Tag #thecrosscurret

যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই…

ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয় সাব্যস্ত কৰিব ৷ কিন্তু এই…

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা কৰি কয় যে…

ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক

আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ,…

কাজিৰঙালৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব বাবেই পৰ্যটকৰ বাবে বন্ধ থাকিব হাতী-জীপ চাফাৰী

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। ৰামনাথ কোবিন্দৰ আগমণৰ বাবে ২৬ আৰু ২৭ ফেব্রুৱাৰীত কাজিৰঙাৰ হাতী-জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ থাকিব। ২৬…

লস্কৰ – ই- তৈবাৰে সম্পৰ্ক : এন আই এৰ জালত প্ৰাক্তন আই পি এছ বিষয়া

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই য়ে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে সংস্থাটোৰ প্ৰাক্তন বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক ৷ অভিযোগ অনুসৰি এইগৰাকী প্ৰাক্তন আই পি এছ বিষয়াই গোপন দস্তাবেজ সন্ত্ৰাসবাদী সংগঠন লস্কৰ – ই- তৈবাৰ হাতত তুলি দিছিল ৷ পি টি আইৰ…

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই…

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী লাহিড়ীয়ে। ৮০ আৰু ৯০ দশকত বলিউড জগতত নিজৰ কণ্ঠৰ জৰিয়তে খলকনি তুলিছিল বাপ্পীয়ে।মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে সোণৰ গহনা ভাল পোৱা কণ্ঠশিল্পীগৰাকীয়ে। সোণৰ…

‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ গঠন

অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত সন্দৰ্ভত এখন সভা আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক তথা nezine. com-ৰ সম্পাদক সুশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গুৱাহাটীস্থ ডিজিটেল মিডিয়াৰ অৰ্ধশতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত ডিজিটেল সংবাদ…

মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

আজি মাজুলীত অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ নেতা লুৰিণ জ্যোতি গগৈ আৰু জগদিশ ভূঞাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সংবাদমেলত অসম জাতীয় পৰিষদৰ…

৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা তথ্য প্ৰযুক্তি আইনৰ জৰুৰীকালীন ব্যৱস্থাৰ ধাৰা ৬৯(A)ৰ অধীনত ৫৪ টা চীনা এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ লাভ কৰিছে। বিউটি কেমেৰা ছুইট…