নলত ধৰিলে নল ছিঙে,দলত ধৰিলে দল ভাঙে বিজেপিৰ !

Share This Article

৫ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী যিমানেই ব্যস্ত ,সিমানেই চিন্তিত দেশৰ সাধাৰণ নিৰ্বাচনকলৈয়ো।২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে ৯ বছৰ ৬ মাহ কেন্দ্ৰত সম্পূৰ্ণ কৰিলে বিজেপি চৰকাৰে। বিগত প্ৰায় ৭ টা বছৰ সমগ্ৰ দেশ মোডীময় হৈ আছিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব।অৱশ্যে ২০২২ বৰ্ষৰ পৰা সলনি হৈছে দেশৰ ৰাজনৈতিক ঢৌ। ২০১৮ চনৰ পৰা দেশত মুঠ ৩১বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।ইয়াৰে ১১খন ৰাজ্যত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে অথবা আন দলৰ সহযোগী হিচাপে শাসনত আছে।ইমানৰ পিছতো আগন্তুক নিৰ্বাচনকলৈ বিজেপি দলটো আত্মবিশ্বাসী হ’ব পৰা নাই।ইয়াৰ কাৰণ অৱশ্যে কেইবাটাও। প্ৰধানমন্ত্ৰী মোডীয়ে শাসনলৈ অহাৰ আগত বা শাসনলৈ অহাৰ পিছত দিয়া প্ৰায়বোৰ প্ৰতিশ্ৰুতিয়েই ৰক্ষা কৰাত বিফল হৈছে। তদুপৰি বিগত সময়চোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিখন ৰেলী অথবা সভাতেই বিজেপি চৰকাৰে কি কৰিলে তাৰ হিচাপ দিয়াতকৈ কংগ্ৰেছে ৬০ বছৰত কি নকৰিলে,তাৰ হিচাপ দিয়াতহে ব্যস্ত থাকিল। তাতোকৈয়ো গুৰুত্বপূৰ্ণ বিষয়টো হ’ল প্ৰায় প্ৰতিখন ৰাজ্যতেই অনুষ্ঠিত সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কিছুমান ভুৱা অভিযোগ উত্থাপন কৰি আহিছে। কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছে বজৰংবলীক তলা লগাব বুলি সাম্প্ৰদায়িক ভাষণ দি হিন্দু ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছিল। কিন্তু ৮৬% শতাংশ হিন্দু ভোটাৰ থকা ৰাজ্য কৰ্ণাটকত হিন্দু ভোটাৰক আকৰ্ষণ কৰিবলৈ বজৰংবলীৰ প্ৰসংগ উত্থাপন কৰিও ভয়ংকৰভাৱে মুখথেকেঁচা খাইছিল বিজেপিয়ে। ২২৪ খন আসনৰ মাত্ৰ ৬৬ খনত জয়লাভ কৰিছিল বিজেপিয়ে। কৰ্ণাটকৰ নিৰ্টাচনৰ পিছতেই বিজেপিৰ একে মতাদৰ্শৰ সংগঠন RSS এ ইয়াৰ অৰ্গেনাইজাৰ নামৰ মুখপত্ৰখনৰ জৰিয়তে এখন মুখ লৈ বা এজন মানুহক বিশেষভাৱে লৈ ভোট নিবিচাৰিবলৈ সকীয়াই দিছিল বিজেপিক। কিন্তু RSS ৰ সেই সকীয়নিকো আওকাণ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। ভূপাল আৰু ছত্তীশগড়ত অংশ লোৱা নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে মোডী মানেই গেৰাণ্টী বুলি উল্লেখ কৰিছিল। ইয়াৰ কাৰণ আছিল প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া কাকোৱেই বিশ্বাসত ল’ব নোৱাৰা হৈছে। কাৰণ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান দুৰ্বলতা হ’ল তেওঁ কাকো বিশ্বাস নকৰে। অভিজ্ঞতাসম্পন্ন ব্যক্তিক মোডীয়ে সদায় গুৰুত্বহীন কৰি আহিছে। সেয়ে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান,ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াক অৱহেলা কৰাৰ দৰেই অৱহেলা কৰি আহিছে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ৰমন সিঙক৷কাকো বিশ্বাসত ল’ব নোৱাৰা প্ৰধানমন্ত্ৰী মোডীয়ে কেবল মুখ্যমন্ত্ৰী হিচাপেই দায়িত্ব পালন কৰা ব্যক্তিকেই নহয়,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতী,শিৱৰাজ সিং চৌহান তথা বসুন্ধৰা ৰাজেৰ দৰে ব্যক্তিক অৱজ্ঞা কৰি আহিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ছত্তীশগড়,মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু শাসক দল বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছিল। ইয়াতেই শংকিত হৈ পৰিছিল বিজেপি। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগত পুলৱামা কাণ্ড সংঘটিত নোহোৱা হ’লে সেই নিৰ্বাচনত বিজেপি পৰাভূত হোৱাটো নিশ্চিত আছিল। পুলৱামা কাণ্ডই দেশত পুনৰ এক আৱেগৰ সৃষ্টি কৰিলে আৰু সেই আৱেগৰ সুবিধা লৈয়ে পুনৰবাৰ ক্ষমতালৈ আহিল বিজেপি।অৱশ্যে এই পুলৱামা কাণ্ডত ৰহস্যৰ গোন্ধ পাইছিল জম্মু কাশ্মীৰৰ তেতিয়াৰ ৰাজ্যপাল সত্যপাল মালিকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.