সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হঠাৎ শক্তিশালী ইছলামাবাদ : ভাৰতৰ দু:শ্চিন্তাৰ কাৰণ কি ?

তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে হঠাৎ শক্তিশালী হৈ উঠিছে ইছলামাবাদ ৷ আফগানিস্তানৰ শেহতীয়া ঘটনাৱলী দক্ষিণ – পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত পাকিস্তানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে কূটনৈতিক মহলে ৷ কিন্তু একেসময়তে বৃদ্ধি পাইছে ভাৰতৰ দু: শ্চিন্তা ৷ কাৰণ , পাক সামৰিক বাহিনী আৰু চোৰাংছোৱা সংস্থা আই এছ আইৰ সাহায্যত পাক – তালিবান গোষ্ঠীৰ নিয়ন্ত্ৰণ লাহে লাহে আফগানিস্তানত অধিক মজবুত হৈ উঠিব ৷ তালিবানে যি কাঠামোতেই আফগানিস্তান চৰকাৰ নগঢ়ক কিয় , পাকিস্তানৰ ওপৰত সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰিব ৷আন্তৰ্জাতিক বৈধতা পাবৰ বাবেও ইতিমধ্যে পাকিস্তানৰ সহায় বিচাৰিছে আফগানিস্তানে ৷ জৰুৰী পণ্য আমদানি তথা অন্য বাণিজ্যিক কাৰণত পাকিস্তানৰ উন্মুক্ত সীমান্ত আৰু সেই দেশৰ বন্দৰসমূহ তালিবানৰ বাবে অতি জৰুৰী ৷ কিয়নো তালিবানে ভালদৰেই জানে যে তেওলোকে চৰকাৰ দখল কৰিছে বন্দুকৰ বলত ৷কূটনীতিৰ বাবে পাকিস্তানৰ দৰে দেশৰ প্ৰতিমুহূৰ্ততে প্ৰয়োজন হ’ব ৷ আন্তৰ্জাতিক স্বীকৃতিৰ বাবেও পাকিস্তানৰ সহায় অপৰিহাৰ্য৷ কাৰণ , পাকিস্তানৰ এখন নিৰ্বাচিত চৰকাৰ আছে আৰু সেই চৰকাৰৰ চীনৰ লগত সম্পৰ্ক অতি নিকট ৷
তালিবানৰ বাধ্যবাধকতাৰ প্ৰতিদান নিশ্চয় পাকিস্তানে আদায় কৰিব ৷ সেয়ে তালিবানৰ কৰ্তৃত্বক এক ৰাজনৈতিক ৰূপ দিবলৈ সক্ৰিয় হৈ উঠিছে পাকিস্তান ৷ বৰ্তমানৰ নৈৰাজ্যৰ মাজত এনেদৰেই পাক – তালিবানৰ কৰ্তৃত্ব সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে পাকিস্তান ৷ এনেদৰে প্ৰথমতে ঘৰুৱা অস্থিৰতা দূৰ কৰি লৈ কাশ্মীৰক লৈ ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিব বিচাৰিব পাকিস্তানে ৷
চীনে তালিবানৰ লগত ইতিমধ্যে মিত্ৰতা গঢ়ি তুলিছে ৷ এই সেতুবন্ধনৰ আঁৰত আছে পাকিস্তান ৷ ৰাছিয়াও তালিবানৰ প্ৰতি সদিচ্ছা ব্যক্ত কৰিছে ৷অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী দেশৰ ভিতৰত দুখন দেশ চীন আৰু ৰাছিয়াই ইতিমধ্যে তালিবানৰ লগত ঘণিষ্ঠতা বৃদ্ধি কৰিছে ৷এনে পৰিস্থিতিত তালিবান চৰকাৰৰ আন্তৰ্জাতিক স্বীকৃতি সময়ৰ অপেক্ষা হৈ পৰিছে মাথো ৷
আফগানিস্তানৰ দূতৰ লগত হোৱা সকলো আলোচনাত ভাৰতক কাষ চাপিব দিয়া নাই পাকিস্তানে ৷ এইবাৰ আকৌ লগ লাগিছে চীন ৷ এয়া ভাৰতৰ বাবে নিশ্চয় গভীৰ উদ্বিগ্নতাৰ কাৰণ ৷ গতিকে ভাৰতে সময় নষ্ট নকৰি পশ্চিম এছিয়াৰ সন্ত্ৰাসবাদ বিৰোধী দেশসমূহক একগোট কৰাৰ কাম শীঘ্ৰে আৰম্ভ কৰিব লাগে বুলি কূটনৈতিক মহলে মন্তব্য কৰিছে ৷

Leave A Reply

Your email address will not be published.