সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লস্কৰ – ই- তৈবাৰে সম্পৰ্ক : এন আই এৰ জালত প্ৰাক্তন আই পি এছ বিষয়া

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই য়ে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে সংস্থাটোৰ প্ৰাক্তন বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক ৷ অভিযোগ অনুসৰি এইগৰাকী প্ৰাক্তন আই পি এছ বিষয়াই গোপন দস্তাবেজ সন্ত্ৰাসবাদী সংগঠন লস্কৰ – ই- তৈবাৰ হাতত তুলি দিছিল ৷ পি টি আইৰ বাতৰি অনুসৰি আি পি এছ অৰবিন্দ দিগ্বিজয় নেগীৰ সম্পৰ্ক আছিল সন্ত্ৰাসবাদী সংগঠনৰ এজন অভাৰগ্ৰাউণ্ড সদস্যৰ সৈতে ৷এই তথ্য পোহৰলৈ অহাৰ পাছত যোৱা ৬ নৱেম্বৰত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় আৰু শুক্ৰবাৰে তেও গ্ৰেপ্তাৰৰ সন্মুখীন হয় ৷ এই গোচৰত এতিয়ালৈকে মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.