সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ্যকালৰ শেষৰ বছৰত বিজেপিয়ে বুজিলে ৰামনামেইহে সাৰ !

দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ। একেলেথাৰিয়ে দুটা কাৰ্যকাল দেশৰ শাসনত থাকি ক্ষমতা হেৰুৱাব খোজা নাই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ।বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰ খনৰ হাতত আছে মাত্ৰ ৭ টা মাহ।অৱশ্যে দেশত যিটো হাৰত এক দেশ এক নিৰ্বাচন নীতি বলবৎ কৰাৰ যো-জা চলিছে কেনেবাকৈ সেই নীতি কাৰ্যকৰী হ’লে নিৰ্বাচন হয়তো আগুৱাব।বিৰোধীৰ ঐক্যবদ্ধ মৰ্চাৰ নেতৃত্বত ইণ্ডিয়া গঠন হোৱাৰ পৰা দৈনিক ১৮ ঘণ্টা কাম কৰি ৬ ঘণ্টা জিৰণি লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বোলে শান্তিৰে চকুকেইটাই মুদিব পৰা নাই।বিৰোধীৰ তৎপৰতাত কঁপি উঠিছে ৫৬ ইঞ্চিৰ বুকু৷সেয়ে বিৰোধীক পৰাভূত কৰাৰ স্বাৰ্থত দৈনিক তৈয়াৰ কৰিছে ন ন পৰিকল্পনা।বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ পিছৰ পৰা দেশৰ নাম সলোৱাৰ আঁচনি,এক দেশ এক নিৰ্বাচনৰ আঁচনি,ৰাম মন্দিৰ উদ্ধোধনৰ জৰিয়তে দেশত এক আলোড়নৰ সৃষ্টি কৰি জনতাৰ ভোট গোটোৱাৰ আঁচনি, মুঠতে আঁচনিয়েই আঁচনি গ্ৰহণ কৰিছে বিজেপিয়ে।জনতাক মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখি কিছুমান নতুন অলাগতিয়াল বিষয়ত মগ্ন কৰি ৰাখি নিজৰ জয়গান গোৱাটোৱেই বৰ্তমানৰ চৰকাৰখনৰ যেন প্ৰধান উদ্দেশ্য।ইতিমধ্যে কেন্দ্ৰত মুঠ ৯ টা বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।এই ৯ বছৰত প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষমতালৈ অহাৰ আগতে দিয়া প্ৰতিশ্ৰুতিবোৰৰ বেছিভাগেই ৰক্ষা কৰাত বিফল হ’ল ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া প্ৰতিশ্ৰুতিবোৰৰ মুঠ ১৫৪০ টা প্ৰতিশ্ৰুতিয়েই এতিয়ালৈকে পূৰণ হোৱা নাই।২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত দিয়া মুঠ ৩৮৫ টা প্ৰতিশ্ৰুতি ২০১৯ চনলৈকে পূৰণ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।কৃষকৰ উপাৰ্জন দুগুণ কৰা,ক’লা ধন ঘূৰাই আনি দেশৰ জনতাৰ একাউণ্টত ১৫ লাখকৈ জমা কৰা,বছৰি ২ কোটি লোকৰ বাবে কৰ্মসংস্থাপনৰ দিহা কৰা -এই সকলোবোৰ মোডীৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল।ইতিমধ্যে লোকসভাৰ নিৰ্বাচনে দুৱাৰত টোকৰ দিয়াত শোৱন -খাৱন বাদ দি আৰম্ভ কৰিছে ৰাম মন্দিৰৰ ৰাজনীতি।বাকী সকলো গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হ’লেও কিন্তু ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপিয়ে ৰাম মন্দিৰক লৈ যে লোকসভা নিৰ্বাচনত একঠা খাব সেইটো নিশ্চিত।অহা ২৬ জানুৱাৰীৰ আগতে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰি ৰামৰ নাম লৈ ভোট বিচাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰামৰ কথা কৈ ভোট বিচাৰিব বিজেপি RSS এ।মকৰ সংক্ৰান্তিত ৰাম মন্দিৰ উদ্ধোধন কৰিয়েই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ তালত আছে বিজেপি।বছৰি ২ কোটিক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডীয়ে ৫ বছৰত ১০ কোটিক কৰ্মসংস্থাপন দিব লাগিছিল। কিন্তু ১০ কোটিটো বাদেই এক কোটিকো দিব নোৱাৰিলে সংস্থাপন।সেয়ে এইবাৰ ৰাম মন্দিৰ নিৰ্মাণৰ নামতেই ভোটাৰক আকৰ্ষণ কৰাৰ পৰিকল্পনা লৈছে বিজেপিয়ে।
অহা ২১,২২আৰু ২৩ জানুৱাৰীত ৰাম মন্দিৰ উদ্ধোধনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।সেই তিনি দিনৰ মন্দিৰৰ সকলো কাৰ্যসূচী লাইভ ষ্ট্ৰীমিং হ’ব।দেশৰ সকলো মন্দিৰৰ চৌহদত এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং হ’ব।দেশৰ বিভিন্ন প্ৰান্তৰ ২৫ হেজাৰ সাধু সন্তক মন্দিৰ উদ্ধোধনৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হ’ব। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ ৫ লাখ ভক্ত উপস্থিত থকাৰ কথা।বিগত ২০২০ চনৰ ৫ আগষ্টত ৰাম মান্দিৰৰ ভূমি পূজন কৰা হৈছিল।অৱশ্যে সেই সময়ত দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো সিমান জাকজমকতাপূৰ্ণ কৰিব পৰা নাছিল ।ইপিনে দেশৰ লোকসভা নিৰ্বাচনৰ আগতেই অনুষ্ঠিত হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।মধ্য প্ৰদেশৰ বাহিৰে আন কেইখন ৰাজ্য বিৰোধীৰ দখলত থকাটোৱেও সমস্যাত পেলাইছে বিজেপিক।ইফালে কৰ্ণাটকৰ দৰে ৮৫% হিন্দু লোকে বসবাস কৰা ৰাজ্যত ২২৪ খন আসনৰ মাত্ৰ ৬৬ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল বিজেপি।হিমাচল প্ৰদেশ আৰু কৰ্ণাটক দুয়োখন ৰাজ্যই আছিল বিজেপিৰ দখলত। দুয়োখনতেই বিগত বিধানসভাৰ নিৰ্বাচনত অত্যন্ত বেয়া ফল দেখুৱালে বিজেপিয়ে৷তাতে আকৌ গেলাত টেঙা দিয়া দি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান,মধ্য প্ৰদেশ ,তেলেংগানাত বিজেপি দলৰ মাজত দেখা দিছে বিসম্বাদে।বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰিলে প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও ভালকৈয়ে কোবাইছে বিজেপিক।এতিয়া বিজেপিৰ হাতত আছে মাত্ৰ ৰাম মন্দিৰ৷ৰাম মন্দিৰেই হ’ব বিজেপিৰ ত্ৰামকাৰ্ড।হিন্দু -মুছলমানৰ ৰাজনীতিত অতীষ্ঠ হৈছে জনতা।গতিকে এইবাৰ ৰাম মন্দিৰক লৈ আৱেগ সৃষ্টি কৰিব বিজেপিয়ে।অৱশ্যে ২০২৪ চনৰ নিৰ্বাচনী ফলাফলেহে স্পষ্ট কৰিব ৰাম মন্দিৰ নিৰ্মাণে কিমান লাভান্বিত কৰিলে বিজেপিক ?

Leave A Reply

Your email address will not be published.