অসামৰিক প্ৰতিৰক্ষা Civil Defence কি? জৰুৰীকালীন পৰিস্থিতিত দেশক সেৱা কৰি আহিছে চিভিল ডিফেন্স ভ’লণ্টিয়াৰে

Share This Article

বুধবাৰৰ দিনটোত সমগ্ৰ দেশত সম্পন্ন হ’ল মকড্ৰিল৷ যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধনতা, আত্মৰক্ষাৰ কৌশল এই মকড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ল৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, দেশৰ ২৪৪ খন জিলাত চিভিল ডিফেন্স (Civil Defence)ৰ এই মকড্ৰিল সম্পন্ন কৰা হৈছে৷ যুদ্ধৰ উত্তেজনাৰ মাজতেই এই মকড্ৰিলত ৰাজ্যৰ আৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন দুৰ্যোগ প্ৰশমন বিভাগে এই মকড্ৰিলত অংশ লয়৷ চৰকাৰীভাৱেও এক বিশেষ ভিডিও প্ৰকাশ কৰি মকড্ৰিলৰ সময়ত ল’বলগীয়া পদক্ষেপৰ বিষয়ে অৱগত কৰোৱা হয়৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনষ্ঠ অগ্নিনিৰ্বাপক বাহিনী, নাগৰিক সুৰক্ষা আৰু গৃহৰক্ষী মহানিৰ্দেশকে এই চিভিল ডিফেন্স ব্যৱস্থা পৰিচালনা কৰে৷

কি এই Civil Defence?

Civil Defence অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা এনে এক ব্যৱস্থা, য’ত যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য জৰুৰীকালীন সময়ত জীৱন– সম্পত্তিৰ ৰক্ষা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰা হয়৷ চিভিল ডিফেন্সৰ উদ্দেশ্যই হৈছে জৰুৰীকালীন অৱস্থাৰ বাবে নাগৰিক সকলক সাজু কৰা, প্ৰশিক্ষণ প্ৰদান কৰা৷ চিভিল ডিফেন্স ব্যৱস্থা চৰকাৰ, স্বেচ্ছাসেৱক আৰু নাগৰিকৰ সহযোগিতাৰ মাজেৰে ৰূপায়ন হোৱা বিষয়৷ সেইবাবেই চৰকাৰে সময়ে সময়ে নাগৰিক সুৰক্ষাৰ বাবে মকড্ৰিলৰ আয়োজন কৰে৷ ভাৰত চৰকাৰৰ তথ্য অনুসৰি, ২০১৭ চনত ভাৰতত ৭ লাখ চিভিল ডিফেন্স স্বেচ্ছাসেৱক আছিল৷ ২০২২ লৈ এই সংখ্যা ১ কোটিলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছিল৷ কিন্তু বৰ্তমান চিভিল ডিফেন্স স্বেচ্ছাসেৱকৰ সংখ্যা কিমান , সেয়া উপলব্ধ হোৱা নাই৷

১৯৬৮ চনত চিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল

ভাৰতত আইন অনুসৰি, ১৯৬৮ চনত চিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল৷ ইয়াৰ মূল উদ্দেশ্যই অছিল বাহিৰা শক্তিৰ আক্ৰমণ আৰু জৰুৰীকালীন সময়ৰ বাবে নাগৰিকসকলক সাজু কৰি তোলা৷ সময়ৰ লগে লগে চিভিল ডিফেন্সৰ পৰিসৰো বৃদ্ধি পালে৷২০১০ চনলৈকে যুদ্ধৰ সময়ত নাগৰিকক সাজু কৰাটোৱে আছিল চিভিল ডিফেন্স ব্যৱস্থাৰ লক্ষ্য৷ তাৰ পাছৰে পৰা নাগৰিকক সুৰক্ষা দিয়াৰ উপৰিও ভূমিকম্প, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো চিভিল ডিফেন্স ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ লোৱা হয়৷ এই সময়ছোৱাত স্বেচ্ছাসেৱক সকলে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নাগৰিকসকলক প্ৰশিক্ষণ প্ৰদান কৰে৷

লগতে পঢ়ক: Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰা সেই দিনটো

চিভিল ডিফেন্স স্বেচ্ছাসেৱক সকলৰ মাননি কিমান?

কিন্তু চিভিল ডিফেন্স স্বেচ্ছাসেৱক সকলৰ মাননিক লৈ সদায়ে প্ৰশ্ন উত্থাপণ হৈ আহিছে৷ যেতিয়া কোনো এজন চিভিল ডিফেন্স স্বেচ্ছাসেৱকক কৰ্তব্যত নিয়োগ কৰা হয়, তেতিয়া তেওঁলোকক এদিনত মাননি প্ৰদান কৰা হয় ১৫০ টকাকৈ৷ একেদৰে আঢ়ৈ  ঘণ্টাতকৈ কম সময়ৰ পেৰেডত ৭০ টকা আৰু তাতকৈ বেছি সময়ৰ পেৰেডত ১৪০ টকাকৈ প্ৰদান কৰা হয়৷ প্ৰশিক্ষণৰ সময়ত প্ৰদান কৰা হয় ৬০ টকাকৈ মাননি৷ এই মাননিৰ ২৫ শতাংশ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে৷

কেনেকৈ স্বেচ্ছাসেৱক হৈ সেৱা আগবঢ়াব পাৰিব দেশলৈ ?

স্বেচ্ছাসেৱক হ’লেও দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতিত তেওঁলোকৰ ভূমিকা আপৰিসীম৷ আপুনিও স্বেচ্ছাসেৱক হৈ দেশৰ প্ৰতি সেৱা আগবঢ়াব পাৰে৷ ইয়াৰ বাবে আপুনি ভাৰতীয় নাগৰিক আৰু আপোনাৰ বয়স ১৮ বছৰ হোৱাটো প্ৰয়োজনীয়৷ লগতে লাগিব নূন্যতম শিক্ষাগত অৰ্হতা৷ অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক হিচাপে দায়িত্ব লোৱাৰ পাছত তেওঁৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়৷ সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব পাৰিলে দিয়া হয় পৰিচয় পত্ৰ৷ তিনিটা বছৰৰ কাৰ্যকালৰ বাবে এইসকল অসামৰিক স্বেচ্ছাসেৱকক নিয়োগ কৰা হয়৷

লগতে পঢ়ক: ১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চিভিল ডিফেন্স ভ’লণ্টিয়াৰৰ গুৰুত্ব কিমান সেয়া যুদ্ধৰ উত্তেজনাৰ মাজত আকৌ এবাৰ অনুভৱ হৈছে৷ সেইবাবেই অসামৰিক প্ৰতিৰক্ষা বিভাগক অধিক শক্তিশালী কৰি তোলাটো হৈ পৰিছে সময়ৰ দাবী৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.