কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী আয়ুক্ত গৰাকীক যোগাযোগ কৰিব নোৱাৰাৰ বাবেই এই বিশেষ জাননী জাৰি কৰিছে থানে আৰক্ষী থানাই।

আৰক্ষী আয়ুক্ত গৰাকীক কিয় বিচাৰি ফুৰিছে আৰক্ষীয়ে?

প্ৰকৃততে এটা ধনদাবীৰ গোচৰত অভিযুক্ত প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিং। প্ৰাপ্ত তথ্য অনুসৰি , বিগত জুলাই মাহৰ ৩০ তাৰিখে কেটান তান্না নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে পৰমবীৰ সিঙৰ লগতে ২৭ গৰাকীকৈ অভিযুক্তৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ তুলি থানে আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে। তান্নাই অভিযোগ পত্ৰত উল্লেখ কৰা মতে ২০১৮ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ পৰমবীৰ সিঙ মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত হৈ থকা সময়ছোৱাত সিঙে তেঁওৰ সহকৰ্মীৰ সৈতে লগলাগি ব্যৱসায়ী কেটান তান্নাক মিছা অভিযোগত অভিযুক্ত কৰাৰ ভয় খুৱাই ১ কোটি ২৫ লাখ টকা দাবী কৰিছিল। ৰবি পুজাৰীৰ দৰে মুম্বাইৰ দুৰ্ধৰ্ষ গেংষ্টাৰৰ সহায়ত ধনদাবী কৰা হৈছিল কেটান তান্নাক। অভিযোগ পত্ৰত পৰমবীৰ সিঙৰ লগতে গেংষ্টাৰ ৰবি পুজাৰী আৰু থানে ধনদাবী বিৰোধী কোষৰ তদানীন্তন জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক প্ৰদীপ শৰ্মাৰ নামো উল্লেখ কৰিছে কেটান তান্নাই।

অভিযোগ অনুসৰি , প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ নিৰ্দেশত থানে ধন দাবী বিৰোধী কোষৰ তদানীন্তন জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক প্ৰদীপ শৰ্মাই কৌশলেৰে ব্যৱসায়ী কেটান তান্নাক মাতি আনি মিছা অভিযোগত অভিযুক্ত কৰাৰ ভাবুকি দিছিল। আৰক্ষীৰ ভাবুকিত হিতাহিত জ্ঞান হেৰুৱাই ব্যৱসায়ী গৰাকীয়ে ধনদাবী কৰা চক্ৰটোৰ হাতত তুলি দিছিল ১ কোটি ২৫ লাখ টকা

   আৰু কি গোচৰ আছে পৰমবীৰ সিঙৰ বিৰুদ্ধে ?

কিছু মাহ পূৰ্বে থানেৰ কোপ্ৰি আৰক্ষী চকীত পৰমবীৰ সিঙৰ বিৰুদ্ধে ৰুজু হৈছে আন এটা গোচৰ। সাৰাদ আগৰৱালা নামৰ ব্যক্তি জনক ধনদাবী আৰু অপহৰণৰ অভিযোগত ৰুজু কৰা হৈছে এই গোচৰ। আগৰৱালাই কৰা অভিযোগ অনুসৰি তেঁওক কুখ্যাত  ডাউড ইব্ৰাহিমৰ সোঁহাত স্বৰূপ চোট্টা শ্বাকিলৰ দ্বাৰা ফোনযোগে ধনদাবী কৰা হৈছিল।

ক’ত আছে পৰমবীৰ সিঙ?

আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙক আজি কিছুদিনৰ পূৰ্বে নিজৰ পদবীৰ পৰা আঁতৰাই দিয়া হৈছিল। পৰমবীৰ সিঙে এই কথাত ক্ষুন্ন হৈ মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে ১০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পিছতে অনিল দেশমুখে নিজৰ চকী হেৰুৱাইছিল। কিন্তু এতিয়া পৰমবীৰ সিঙ নিজেই পলাতক হৈ আছে ৷ মুম্বাই আৰক্ষীয়ে তেওৰ সন্ধান নোপোৱাৰ বাবে জাৰী কৰিছে লুক আউট নটিছ ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296