সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…? কাৰ মন্তব্যত তোলপাৰ লাগিছে টুইটাৰত?

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…? কাৰ মন্তব্যত তোলপাৰ লাগিছে টুইটাৰত?

সাংবাদিক পূণ্য প্ৰচুন বাজপেয়ীৰ এটা মন্তব্যৰ পিছতে এতিয়া তোলপাৰ লাগিছে টুইটাৰত। কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি সাংবাদিক জনে টুইটাৰত কৰা মন্তব্যই জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিটো। সাংবাদিক জনে মোডী চৰকাৰক অতি তীক্ষ্ণ বাক্যবাণ মাৰি টুইটাৰত লিখিছে যে – সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…?       

- Donation -

কিয় এই মন্তব্য কৰিলে সাংবাদিক গৰাকীয়ে?

ৰাজ্যসভাৰ বৰ্ষাকালীন অধিবেশনৰ এটা চিচিটিভি ফুটেজত কেইবাজনো বিৰোধী সাংসদে মাৰ্চেলৰ সৈতে টনা-আঁজোৰাত লিপ্ত হোৱা দেখা গৈছিল। এই ঘটনাৰ পিছতে নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই অধিবেশন শেষ কৰি দিয়া হৈছিল।
ইয়াৰ বিপৰীতে ২০১৮ চনত চৰকাৰৰ এডাপ্ট এ হেৰিটেজ যোজনাৰ অধীনত লালকিল্লা পৰিচালনা কৰাৰ কাৰণে ডালমিয়া গ্ৰুপ পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। লালকিল্লা হস্তান্তৰকৰণৰ পিছত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে যথেষ্ট বিৰোধো কৰিছিল। আম আদমী পাৰ্টিৰ কৰ্তৃপক্ষই এই সম্পৰ্কে মন্তব্য কৰি কৈছে যে সন্তানে বৃদ্ধ বয়সত পিতৃ মাতৃক চোৱা-চিতা কৰিব নোৱাৰি বৃদ্ধাশ্ৰমত থোৱাৰ দৰেই দৰেই কেন্দ্ৰীয় চৰকাৰেও লালকিল্লা ডালমিয়া গ্ৰুপৰ হাতত গতাই দিছে।

সাংবাদিক পূণ্য প্ৰচুন বাজপেয়ীৰ মন্তব্যৰ পিছতে বহু লোকে টুইটাৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতে দেশ এতিয়া আম্বানী-আদানীৰ সম্পত্তি বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.