Investigative reporting with dedication.

আজি মাজুলীত অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ নেতা লুৰিণ জ্যোতি গগৈ আৰু জগদিশ ভূঞাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPI(M) সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু নিৰ্বাচনী ৰণত সকলোকে ঐক্যবদ্ধভাৱে জঁপিয়াই পৰিবলৈ আহ্বান জনায়।

