টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?

Share This Article

নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত  ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয় ,”মোৰ টুইটাৰ একাউন্ট বন্ধ কৰি তেওলোকে আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ ওপৰত দখল দিব বিচাৰিছে ৷এয়া দেশৰ গণতন্ত্ৰৰ ওপৰত এক আঘাত ৷এয়া কেৱল ৰাহুল গান্ধীৰ ওপৰত কৰা আক্ৰমণ নহয় ৷ এয়া কেৱল মোৰ কন্ঠ ৰুদ্ধ কৰিবলৈ চলোৱা প্ৰচেষ্টা নহয় ৷ টুইটাৰত মোৰ ১৯-২০ মিলিয়ন ফলোৱাৰ আছে , তেওলোকৰ অধিকাৰো ইয়াৰ জড়িয়তে খৰ্ব কৰা হৈছে ৷” ৰাহুল গান্ধীয়ে লগতে কয় ,” আমাৰ গণতন্ত্ৰৰ ওপৰত নিৰন্তৰ আক্ৰমণ হৈ আছে ৷ সংসদত আমাক কথা ক’বলৈ দিয়া হোৱা নাই ৷ তাৰ মাজতে টুইটাৰক এক আশাৰ কিৰণ বুলি ভাবিছিলো ৷ কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে টুইটাৰো নিৰপেক্ষ মঞ্চ নহয় ৷ তেওলোকে কেৱল চৰকাৰৰ কথা শুনে ৷ “ কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰৰ বিৰুদ্ধে ৰাজনৈতিক পক্ষপাতিত্বৰো অভিযোগ উত্থাপন কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.