EXCLUSIVE : GMCHৰ চতুৰ্থ বৰ্গৰ ৬৭ কৰ্মচাৰীৰ ৩১ গৰাকীয়েই জালুকবাৰীৰ

Share This Article

অসম চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা নিযুক্তিত সংঘটিত অনিয়মৰ বিস্ফোৰক তথ্য পোহৰলৈ আনিছিল অসম জাতীয় পৰিষদে ।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমা অতিক্ৰম কৰাৰ পাছতো নিযুক্তি লাভ কৰাৰ তথ্য দাঙি ধৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।এই অভিযোগৰ উত্তৰ দিব নোৱাৰি ‘প্ৰতিদিন টাইম’ৰ কনক্লেভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুক্তি দিছিল যে অসমীয়া মানুহেই নিযুক্তি লাভ কৰিছে । তাত আপত্তি কৰিবলগীয়া কথা নাথাকে ।সকলো প্ৰাৰ্থীৰ বয়স পৰীক্ষা সম্ভৱপৰ নহয় ।মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰাই ওলাই পৰে যে কেৱল অসমীয়া হোৱাৰ অজুহাত দি নিযুক্তিৰ অনিয়মকো ঢাকি ধৰিবলৈ বিচাৰিছে ড: হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাছতেই ‘দ্য ক্ৰছকাৰেন্টে’ তথ্য জনাৰ অধিকাৰ আইনৰ জড়িয়তে চলোৱা এক অনুসন্ধানত পোহৰলৈ আহিছে চাকৰি লাভৰ ক্ষেত্ৰত জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ কেতবোৰ অলৌকিক অৰ্হতাৰ তথ্য।দ্য ক্ৰছকাৰেন্টে আৰ টি আই আবেদনৰ জড়িয়তে গুৱাহাটী চিকিৎসা মাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল ২০১০ চনৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ তথ্য । এয়া অসম চৰকাৰে ঘোষনা কৰা ১ লাখ নিযুক্তিৰ পূৰ্বে হোৱা চাকৰিৰ তথ্য । এই তথ্য অনুসৰি ,২০১০ ৰ পৰা ২০২২ লৈ GMCHত ৬৭ গৰাকী ব্যক্তিয়ে চতুৰ্থ বৰ্গৰ পদত যোগদান কৰিছে । GMCHত নিযুক্তি পোৱা ৬৭ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ ৩১ গৰাকী জালুকবাৰী সমষ্টিৰ।দ্য ক্ৰছকাৰেন্টে লাভ কৰা আৰ টি আই তথ্য অনুসৰি , জি এম চি এইচৰ চতুৰ্থ বৰ্গৰ পদত ২০১০ চনত ৯ গৰাকী , ২০১১ত ২ গৰাকী , ২০১২ ত ১৭ গৰাকী ,২০১৩ ত ২ গৰাকী ২০১৯ত ২ গৰাকী আৰু ২০২২ ৰ ছেপ্তেম্বৰ পৰ্যন্ত ১ গৰাকী জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীয়ে যোগদান কৰিছে ।অৰ্থাৎ এই সময়ছোৱাত জি এম চি এইচত নিযুক্তি লাভ কৰা ৬৭ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ ৩১ গৰাকীয়েই হ’ল জালুকবাৰী সমষ্টিৰ । লক্ষ্যনীয় কথাটো হ’ল এই সময়ছোৱাত অসমৰ স্বাস্থ্যমন্ত্ৰীৰ আসনত আছিল খোদ ড: হিমন্ত বিশ্ব শৰ্মা । ইফালে , ২০১৩ চনৰ পৰাই ড: হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ মাজত সংঘাত আৰম্ভ হৈছিল । তাৰ পাছৰে জি এম চি এইচত ২০১৩ আৰু ২০১৪ চনত মাত্ৰ ৪ গৰাকী প্ৰাৰ্থীয়েহে জি এম চি এইচৰ চতুৰ্থ বৰ্গৰ পদত যোগদান কৰিছে ।একেদৰে ২০১০ ৰ পৰা ২০২২ লৈ জি এম চি এইচত ৯০ গৰাকী প্ৰাৰ্থীয়ে তৃতীয় বৰ্গৰ পদত যোগদান কৰিছে ।তৃতীয় বৰ্গৰ ৯০ গৰাকী প্ৰাৰ্থীৰ ১৮ গৰাকী জালুকবাৰী সমষ্টিৰ ।অৰ্থাৎ জি এম চি এইচত চাকৰি লাভৰ ক্ষেত্ৰত যে জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীসকল অসমৰ আন ঠাইৰ প্ৰাৰ্থীতকৈ অধিক অৰ্হতাসম্পন্ন সেয়া দ্য ক্ৰছকাৰেন্টে লাভ কৰা আৰ টি আই তথ্যৰ পৰাই উন্মোচন হয় । আনকি জালুকবাৰীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত যে বয়সৰ কোনো উৰ্ধসীমা প্ৰযোজ্য নহয় , সেয়াও মুখয়মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে স্বীকাৰ কৰিছে । অসম জাতীয় পৰিষদৰ অভিযোগ অনুসৰি , বয়সৰ উৰ্ধসীমা অতিক্ৰম কৰা জালুকবাৰী সমষ্টিৰ ৫ গৰাকী প্ৰাৰ্থীয়ে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে । অসম জাতীয় পৰিষদে ৰাজহুৱা কৰা জালুকবাৰীৰ এইসকল প্ৰাৰ্থী হ’ল –
১) জোণালী ভড়ালী দাস, বয়স ৪৮ বছৰ
লখিমপুৰ মেডিকেল কলেজত নিযুক্তি
২)নিপজ্যোতি বৈশ্য উৰফে সঞ্জীৱ বৈশ্য, ৪৬ বছৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গাড়ী চালক পদত নিযুক্তি
৩) হৰকান্ত বৈশ্য, বয়স ৫৬ বছৰ
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি
৪)চৈতেন্দ্ৰ দাস, বয়স ৫১ বছৰ
লখিমপুৰ চিকিৎসা মহাবিদ্যায়ত নিযুক্তি
৫) অজিৎ দাস, বয়স ৫৬ বছৰ
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি

এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ – অসমীয়া মানুহেই নিযুক্তি পাইছে ।ইয়াৰ পাছত অসমৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা বুলি ক’ব পৰা যাবনে ? সেয়া নিশ্চয় অসমৰ ৰাইজে বিবেচনা কৰিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.