লক্ষৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘন্টা নৌহওঁতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ দেশৰ সমূহ অৰ্ধসামৰিক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিভাগীয় কেণ্টিন সমুহত এতিয়াৰ পৰা কেৱল বিক্ৰী হ’ব দেশীয় ভাৱে উৎপাদিত পণ্য দ্ৰব্য ৷ ১ জুনৰ পৰাই এই সিদ্ধান্ত কাৰ্যকৰী হ’ব ৷ প্ৰায় ১০ লাখ আৰ্মড পুলিচ ফোৰ্ছ আৰু তেওঁলোকৰ পৰিয়ালৰ ৫০ লাখ সদস্যই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব দেশীয় ভাৱে উৎপাদিত দ্ৰব্য ৷
সংবাদ সংস্থাৰ বাতৰি অনুসৰি অৰ্ধ সামৰিক বাহিনীৰ কেণ্টিনৰ পৰা বছৰি দুই হাজাৰ নশ কৌটি টকাৰ সামগ্ৰী বিক্ৰী হয় ৷

Leave A Reply

Your email address will not be published.