সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসামৰিক প্ৰতিৰক্ষা Civil Defence কি? জৰুৰীকালীন পৰিস্থিতিত দেশক সেৱা কৰি আহিছে চিভিল ডিফেন্স ভ’লণ্টিয়াৰে

ভাৰতত আইন অনুসৰি, ১৯৬৮ চনৰ পৰা চিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল৷ ইয়াৰ মূল উদ্দেশ্যই অছিল বাহিৰা শক্তিৰ আক্ৰমণ আৰু জৰুৰীকালীন সময়ৰ বাবে নাগৰিকসকলক সাজু কৰি তোলা৷

বুধবাৰৰ দিনটোত সমগ্ৰ দেশত সম্পন্ন হ’ল মকড্ৰিল৷ যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধনতা, আত্মৰক্ষাৰ কৌশল এই মকড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ল৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, দেশৰ ২৪৪ খন জিলাত চিভিল ডিফেন্স (Civil Defence)ৰ এই মকড্ৰিল সম্পন্ন কৰা হৈছে৷ যুদ্ধৰ উত্তেজনাৰ মাজতেই এই মকড্ৰিলত ৰাজ্যৰ আৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন দুৰ্যোগ প্ৰশমন বিভাগে এই মকড্ৰিলত অংশ লয়৷ চৰকাৰীভাৱেও এক বিশেষ ভিডিও প্ৰকাশ কৰি মকড্ৰিলৰ সময়ত ল’বলগীয়া পদক্ষেপৰ বিষয়ে অৱগত কৰোৱা হয়৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনষ্ঠ অগ্নিনিৰ্বাপক বাহিনী, নাগৰিক সুৰক্ষা আৰু গৃহৰক্ষী মহানিৰ্দেশকে এই চিভিল ডিফেন্স ব্যৱস্থা পৰিচালনা কৰে৷

কি এই Civil Defence?

- Donation -

Civil Defence অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা এনে এক ব্যৱস্থা, য’ত যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য জৰুৰীকালীন সময়ত জীৱন– সম্পত্তিৰ ৰক্ষা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰা হয়৷ চিভিল ডিফেন্সৰ উদ্দেশ্যই হৈছে জৰুৰীকালীন অৱস্থাৰ বাবে নাগৰিক সকলক সাজু কৰা, প্ৰশিক্ষণ প্ৰদান কৰা৷ চিভিল ডিফেন্স ব্যৱস্থা চৰকাৰ, স্বেচ্ছাসেৱক আৰু নাগৰিকৰ সহযোগিতাৰ মাজেৰে ৰূপায়ন হোৱা বিষয়৷ সেইবাবেই চৰকাৰে সময়ে সময়ে নাগৰিক সুৰক্ষাৰ বাবে মকড্ৰিলৰ আয়োজন কৰে৷ ভাৰত চৰকাৰৰ তথ্য অনুসৰি, ২০১৭ চনত ভাৰতত ৭ লাখ চিভিল ডিফেন্স স্বেচ্ছাসেৱক আছিল৷ ২০২২ লৈ এই সংখ্যা ১ কোটিলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছিল৷ কিন্তু বৰ্তমান চিভিল ডিফেন্স স্বেচ্ছাসেৱকৰ সংখ্যা কিমান , সেয়া উপলব্ধ হোৱা নাই৷

১৯৬৮ চনত চিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল

ভাৰতত আইন অনুসৰি, ১৯৬৮ চনত চিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল৷ ইয়াৰ মূল উদ্দেশ্যই অছিল বাহিৰা শক্তিৰ আক্ৰমণ আৰু জৰুৰীকালীন সময়ৰ বাবে নাগৰিকসকলক সাজু কৰি তোলা৷ সময়ৰ লগে লগে চিভিল ডিফেন্সৰ পৰিসৰো বৃদ্ধি পালে৷২০১০ চনলৈকে যুদ্ধৰ সময়ত নাগৰিকক সাজু কৰাটোৱে আছিল চিভিল ডিফেন্স ব্যৱস্থাৰ লক্ষ্য৷ তাৰ পাছৰে পৰা নাগৰিকক সুৰক্ষা দিয়াৰ উপৰিও ভূমিকম্প, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো চিভিল ডিফেন্স ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ লোৱা হয়৷ এই সময়ছোৱাত স্বেচ্ছাসেৱক সকলে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নাগৰিকসকলক প্ৰশিক্ষণ প্ৰদান কৰে৷

লগতে পঢ়ক: Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰা সেই দিনটো

চিভিল ডিফেন্স স্বেচ্ছাসেৱক সকলৰ মাননি কিমান?

কিন্তু চিভিল ডিফেন্স স্বেচ্ছাসেৱক সকলৰ মাননিক লৈ সদায়ে প্ৰশ্ন উত্থাপণ হৈ আহিছে৷ যেতিয়া কোনো এজন চিভিল ডিফেন্স স্বেচ্ছাসেৱকক কৰ্তব্যত নিয়োগ কৰা হয়, তেতিয়া তেওঁলোকক এদিনত মাননি প্ৰদান কৰা হয় ১৫০ টকাকৈ৷ একেদৰে আঢ়ৈ  ঘণ্টাতকৈ কম সময়ৰ পেৰেডত ৭০ টকা আৰু তাতকৈ বেছি সময়ৰ পেৰেডত ১৪০ টকাকৈ প্ৰদান কৰা হয়৷ প্ৰশিক্ষণৰ সময়ত প্ৰদান কৰা হয় ৬০ টকাকৈ মাননি৷ এই মাননিৰ ২৫ শতাংশ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে৷

কেনেকৈ স্বেচ্ছাসেৱক হৈ সেৱা আগবঢ়াব পাৰিব দেশলৈ ?

স্বেচ্ছাসেৱক হ’লেও দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতিত তেওঁলোকৰ ভূমিকা আপৰিসীম৷ আপুনিও স্বেচ্ছাসেৱক হৈ দেশৰ প্ৰতি সেৱা আগবঢ়াব পাৰে৷ ইয়াৰ বাবে আপুনি ভাৰতীয় নাগৰিক আৰু আপোনাৰ বয়স ১৮ বছৰ হোৱাটো প্ৰয়োজনীয়৷ লগতে লাগিব নূন্যতম শিক্ষাগত অৰ্হতা৷ অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক হিচাপে দায়িত্ব লোৱাৰ পাছত তেওঁৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়৷ সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব পাৰিলে দিয়া হয় পৰিচয় পত্ৰ৷ তিনিটা বছৰৰ কাৰ্যকালৰ বাবে এইসকল অসামৰিক স্বেচ্ছাসেৱকক নিয়োগ কৰা হয়৷

লগতে পঢ়ক: ১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চিভিল ডিফেন্স ভ’লণ্টিয়াৰৰ গুৰুত্ব কিমান সেয়া যুদ্ধৰ উত্তেজনাৰ মাজত আকৌ এবাৰ অনুভৱ হৈছে৷ সেইবাবেই অসামৰিক প্ৰতিৰক্ষা বিভাগক অধিক শক্তিশালী কৰি তোলাটো হৈ পৰিছে সময়ৰ দাবী৷

Leave A Reply

Your email address will not be published.