সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?

নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত  ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয় ,”মোৰ টুইটাৰ একাউন্ট বন্ধ কৰি তেওলোকে আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ ওপৰত দখল দিব বিচাৰিছে ৷এয়া দেশৰ গণতন্ত্ৰৰ ওপৰত এক আঘাত ৷এয়া কেৱল ৰাহুল গান্ধীৰ ওপৰত কৰা আক্ৰমণ নহয় ৷ এয়া কেৱল মোৰ কন্ঠ ৰুদ্ধ কৰিবলৈ চলোৱা প্ৰচেষ্টা নহয় ৷ টুইটাৰত মোৰ ১৯-২০ মিলিয়ন ফলোৱাৰ আছে , তেওলোকৰ অধিকাৰো ইয়াৰ জড়িয়তে খৰ্ব কৰা হৈছে ৷” ৰাহুল গান্ধীয়ে লগতে কয় ,” আমাৰ গণতন্ত্ৰৰ ওপৰত নিৰন্তৰ আক্ৰমণ হৈ আছে ৷ সংসদত আমাক কথা ক’বলৈ দিয়া হোৱা নাই ৷ তাৰ মাজতে টুইটাৰক এক আশাৰ কিৰণ বুলি ভাবিছিলো ৷ কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে টুইটাৰো নিৰপেক্ষ মঞ্চ নহয় ৷ তেওলোকে কেৱল চৰকাৰৰ কথা শুনে ৷ “ কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰৰ বিৰুদ্ধে ৰাজনৈতিক পক্ষপাতিত্বৰো অভিযোগ উত্থাপন কৰে ৷

 

Leave A Reply

Your email address will not be published.