সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এগৰাকী গায়িকা এতিয়া কেনেকৈ মূৰৰ কামোৰণিত পৰিণত হৈছে যোগী আদিত্যনাথৰ বাবে?

উত্তৰ প্ৰদেশৰ প্ৰথম পর্যায়ৰ নির্বাচন শেষ৷পৰবর্তী ৬ টা পর্যায়ৰ বাবে এতিয়া প্ৰস্তুতি প্ৰতিটো ৰাজনৈতিক দলৰ৷এই নির্বাচনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে মূৰৰ কামোৰণি হিচাপে পৰিগনিত হৈছে এগৰাকী বিশেষ ব্যক্তি৷তেখেত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী নহয়,নহয় সমাজবাদী পার্টিৰ অখিলেশ যাদব অথবা আৰ এল ডিৰ জয়ন্ত চৌধুৰী৷
সমস্যা নিবনুৱাৰ৷নেতাই ভাষণ দিছে লাভ জেহাদৰ ওপৰত৷সমস্যা কৃষকৰ৷নেতাই ভাষণ দিছে পাকিস্তানৰ ওপৰত৷সমস্যা মূল্যবৃদ্ধিৰ,নেতাই ভাষণ দিছে হিন্দু-মুছলমানৰ ওপৰত৷সমস্যা নাৰীৰ সুৰক্ষাৰ,নেতাই ভাষন দিছে গো সুৰক্ষাৰ ওপৰত৷তাৰমাজতে,এটা এটা সমস্যা আৰু শাসকীয় দলৰ জনবিৰোধী কার্যকলাপ উপস্থাপন কৰি যোগী আদিত্যনাথৰ মূৰৰ কামোৰণিত পৰৰিণত হৈছে এগৰাকী গায়িকা৷তেখেত হৈছে ভোজপুৰী গায়িকা, নেহা সিঙ ৰাথ’ৰ৷নেহা সিঙ ৰাথ’ৰৰ ইউপি ম্যে কাবা শীর্ষক নির্বাচনী গীতে ইতিমধ্যে বিশাল জনপ্ৰিয়তা লাভ কৰিছে৷ইউটিবট ষ্পর্শ কৰিছে মিলিয়ন ভিউৱার্চে৷শেহতীয়াকৈ প্ৰথম পর্যায়ৰ নির্বাচনৰ পিছদিনাই নেহা সিঙে ৰাথ’ৰে মুকলি কৰিছে আন এটা গীত৷ট্যক অফ টাউনত আগবঢ়াইছো নেহা সিঙ ৰাথ’ৰৰ শেহতীয়া গীতটি৷

- Donation -

Leave A Reply

Your email address will not be published.