Investigative reporting with dedication.

বলিউড তথা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ মুম্বাইস্থিত বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত কোম্পানীৰ ২৮ স্থানত যোৱা কেইবাদিনো ধৰি আয়কৰ বিভাগে অভিযান চলাই আছে। তাৰ মাজতে আজি পোহৰলৈ আহে কিছু বিস্ফোৰক তথ্য। প্ৰায় ২০ কোটি টকাৰ কৰফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে অভিনেতা জনৰ বিৰুদ্ধে। বিগত লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিকক নিজা ধন খৰচ কৰি স্বগৃহলৈ ওভতাই পঠিয়াই মানৱদৰদী আখ্যা পোৱা অভিনেতা সুদক দিল্লীৰ আপ চৰকাৰে শিক্ষা আঁচনিত ব্রেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰাৰ পিছতেই আয়কৰ বিভাগে অভিনেতাগৰাকীৰ বাসগৃহকে ধৰি কেইবাটাও স্থানত অভিযান চলাইছিল।




