টেগ thecrosscurrent

চনু সুদৰ বিৰুদ্ধে ২০ কোটি টকাৰ কৰফাঁকিৰ অভিযোগ

বলিউড তথা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ মুম্বাইস্থিত বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত কোম্পানীৰ ২৮ স্থানত যোৱা কেইবাদিনো ধৰি আয়কৰ বিভাগে অভিযান চলাই আছে। তাৰ মাজতে আজি পোহৰলৈ আহে কিছু বিস্ফোৰক তথ্য। প্ৰায় ২০ কোটি টকাৰ কৰফাঁকি দিয়াৰ অভিযোগ…

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা ২.৩১ কোটি পালি কিন্তু পিছদিনা মাত্ৰ ৮৫.৪২ লাখ পালি ভেকচিনহে প্ৰদান কৰা হল কিয়?

১৭ ছেপ্টেম্বৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিনৰ দিনটোতেই প্ৰায় ২.৩১ কোটি পালি ভেকচিন প্ৰদানেৰে ৰেকৰ্ড গঢ়িলে ভাৰত চৰকাৰে। কিন্তু তাৰ পিছদিনাই ঘটিল এটা আশ্চৰ্যজনক ঘটনা। ১৮ ছেপ্টেম্বৰ অৰ্থাৎ মোডীৰ জন্মদিনৰ পিছদিনা দেশত প্ৰদান কৰা হল মাত্ৰ ৮৫.৪২ লাখ…

এগৰাকী ১১ বছৰীয়া কিশোৰী উপায়ুক্তৰ পদত

গুজৰাটত উপায়ুক্তৰ পদত এগৰাকী ১১ বছৰীয়া কিশোৰী। ২৪ ঘণ্টাৰ বাবে উপায়ুক্তৰ পদত অধিষ্ঠিত হ’ল ফ্লৰা এছোডিয়া’ নামৰ কিশোৰী গৰাকী। জটিল ৰোগত আক্ৰান্ত ফ্লৰাৰ ইচ্ছা পূৰণ কৰিলে গুজৰাটৰ আহমেদাবাদ প্ৰশাসনে। ভৱিষ্যতে এগৰাকী উচ্চ প্ৰদস্থ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছিল ফ্লৰাৰ কিন্তু…

অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত সদ্যপ্ৰয়াত জেষ্ঠ অধিবক্তা নিলয় দত্তৰ দুটা বিশেষ টুইট

আজি হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জেষ্ঠ অধিবক্তা তথা খেলুৱৈ নিলয় দত্তই। কিন্তু মৃত্যুৰ পিছত নিলয় দত্তৰ দুটা বিশেষ টুইটে চৰ্চা লাভ কৰিছে ছছিয়েল মিডিয়াত। অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত টুইট কৰিছিল প্ৰয়াত দত্তই। এটা টুইটত…

মূৰত গুলীয়াই আত্মহনন বনকৰ্মীৰ

কাজিৰঙাৰ ডাফলাং বনশিবিৰত এগৰাকী বনকৰ্মীৰ আত্মহনন। নিজৰ লগত থকা বন্দুকেৰে প্ৰবীণ শইকীয়া নামৰ বনকৰ্মীজনে আত্মহনন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰিয়ালৰ মতে তীব্ৰ মানসিক চাপত ভূগি আছিল প্ৰবীণ শইকীয়াই আৰু মত্যুৰ পূৰ্বে কান্দি কান্দি পত্নীৰ সৈতে কথা পাতিছিল। বাগৰি বনাঞ্চলৰ…

আজিৰে পৰা আৰম্ভ হ’ব IPLৰ মহাৰণ

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে আধাতে IPL-2021 স্থগিত ৰাখিবলৈ বাধ্য হৈছিল BCCI। কিন্তু আজিৰে পৰা পুনৰ আৰম্ভ হব IPL-2021ৰ দ্বিতীয় পৰ্যায়ৰ মহাৰণ। আৰৱত অনুষ্ঠিত হ’বলগীয়া আজিৰ প্ৰথমখন খেলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হব ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ। এতিয়া…

প্ৰবীণ অধিবক্তা নিলয় দত্ত আৰু নাই

আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অধিবক্তা নিলয় দত্তই। চুটিত কুৰ্গত আছিল দত্ত। দত্ত অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ উপদেষ্টা আৰু ক্ৰিকেট আম্পায়াৰ আৰু মেটচ ৰেফাৰী তথা…

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল বংগৰ জনপ্ৰিয় গায়কগৰাকী ৷ নৰেন্দ্ৰ…

পাপ মোচন কৰিবলৈ মুনিৰ ভেষত ৰূপজ্যোতি কুৰ্মী

সমুখত উপ নিৰ্বাচনৰ ভৰপক। প্ৰায়েই ভিন ভিন ৰূপত দেখা দিয়া প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গল মুনিৰ ভেষত। মৰিয়নিৰ নকচাৰীত ‘দস্যু ৰত্নাকৰৰ মুক্তি লাভ’ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। কুৰ্মীৰ অভিনয় চাবলৈ…

অলিম্পিয়ানে দিয়া উপহাৰ নিলাম কৰিছে প্ৰধানমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা হৈছে এই নিলামৰ অধীনত। অসম গৌৰৱ লভলিনা…