মাতৃভূমিত উপস্থিত হৈ কি কৰিব বিচাৰে লাভলীনাই ?

Share This Article

অলিম্পিকত দেশৰ বাবে গৌৰৱ কঢ়িয়াই মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিজৰ মনৰ ইচ্ছা ৷হোটেল তাজ ভিভান্টাত সাংবাদিকৰে মুখামুখি হৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কয় যে তেও অসমৰ শিশু প্ৰতিভাসকলক সাক্ষাৎ কৰিব বিচাৰে ৷ শিশুসকলক অলিম্পিকৰ পদকটো স্পৰ্শ কৰিবলৈ দি তেওলোকক ক্ৰীড়াৰ বাবে উৎসাহিত কৰিব খোজে ৷ লাভলীনাই লগতে কয় যে ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো অন্তৰ্ভুক্ত হোৱা উচিত ৷ তেতিয়াহে ক্ৰীড়া প্ৰতিভাৰ সঠিক বিকাশ সম্ভৱ হ’ব ৷ অসম চৰকাৰে আগবঢ়োৱা চাকৰিৰ প্ৰসংগত তেও কয় যে ডিউটি কৰিবলৈ তেওক এই চাকৰি দিয়া হোৱা নাই ৷দেশৰ বাবে মেডেল কঢ়িয়াই নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰি যাব ৷ সংবাদমেলত তেও নিজৰ মাতৃ- পিতৃলৈও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.