বিৰোধীক কিদৰে প্ৰত্যুত্তৰ দিলে কেন্দ্ৰৰ ৮ মন্ত্ৰীয়ে ?

Share This Article

বিৰোধীৰ প্ৰতিবাদৰ বাবে আগতীয়াকৈ স্থগিত ৰখা হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ সংসদৰ অন্তিম দিনটোত অৰ্থাৎ বুধবাৰে ৰাজ্যসভাত সংঘটিত ঘটনাৱলীক লৈ আজি ৰাজপথত প্ৰতিবাদত নামিল ১৫ বিৰোধী দলৰ নেতা ৷ বিৰোধীৰ অভিযোগ হ’ল – অন্তিম দিনা ৰাজ্যসভাত মাৰ্শ্বালে বিৰোধী সাংসদসকলক অপদস্থ কৰিছে ৷ ইয়াৰ পাছতে আজি কেন্দ্ৰৰ ৮ গৰাকী মন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰি বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ মন্ত্ৰীকেইগৰাকীয়ে সংবাদমেলত কয় যে সদনৰ সময় নষ্ট কৰিবলৈ বিৰোধী দলসমূহে আগতীয়ালৈ লক্ষ্য স্থিৰ কৰি লৈছিল ৷ সেইবাবেই আৰম্ভণিৰে পৰা অচলাৱস্থাৰ সৃষ্টি কৰি গ’ল ৷ কৃষি আইন , মূল্যবৃদ্ধি , ক’ৰোণা আদি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছিল কিন্তু বিৰোধী কেৱল পেগাছাছৰ বিষয়টোত অটল হৈ থাকিল ৷ মন্ত্ৰীসকলে লগতে  কয় যে  যি ছগৰাকী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওলোকে আইনা ভাঙি সদনত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে মহিলা মাৰ্শ্বাল আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছে ৷ ৯ আগষ্টৰ দিনা বিৰোধী সাংসদে টেবুলৰ ওপৰত থিয় হৈ হূলস্থূল কৰিছে আৰু সদনৰ ৰুল বুক ফালি দলিয়াইছে ৷ এয়াও এক আক্ৰমণ ৷ তদুপৰি বিৰোধীৰ মহিলা সাংসদে মহিলা মাৰ্শ্বালৰ লগত হতাহতি কৰাটো ভিডিও ফুটেজত স্পষ্টকৈ ওলাই পৰিছে ৷ বিৰোধীয়ে অভিযোগ কৰাৰ দৰে কোনো বাহিৰৰ সুৰক্ষাকৰ্মী সদনত প্ৰৱেশ কৰা নাছিল বুলিও সংবাদমেলত মন্ত্ৰীকেইগৰাকীয়ে উল্লেখ কৰে ৷ বৃহস্পতিবাৰৰ সংবাদমেলত উপস্থিত থকা মন্ত্ৰীকেইগৰাকী আছিল পীয়ূষ গোৱেল , প্ৰহ্লাদ যোশী , মুখতাৰ আকবা্ছ নকবী ,অৰ্জুন মেঘৱাল , ভূপেন্দ্ৰ যাদৱ ,অনুৰাগ ঠাকুৰ , বী মুৰলীধৰ আৰু  ধৰ্মেন্দ্ৰ প্ৰধান ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.