আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , ৰুছ সেনাই ইতিমধ্যে ইউক্ৰেইনৰ কেবাখনো গাও দাখল কৰি লৈছে ৷ সমান্তৰালভাৱে বেলাৰুছ সীমান্তৰ পৰাও ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিছে ৷ তিনিটা পথেৰে ৰাছিয়াই আক্ৰমণ সংঘটিত কৰাৰ পাছত নাটোয়েও প্ৰত্যাক্ৰমণৰ ৰণনীতি প্ৰস্তুত কৰিছে ৷
তাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে টেলিভিছনৰ জড়িয়তে আক্ৰমণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাৰ ৫ মিনিট পাছতে ইউক্ৰেইনৰ ৰাজধানী কীৱৰ লগতে তাৰ আশে পাশে ১২ টা বিস্ফোৰণৰ শব্দ শুনা যায় ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post