কৈনো কৈ থাকিলে ওৰকে নপৰে ‘তুলিৰাম বাহিনী’ৰ কথা !

এটাৰ পিছত এটা কেলেংকাৰীয়ে জোকাৰি গৈছে কাৰ্বি আংলং।চৰকাৰী পুঁজি আত্মসাতৰ পৰা ,চৰকাৰী ঠিকা ঠুকলি নিজৰ পৰিয়ালৰ নামত আৱণ্টন দিয়াৰ পৰা কোনো ক্ষেত্ৰতেই পিছপৰি ৰোৱা নাই কাৰ্বি আংলং জিলা পৰিষদৰ মূৰব্বী তুলিৰাম ৰংহাং। মুখ্য কাৰ্যবাহীৰ সমানে সমানে তেওঁৰ সাংগোপাংগয়ো চলাইছে ছিণ্ডিকেটৰাজ।মাছ,মাংস,কণী,গাহৰিৰ…

ৰাছিয়া -ইউক্ৰেইন যুদ্ধ ‘বন্ধ’ কৰা মোডী নীৰৱ কিয় মণিপুৰৰ ক্ষেত্ৰত?

উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ লগতে দেশৰ আন ৪ খন ৰাজ্যত বছৰৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনকলৈ শাসক -বিৰোধী সকলো ব্যস্ত। ইফালে ২০২২ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূবৰ ৰাজ্য মণিপুৰ…

নলত ধৰিলে নল ছিঙে,দলত ধৰিলে দল ভাঙে বিজেপিৰ !

৫ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী যিমানেই ব্যস্ত ,সিমানেই চিন্তিত দেশৰ সাধাৰণ নিৰ্বাচনকলৈয়ো।২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে ৯ বছৰ ৬ মাহ কেন্দ্ৰত সম্পূৰ্ণ কৰিলে বিজেপি চৰকাৰে। বিগত প্ৰায় ৭ টা বছৰ সমগ্ৰ দেশ মোডীময় হৈ আছিল…

পানীৰ মিস্ত্ৰী , পতঞ্জলীৰ শ্ৰমিকেৰে গঠন আছুৰ জিলা সমিতি

ঘূণে ধৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি দাবী কৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত । আছু নেতৃত্বৰ মইমতালিৰ বিৰুদ্ধে  আদালতৰ দাৰস্থ হৈছে ইজনৰ পাছত সিজন আছু নেতা । বয়োবৃদ্ধ ছাত্ৰ নেতাৰে ভৰপূৰ হৈ পৰা আছুৰ মজিয়াত এতিয়া চলিছে চৰম অৰাজকতা…

মোডীৰ ‘শত্ৰু’ ২ মুখ্যমন্ত্ৰী কিন্তু কোন তেওঁলোক?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান বিজেপি দলৰ একমাত্ৰ মুখ যিখনক লৈয়ে ২০১৪ চনৰ পৰা বিজেপি দলে দেশৰ প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে।২০১৮ চনৰ পৰা ২০২৩ চনলৈকে দেশত মুঠ ৩১ বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনবোৰৰ প্ৰায় প্ৰতিটো নিৰ্বাচনতেই বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ…

প্ৰাৰ্থিত্ব নাপায়,বিজেপিকে দিলে Bye Bye

মধ্য প্ৰদেশত বিজেপি দলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে।প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিত দেখা দিছে বিসম্বাদ।বৰ্তমানলৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা ৭৮ টা সমষ্টিত বৰ্তমানৰ ৭৮ গৰাকী বিধায়কেই নাপালে প্ৰাৰ্থিত্ব।নিজৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি ইমান দিনে ৰৈ থকা বিধায়কসকলে যেতিয়া প্ৰাৰ্থিত্ব…

EXCLUSIVE : GMCHৰ চতুৰ্থ বৰ্গৰ ৬৭ কৰ্মচাৰীৰ ৩১ গৰাকীয়েই জালুকবাৰীৰ

অসম চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা নিযুক্তিত সংঘটিত অনিয়মৰ বিস্ফোৰক তথ্য পোহৰলৈ আনিছিল অসম জাতীয় পৰিষদে ।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমা অতিক্ৰম কৰাৰ পাছতো নিযুক্তি লাভ কৰাৰ তথ্য দাঙি ধৰিছিল অসম জাতীয় পৰিষদৰ…

প্ৰাৰ্থী নাই ! বিজেপি নেতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অপ্ৰত্যাশিত সংকটৰ সন্মুখীন হৈছে বিজেপি দল । বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিয়ে এতিয়া বিচাৰি পোৱা নাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা প্ৰাৰ্থী ,। যাৰ বাবে দলীয় নেতাক জোৰ জুলুমকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া…

সদস্য ১৮ কোটি,বিজেপিৰ বাঢ়ি হৈছে দুৰ্গতি !

বিশ্বৰ সৰ্ববৃহৎ দল বিজেপি !বিজেপিত সদস্য সংখ্যা আছে ১৮ কোটি। কিন্তু ১৮ কোটি সদস্যৰ ভিতৰত অধিক সংখ্যকেই সক্ৰিয় নহয়। তদুপৰি সক্ৰিয় হ’লেও জনতাৰ সন্মুখত থিয় কৰাব পৰা ধৰণে উপযুক্ত নহয় । বিজেপিয়ে মাত্ৰ এখন মুখকেই ভৰসা কৰি ২০১৯ আৰু ২০১৪…

থাওকতে হেৰাইছে ৰাজ্য,নিৰুপায় বিজেপি !

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল।২০১৪ চনৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতালৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। সমগ্ৰ দেশ খনেই সেই সময়ত মোডীময় হৈ পৰিছিল যাৰবাবে ২০১৪ চনতকৈয়ো অধিক আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…