চৰাইদেউত চৰকাৰে কাটিলে ২ শতাধিক গছ : কিয় নীৰৱ প্ৰকৃতিপ্ৰেমী সংগঠন ?

Share This Article

উন্নয়ন সকলোকে লাগে।উন্নয়ন সকলোৱে বিচাৰে ৷ কিন্তু  উন্নয়নৰ নামত যদি ধ্বংস কাৰ্য চলে তাক নিশ্চয় সমৰ্থন কৰিব নোৱাৰি।উন্নয়নৰ নামত এফালৰ পৰা গছ কাটি তহিলং কৰা হৈছে চৰাইদেউ জিলাত।

কি ঘটিছে চৰাইদেউত ?

চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত আছিল এখন মহকুমা অসামৰিক চিকিৎসালয়।এতিয়া সেই অসামৰিক চিকিৎসালয়খন উন্নীত কৰিব খোজা হৈছে এখন মেডিকেল কলেজলৈ। তাৰ বাবে চৰকাৰীভাৱে কাটি পেলোৱা হৈছে বহু পুৰণি গছ।এই মেডিকেল কলেজখনৰ সীমাই আগুৰি লোৱা চাহ বাগান আৰু চোমনিৰ বহু চোম গছ ইতিমধ্যে কাটি পেলোৱা হৈছে ।এই বছৰতে মাত্ৰ তিনি হেক্টৰ মাটিত থকা ২৫৩ জোপা শিৰীখ গছৰ ভিতৰত ২৫০ জোপা গছেই কাটি পেলোৱা হৈছে ।এয়া নিশ্চয় এক সাধাৰণ ঘটনা নহয়। পুৰণি মূল্যৱান গছসমূহ কাটি পেলোৱাক লৈ স্থানীয় জনসাধাৰণৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ক’ত ?

এইখন ভাৰত বৰ্ষতে এদিন গছ কটাৰ বিৰুদ্ধে গঢ়ি উঠিছিল বিখ্যাত চিপকো আন্দোলন।১৯৭৩ চনত গছক সুৰক্ষা প্ৰদান কৰা আৰু সংৰক্ষণৰ মনোভাৱ গঢ়ি তুলিবলৈ গঢ়ি উঠিছিল এক অহিংস পাৰিৱেশ ৰক্ষাৰ আন্দোলন।বিংশ শতিকাত এই আন্দোলনে বন সংৰক্ষণ সম্পৰ্কে মানুহক সজাগ কৰিবলৈ সক্ষম হৈছিল।স্থানীয় মহিলাসকলে গছবোৰ সাৱটি ধৰি গছ কটাত বাধা প্ৰদান কৰিছিল।কিন্তু অসমত এতিয়া গছ কটাতো যেন তেনেই সাধাৰণ কথা।বিশ্ব পৰিৱেশ দিৱস পাতি পৰিৱেশ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ উদ্যোগতেই এতিয়া এনেদৰে নিধন কৰা হৈছে গছ –প্ৰকৃতি ৷ কিন্তু তাৰ পাছতো নীৰৱ হৈ আছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.