অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত সদ্যপ্ৰয়াত জেষ্ঠ অধিবক্তা নিলয় দত্তৰ দুটা বিশেষ টুইট

Share This Article

আজি হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জেষ্ঠ অধিবক্তা তথা খেলুৱৈ নিলয় দত্তই। কিন্তু মৃত্যুৰ পিছত নিলয় দত্তৰ দুটা বিশেষ টুইটে চৰ্চা লাভ কৰিছে ছছিয়েল মিডিয়াত। অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত টুইট কৰিছিল প্ৰয়াত দত্তই।

এটা টুইটত দত্তই কৈছিল যে অসম কেবিনেটে আজি আটাইতকৈ বেছি থলুৱা বিৰোধী সিদ্ধান্তটো গ্ৰহণ কৰিছে। অসম চৰকাৰে ৰাজহ বিভাগৰ অনুমতি অবিহনে কৃষিভূমি অনা-কৃষি কৰ্মত ব্যৱহাৰৰ পথ মুকলি কৰি দিছে। ইয়াৰ ফলত দেশৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব। বহিৰাগত ব্যৱসায়ীয়ে ৰাজ্যৰ গাঁৱৰ খিলঞ্জীয়া জনসাধাৰণৰ কৃষিভূমি অধিগ্ৰহণ কৰিব।

দ্বিতীয়টো টুইটত দত্তই লিখিছে – এটা অধ্যাদেশ অনুমোদিত হৈছে যাৰ দ্বাৰা যিকোনো উদ্যোগ কৃষিভূমিত স্থাপন কৰিব পাৰিব আৰু তেতিয়া কৃষিভূমিখিনি অনা-কৃষি ভূমি হিচাপে বিবেচিত হ’ব। ইয়াৰ বাবে ৰাজহ কৰ্তৃপক্ষৰ অনুমোদন প্ৰয়োজন নহ’ব। যাৰ ফলত থলুৱা কৃষিজীৱীৰ ব্যৱসায় ধ্বংস হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.