ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

Share This Article

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয় সাব্যস্ত কৰিব ৷ কিন্তু এই যুদ্ধই ইউৰোপ আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যত সংকটাপন্ন কৰি তুলিব ৷ সেইবাবেই বিশ্বৰ সকলো দেশৰ ওচৰত আমাৰ এই বিশেষ পাঁচটা আহ্বান –
১. ৰাছিয়াৰ ওপৰত কঠোৰ আৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰক৷
২. সকলো প্ৰকাৰেৰে ৰাছিয়াক বহিষ্কাৰ কৰক ৷
৩. ইউক্ৰেইনৰ বাবে অস্ত্ৰ – শস্ত্ৰ মজুত কৰক ৷
৪.ইউক্ৰেইনক আৰ্থিকভাৱে সহযোগ কৰক ৷
৫. মানবীয় দৃষ্টিৰেও ইউক্ৰেইনৰ কাষত থিয় হওক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.