টেগ thecrosscurrent

ৰেডিও ষ্টেচন তালিবানৰ দখলত , কি কয় আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে ?  

তালিবানৰ আগ্ৰাসনৰ মাজত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে আফগানিস্তানক ধ্বংস আৰু অস্থিৰ কৰাৰ অনুমতি কাকো দিয়া নহ’ব ৷দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰা কাৰ্যও সহ্য কৰা নহ’ব ৷দেশখনলৈ সুস্থিৰতা ঘূৰাই আনিবলৈ তেও স্থানীয়…

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…? কাৰ মন্তব্যত তোলপাৰ লাগিছে টুইটাৰত?

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…? কাৰ মন্তব্যত তোলপাৰ লাগিছে টুইটাৰত? সাংবাদিক পূণ্য প্ৰচুন বাজপেয়ীৰ এটা মন্তব্যৰ পিছতে এতিয়া তোলপাৰ লাগিছে টুইটাৰত। কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি সাংবাদিক জনে টুইটাৰত কৰা মন্তব্যই জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিটো। সাংবাদিক জনে মোডী…

স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে প্ৰতিবাদী কাৰ্যসূচী…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ…

কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী আয়ুক্ত গৰাকীক যোগাযোগ কৰিব…

টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?

নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত  ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয় ,”মোৰ টুইটাৰ…

মাতৃভূমিত উপস্থিত হৈ কি কৰিব বিচাৰে লাভলীনাই ?

অলিম্পিকত দেশৰ বাবে গৌৰৱ কঢ়িয়াই মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিজৰ মনৰ ইচ্ছা ৷হোটেল তাজ ভিভান্টাত সাংবাদিকৰে মুখামুখি হৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কয় যে তেও অসমৰ শিশু প্ৰতিভাসকলক সাক্ষাৎ কৰিব বিচাৰে ৷ শিশুসকলক অলিম্পিকৰ…

চৰাইদেউত চৰকাৰে কাটিলে ২ শতাধিক গছ : কিয় নীৰৱ প্ৰকৃতিপ্ৰেমী সংগঠন ?

উন্নয়ন সকলোকে লাগে।উন্নয়ন সকলোৱে বিচাৰে ৷ কিন্তু  উন্নয়নৰ নামত যদি ধ্বংস কাৰ্য চলে তাক নিশ্চয় সমৰ্থন কৰিব নোৱাৰি।উন্নয়নৰ নামত এফালৰ পৰা গছ কাটি তহিলং কৰা হৈছে চৰাইদেউ জিলাত। কি ঘটিছে চৰাইদেউত ? চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত আছিল এখন মহকুমা অসামৰিক…

বিৰোধীক কিদৰে প্ৰত্যুত্তৰ দিলে কেন্দ্ৰৰ ৮ মন্ত্ৰীয়ে ?

বিৰোধীৰ প্ৰতিবাদৰ বাবে আগতীয়াকৈ স্থগিত ৰখা হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ সংসদৰ অন্তিম দিনটোত অৰ্থাৎ বুধবাৰে ৰাজ্যসভাত সংঘটিত ঘটনাৱলীক লৈ আজি ৰাজপথত প্ৰতিবাদত নামিল ১৫ বিৰোধী দলৰ নেতা ৷ বিৰোধীৰ অভিযোগ হ’ল – অন্তিম দিনা ৰাজ্যসভাত মাৰ্শ্বালে বিৰোধী সাংসদসকলক অপদস্থ…

ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত

আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে চাৰিখন যুঁজাৰু…