প্ৰাৰ্থী নাই ! বিজেপি নেতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

Share This Article

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অপ্ৰত্যাশিত সংকটৰ সন্মুখীন হৈছে বিজেপি দল । বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিয়ে এতিয়া বিচাৰি পোৱা নাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা প্ৰাৰ্থী ,। যাৰ বাবে দলীয় নেতাক জোৰ জুলুমকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে । নিৰ্বাচন খেলিবলৈ তিলমানো ইচ্ছা নথকা প্ৰাৰ্থীক নৰেন্দ্ৰ মোদী- অমিত শ্বাহে কিদৰে নিৰ্বাচনত অৱতীৰ্ন কৰাইছে , সেয়া পোহৰলৈ আহিছে এগৰাকী শীৰ্ষ বিজেপি নেতাৰ চাঞ্চল্যকৰ ৰাজহুৱা স্বীকাৰোক্তিত । নেতাগৰাকীৰ নাম কৈলাশ বিজয়বৰ্গীয় । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক । এইগৰাকী নেতাৰ মন নাছিল নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ।কিন্তু তেওঁক জোৰ জবৰদস্তিকৈ দিয়া হ’ল মধ্যপ্ৰদেশৰ ইন্দোৰ সমষ্টিৰ প্ৰাৰ্থিত্ব । তাৰ পাছত কৈলাশ বিজয়বৰ্গীয়ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ নিৰ্বাচন খেলিবলৈ অকনো মন নাছিল ৷ দিনে ৮ খনকৈ সভা কৰাৰ পৰিকল্পনা আছিল । ৫ খন সভা হেলিকপ্তাৰত আৰু ৩ খন গাড়ীৰে গৈ । কিন্তু ভগৱানৰ ইচ্ছাত নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলগীয়া হ’ল ।কেৱল সেয়াই নহয় , মধ্যপ্ৰদেশত বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ ইমানেই অভাৱ হৈছে যে তিনিগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক দিবলগীয়া হৈছে প্ৰাৰ্থিত্ব । তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু চাৰিগৰাকী সাংসদক বিজেপিয়ে মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ পৰাই ওলাই পৰিছে ভিতৰি কিমান নেতৃত্বৰ সংকটত ভুগিছে বিজেপি দল ।মধ্যপ্ৰদেশৰ বাহিৰেও এইবাৰ ৰাজস্থানতো একেই কৌশল হাতত ল’বলগীয়া হৈছে বিজেপি দলে । ৰাজস্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া নিষ্ক্ৰিয় হৈ পৰাৰপাছত এইবাৰ ৰাজস্থানত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিয়াৰ যো জা চলাইছে বিজেপি দলে । ৰাজস্থানৰ ৰাজনৈতিক পৰম্পৰা অনুসৰি, প্ৰতিবছৰেই চৰকাৰ সলনি হয় । কিন্তু এইবাৰ পৰিস্থিতি পৃথক ৷ কংগ্ৰেছত গেহলট –পাইলটৰ মাজত যিমান সংঘাত আছে , তাতকৈও অধিক দুৰত্ব বাঢ়িছে বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু মোদী – শ্বাহৰ মাজত ।পৰিণতিত বিগত ৯ টা উপ নিৰ্বাচনৰ ৮ টাতেই পৰাজিত হৈছে বিজেপি দল। এই ক্ষতি পূৰাবলৈকে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱট , অৰ্জুন ৰাম মেঘৱাল , সাংসদ ৰাজ্যবৰ্ধন ৰাথোৰ , দিব্যা কুমাৰীক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় নেতৃত্বই । আনকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নামো চৰ্চিত হৈছে সাম্ভাব্য বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইদৰে প্ৰাৰ্থীৰ সংকটৰ সৃষ্টি হোৱাটো বিজেপিৰ বাবেই অশনি সংকেত হিচাপে বিবেচিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.