সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অভিমানী অভিষেকে এৰিব নেকি মমতাৰ সংগ ?

দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ মহাপৰাক্ৰমী বিজেপিক ধৰাশায়ী কৰি তেও একেসময়তে প্ৰধানমন্ত্ৰিত্বৰো দাবীদাৰ হৈ উঠিল ৷দেশজুৰি আৰম্ভ কৰিলে দলৰ সংগঠন বিস্তাৰৰ কাম ৷ কিন্তু সেই তৃণমূল এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ তৃণমূল কংগ্ৰেছৰ প্ৰবীন নেতা আৰু মমতা বেনাৰ্জীৰ ভতিজাক তথা দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ মাজত সংঘাত তুংগত উঠিছে ৷

তৃতীয়বাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই মমতা বেনাৰ্জীৰ নাম উচ্চাৰিত হ’বলৈ ধৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৷ মমতা বেনাৰ্জীৰ উচ্চাকাংক্ষাক সাকাৰ কৰিবলৈ অভিযানত নামি পৰে প্ৰখ্যাত ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আৰু তেওৰ সংস্থা আইপেক ৷ প্ৰশান্ত কিশোৰৰ পৰামৰ্শ মতেই মমতা বেনাৰ্জীয়ে ত্ৰিপুৰা , মেঘালয় আৰু গোৱাতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰে ৷ কিন্তু এই যাত্ৰাৰ নমাহ পাছতেই এতিয়া আইপেক আৰু মমতা বেনাৰ্জীৰ মাজত বিচ্ছেদৰ ক্ষণ আৰম্ভ হৈছে ৷ ইতিমধ্যে আইপেকে টুইটাৰত মমতা বেনাৰ্জীক ফলো কৰিবলৈ বন্ধ কৰি দিছে ৷ আইপেক আৰু মমতা বেনাৰ্জীৰ সংঘাতে তৃণমূলক আন এক অবাঞ্চিত পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে ৷ সেয়া হ’ল মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে দলীয় দায়িত্ব এৰিবলৈ ওলাইছে ৷ বংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি অহা ১৪ ফেব্ৰুৱাৰীত গোৱাৰ ভোটগ্ৰহনৰ অন্ত পৰাৰ পাছতে অভিষেক বেনাৰ্জীয়ে দলৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিব পাৰে৷
বৃহস্পতিবাৰে গোৱাৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে অভিষেক বেনাৰ্জীয়ে ৷ তাত তেও স্বভাৱসিদ্ধভাৱেই বিজেপি আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ প্ৰচাৰ সামৰি শুক্ৰবাৰে তেও গোৱাৰ পৰা কলকাতালৈ উভতি অহাৰ কথা ৷ সোমবাৰে গোৱাৰ ভোটদান শেষ হোৱাৰ পাছতেই তেও নিজৰ সিদ্ধান্ত সদৰী কৰাৰ কথা ৷ অভিষেকৰ মূল সংঘাত পৌৰসভাৰ টিকট আৱন্টনক লৈ ৷ আইপেকে পৌৰসভাৰ যি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছিল তাক লৈ মিকলি আপত্তি প্ৰদৰ্শন কৰিছিল তৃণমূলৰ দুই প্ৰবীন নেতা পাৰ্থ চট্টোপধ্যায় আৰু দলৰ ৰাজ্যিক সভাপতি সুব্ৰত বক্সীয়ে ৷ শেষত মমতা বেনাৰ্জীয়েও পাৰ্থ চট্টোপধ্যায় আৰু সুব্ৰত বক্সীৰ সমৰ্থনতে থিয় দিয়ে ৷ ইয়াকে লৈ অভিমানী হৈ পৰে অভিষেক বেনাৰ্জী ৷ কাৰণ অভিষেক আছিল আইপেকৰ সমৰ্থনত ৷ অভিমানী অভিষেকে ঘণিষ্ঠ মহলৰ আগত সদৰী কৰা মতে পাৰ্থ আৰু সুব্ৰতে দল চলালেও তেওৰ আপত্তি কৰিবলগীয়া একো নাই ৷ কিন্তু তেতিয়া তেও দলৰ কোনো দায়িত্ব নলয় ৷ কেৱল ডায়মণ্ড হাৰবাৰ সমষ্টিৰ সাংসদ হিচাপেই নিজৰ দায়িত্ব পালন কৰি যাব ৷এনেদৰেই তৃণমূলৰ ভিতৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছে ৷ সামগ্ৰিক ঘটনাসমূহক লৈ বিৰক্ত হৈ পৰিছে খোদ মমতা বেনাৰ্জী ৷ তৃণমূলৰ নেতাসকলৰ বক্তব্যৰ পৰা ধাৰণা কৰিব পাৰি যে তেওলোকৰ প্ৰতিষ্ঠিত নেতৃবৰ্গ এতিয়া দুটা ভাগত বিভক্ত ৷ এটা শিবিৰে আইপেকৰ পৰামৰ্শমতেই কাম কৰিবলৈ আগ্ৰহী আৰু আনটো শিবিৰ মমতা বেনাৰ্জীৰ বাহিৰে আন কাৰো পৰামৰ্শ মানি চলিবলৈ ইচ্ছুক নহয় ৷ তৃণমূলৰ ভিতৰৰ এই জটিলতা মমতা বেনাৰ্জীৰ মধ্যস্থতাত আঁতৰ হয়নে নহয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব অভিষেক বেনাৰ্জীৰ সিদ্ধান্ত ৷ কিন্তু আইপেকে মমতা বেনাৰ্জীৰ টুইটাৰ আনফলো কৰাৰ পাছত প্ৰশান্ত কিশোৰ আৰু তৃণমূলৰ বিচ্ছেদ যে এতিয়া কেৱল সময়ৰ অপেক্ষা সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে ৷ কিন্তু প্ৰশান্ত কিশোৰক তৃণমূলৰ লগত জড়িত কৰা ব্যক্তিজনেই অছিল অভিষেক বেনাৰ্জী ৷ যাৰ বাবে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ওপৰত বিষেদগাৰ প্ৰকাশ কৰি বহু নেতাই দল ত্যাগ কৰিছিল ৷ তাৰ পাছতো নিৰ্বাচনত তৃণমূলে ক্লীন চুইপ কৰিবলৈ সক্ষম হয় ৷ সেইবাবেই প্ৰশান্ত কিশোৰৰ আইপেকক ২০২৬ চনলৈ চুক্তিবদ্ধ কৰে তৃণমূল কংগ্ৰেছে ৷ কিন্তু ৯ মাহ পাছতে সেই যাত্ৰাৰ ইতি পৰাৰ উপক্ৰম হৈছে ৷

- Donation -

Leave A Reply

Your email address will not be published.