ৰেডিও ষ্টেচন তালিবানৰ দখলত , কি কয় আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে ?  

Share This Article

তালিবানৰ আগ্ৰাসনৰ মাজত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে আফগানিস্তানক ধ্বংস আৰু অস্থিৰ কৰাৰ অনুমতি কাকো দিয়া নহ’ব ৷দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰা কাৰ্যও সহ্য কৰা নহ’ব ৷দেশখনলৈ সুস্থিৰতা ঘূৰাই আনিবলৈ তেও স্থানীয় নেতা আৰু আন্তৰ্জাতিক বন্ধুসকলৰ সৈতে আলোচনা কৰিব বুলিও উল্লেখ কৰে ৷ইপিনে , তালিবানে শণিবাৰে লোগাৰ ৰাজ্যখনো নিজৰ দখললৈ নিয়ে ৷ কেৱল সেয়াই নহয় , ৰাজধানী কাবুলৰ এখন জিলাতো তালিবানে প্ৰৱেশ কৰিছে ৷ ইফালে , কান্দাহাৰৰ ৰেডিও ষ্টেচন দখল কৰি তাক ভয়চ অৱ চাৰিয়া অৰ্থাৎ ইছলামিক আইন নামেৰে নামাকৰণ কৰিছে ৷ এতিয়াৰে পৰা ৰেডিওযোগে বাতৰিৰ লগতে কোৰাণো পাঠ কৰি সম্প্ৰচাৰ কৰা হ’ব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.