সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জিলা বিলুপ্তিক লৈ ৰঙা চকু আদালতৰ

জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ । ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ন্যায়ালয়ে।হোজাই জিলা বিলুপ্তি সন্দৰ্ভত জিয়াউৰ ৰহমানৰ পি আই এল বিচাৰৰ বাবে গ্ৰহণ আদালতৰ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক লৈ এইবাৰ আদালতৰ ওচৰত জৱাবদিহি হৈছে ৰাজ্য চৰকাৰ।দুদিন পূৰ্বে বিশ্বনাথ জিলা বিলুপ্তিকৰণক লৈ চৰকাৰলৈ জাননী জাৰি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি হোজাই জিলা বিলুপ্তিকৰণৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ। জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (পি আই এল) দাখিল কৰিছিল।উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে অসম চৰকাৰে যোৱা ৩১ ডিচেম্বৰৰ নিশা হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে ২৭ ডিচেম্বৰৰ দিনা ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি কৰি লগতে এই বুলি কৈছিল যে ১ জানুৱাৰীৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱালৈকে চৰকাৰে অসমৰ কোনো প্ৰশাসনীয় এলেকাৰ সালসলনি কৰিব নোৱাৰিব। নিৰ্বাচন আয়োগৰ উক্ত জাননীৰ পিছতে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক ততাতৈয়াকৈ নতুন দিল্লীলৈ মাতি নি কেবিনেট বৈঠক অনুষ্ঠিত কৰে আৰু উক্ত কেবিনেট বৈঠকতে চাৰিখন জিলা বিলুপ্তিৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰে।ৰাজ্য চৰকাৰে এনেদৰে কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু অবৈধ বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সঞ্জু বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন সুকীয়া পি আই এল দাখিল কৰিছিল৷ সঞ্জু বৰাই বিশ্বনাথ জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে জিয়াউৰ ৰহমানে হোজাই জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায়৷ দুদিন পূৰ্বে আদালতে সঞ্জু বৰাৰ পি আই এলখন বিচাৰৰ বাবে গ্ৰহণ কৰাৰ পিছত আজি মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা আৰু ন্যায়াধীশ কাৰ্ডাক ইটেৰ খণ্ড বিচাৰপীঠে জিয়াউৰ ৰহমানৰ পি আই এলখন (পি আই এল নং ২৬/২০২৩) গ্ৰহণ কৰি চৰকাৰলৈ জাননী জাৰি কৰে৷ আদালতে চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে।আজি এই সন্দৰ্ভত গোচৰকৰ্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ কয়, “জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্ত একপক্ষীয়, স্বেচ্চাচাৰী আৰু অবৈধ৷ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে – যিটো কাম আচলতে চৰকাৰে কৰিব নোৱাৰে৷ সেয়ে আমি আশা কৰিছো যে আদালতে চৰকাৰৰ সিদ্ধান্তক অবৈধ ঘোষণা কৰিব। তেতিয়াহে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক নিজৰ মতে পৰিচালিত কৰিবলৈ চৰকাৰপক্ষই চলাই অহা ষড়যন্ত্ৰ প্ৰতিহত হ’ব।”

Leave A Reply

Your email address will not be published.